Posts

Showing posts from August, 2020

Assamese poem Hiyar Batori By Amulya Barua Assamese Medium

Image
Assamese Poem Hiyar Batori Written By Amulya Barua    Hiyar Batori Hiyar Batori Assamese poem by Amulya Barua অসমীয়া কবিতা    হিয়াৰ বাতৰি   কবি অমূল্য বৰুৱা   Hiyar Batori Poem In Assamese by Amulya Barua   হিয়াৰ বাতৰি     কোন শৰতৰ সুধাকৰ আহি   জোনালী যামিনী সােণালী কৰি   আকুল প্ৰাণৰ চেতনা হৰিলে   মােহন বাঁহীৰ মৃদুল সুৰে   কোন অতীতৰ বাতৰি দিলে ?    নিছিগা বীণাৰ ছিগি গ ' ল তাঁৰ   সুৰৰ কঁপনি হ ’ ল আজি সাৰ   কিনাে বিৰহত চাটি ফুটি কৈ     দুগালে দুচকু চকুলাে বই   কিহৰ বেদনা বুকুত সামৰি   মৰম বিচাৰি বিলালোঁ বাতৰি   সৌ আকাশ কলীয়া মেঘত   গজি উঠিল বলিয়া বজ্র   কোমল তানৰ সমল হৰিলে   চকা মকা হায় বিজুলী লতাই   কোন অতীতৰ বাতৰি দিলে ?    এনেকুৱা ক ’ ত মােহন দিনত   ৰচিলোঁ সপােন মিলন সুখত     গোঁজৰণি হ ’ ল বলিয়া দুৱৰী   বসুধা কঁপাই জনা...

DevaDakhi-Atulchandra Hazarika || Assamese Poem || Assamese Poem

Image
Assamese Poem Devadakhi Written By Atulchandra Hazarika || Assamese Medium    Devadakhi Assamese poem by Atulchandra Hazarika অসমীয়া কবিতা    দেৱদাসী কবি অতুলচন্দ্ৰ হাজৰিকা   Devadakhi Poem In Assamese by Atulchandra Hazarika   দেৱদাসী ব্যৰ্থ - ভৰা জীৱনৰ পুঞ্জীভূত বেদনা বিপুল নিবেদিছোঁ চৰণত , এই মোৰ চৰণ আকুল | যদিও জীৱন ব্যৰ্থ , তথাপিতো তুমি স্বামী মোৰ বুজা নাই একো অৰ্থ , হিয়া মোৰ বিষাদেৰে পূৰ | নাচোনৰ ছেৱে ছেৱে , সঙ্গীতৰ প্ৰতি লহৰত একোটি মাথোন সুৰ বাজি উঠে হৃদয় - বীণত | ভাষা নাই বুজাবৰ অশ্ৰুময় কৰুণ কাহিনী , হে দেৱতা , হে পাষাণ শুণা শত শোকৰ ৰাগিনী | নহওঁ পৱিত্ৰ মই , দাসী মই , সেৱকী তোমাৰ , তাতকৈ বেছি জানো পাব পাৰো কিবা আধিকাৰ ? জগতৰ স্বামী তুমি , মোৰ স্বামী হবা সেই বুলি , দোষ মোৰ কপালৰ , আছে বহু কলঙ্কৰ মলি | পবিত্ৰ অন্তৰলৈ নোৱাৰিলো সেৱিব চৰণ , জানা তুমি কোন দোষী , মোৰ দোষ – সি বাবে পতন | ভুলৰ হুলেৰে হনা কলূষিত গোতেই জীৱন , নিতউ সন্ধিয়া বেলা হয় তাৰে...