DevaDakhi-Atulchandra Hazarika || Assamese Poem || Assamese Poem
Devadakhi Assamese poem by Atulchandra Hazarika
অসমীয়া কবিতা দেৱদাসী কবি অতুলচন্দ্ৰ হাজৰিকা
Devadakhi Poem In Assamese by Atulchandra Hazarika
দেৱদাসী
ব্যৰ্থ-ভৰা জীৱনৰ পুঞ্জীভূতবেদনা বিপুল
নিবেদিছোঁ চৰণত, এই মোৰচৰণ আকুল |
যদিও জীৱন ব্যৰ্থ, তথাপিতোতুমি স্বামী মোৰ
বুজা নাই একো অৰ্থ, হিয়া মোৰ বিষাদেৰে পূৰ|
নাচোনৰ ছেৱে ছেৱে, সঙ্গীতৰপ্ৰতি লহৰত
একোটি মাথোন সুৰ বাজিউঠে হৃদয়-বীণত |
ভাষা নাই বুজাবৰ অশ্ৰুময়কৰুণ কাহিনী,
হে দেৱতা, হে পাষাণশুণা শত শোকৰ ৰাগিনী|
নহওঁ পৱিত্ৰ মই, দাসীমই, সেৱকী তোমাৰ,
তাতকৈ বেছি জানো পাবপাৰো কিবা আধিকাৰ?
জগতৰ স্বামী তুমি, মোৰস্বামী হবা সেই বুলি,
দোষ মোৰ কপালৰ, আছেবহু কলঙ্কৰ মলি |
পবিত্ৰ অন্তৰলৈ নোৱাৰিলো সেৱিব চৰণ,
জানা তুমি কোন দোষী, মোৰ দোষ – সি বাবেপতন |
ভুলৰ হুলেৰে হনা কলূষিতগোতেই জীৱন,
নিতউ সন্ধিয়া বেলা হয় তাৰেঅৰ্ঘ্য বিৰচন |
আৰতিৰ ডবা-কাঁহ, শঙ্খঘন্টা যিমানে বাজিব,
মোৰ ই বেদনা ধ্বনিতাতকৈ দুগুনে চৰিব|
তোমাৰ পুজাৰ ফুল, ভোমোৰাইমউ চুহি খোৱা,
নিচেই আজলী ফুল, তাকেভাবি তুমি লোৱা|
সেই দৰে হে নিঠুৰ, লবা তুমি মোক নিঘিণায়,
মিলি যাম তোমাতেই, পাপজন্ম নলওঁ দুনাই |
সেয়ে হলে দুখ নাই, ব্যাথা আৰু নেথাকে বেদনা,
নটী মই, নাচি নাচিপাষানৰ লভিম কৰুণা|
অবিচাৰ জগতৰ – নকৰিবা তুমিঅবিচাৰ;
লবা যেন নিঘিণায় হৃদয়ৰষোড়োষোপচাৰ |
লবই লাগিব তুমি মোৰএই ভক্তি ভৰা ফুল;
জীৱনৰ যৌৱনৰ ব্যথৰ্তাৰ তুমিয়েইমূল |
- অতুলচন্দ্ৰ হাজৰিকা
Assamese Poems By Atulchandra Hazarika
Comments
Post a Comment