Posts

Showing posts from August, 2019

Assamese Essay (অসমীয়া ৰচনা) On Dr. A. P. J. Abdul kalam|| Assamese Medium

Image
Assamese Essay On Dr. A. P. J. Abdul kalam|| Assamese Medium   Dr. A. P. J. ABDUL KALAM Essay In Assamese   অসমীয়া ৰচনা ড ° এ . পি . জে . আব্দুল কালাম ড ° এ . পি . জে . আব্দুল কালাম আৰম্ভণি :   “ তুমি মােৰ আটাইতকৈ প্রিয় ছাত্র। মােৰ দৃঢ় বিশ্বাস , তােমাৰ কঠোৰ পৰিশ্ৰমে ভৱিষ্যতে আমাৰ শিক্ষকসকলৰ নাম উজ্জ্বল কৰিব। ”– ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি ড ° এ . পি . জে . আব্দুল কালামক তেওঁৰ কলেজীয়া জীৱনতে তেওঁৰ এজন শিক্ষকে এনেদৰে কৈছিল। তেওঁৰ সেই মন্তব্য যে কিমান সঁচা আছিল , তাক দোহৰাৰ কোনাে প্রয়ােজন নাই। আজি তেওঁৰ কৰ্ম আৰু সাধনাই সঁচাকৈয়ে তেওঁৰ শিক্ষকসকলৰ নাম গােটেই বিশ্বতে উজলাই তুলিছে ।   জন্ম আৰু বংশ পৰিচয়: ‘ মিছাইল মানৱ ' হিচাপে খ্যাত ড ° আব্দুল কালামৰ ১৯৩১ চনৰ ১৫ অক্টোবৰৰ দিনা দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম নামৰ এখন সৰু দ্বীপ নগৰীত জন্ম হয়। এটা অল্প - শিক্ষিত পৰিয়ালত জন্ম গ্রহণ কৰা কর্মযােগী ড ° কালামৰ সম্পূর্ণ নামঃ আভূল পাকিৰ বংশ পৰিচয় জয়নুলআবেদিন আব্দুল কালাম। ...