অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs
অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence using Assamese proverbs
আজি আমি অসমীয়া খণ্ডবাক্য আৰু অসমীয়া জতুৱা ঠাচৰে বাক্য ৰচনা কৰা assamesemedium.in ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ আগত আগবঢ়ালো যাতে আপোনা লোকৰ সহায় হয় ।অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচৰ অৰ্থ আৰু জতুৱা ঠাচৰ দ্বাৰা বাক্য ৰচনা অসমীয়া বাক্য ৰচনা ।
অসমীয়া খণ্ডবাক্য, অসমীয়া জতুৱা ঠাচ সমূহৰ অৰ্থ আৰু বাক্য ৰচনা কৰা সমূহ ক্ৰমান্বয়ে "অ" পৰা "ঔ" লৈ আৰু "ক" পৰা "য়" লৈ দিয়া হৈছে । যাতে আপোনালোকৰ পঢ়াত সহায় হয়।ধন্যবাদ 😘❤️❤️
অসমীয়া বাক্য ৰচনা কৰা |
বাক্য ৰচনা কৰা |
"অ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
অজৰ-অমৰ ( বুঢ়া নোহোৱাআৰু নমৰা, অবিস্মৰণীয় ): সুবিশালমোলাই কাঠনি নিজ হাতেগঢ়ি অৰণ্য মানৱ যাদৱপায়েঙ অজৰ-অমৰ হৈৰ’ব ৷
অজীন পাতকী ( জাক জীণ যাব নোৱৰাজন,দুষ্ট,মিলিব নোৱাৰা):অজীণ-পাতকী লোকেসদায় শান্তিৰ নিজনি পানী ঘোলাকৰি আনকতো দুখ দিয়েইনিজেও শান্তি নাপায় ৷
অজীন পাতকী ( জাক জীণ যাব নোৱৰাজন,দুষ্ট,মিলিব নোৱাৰা): অজীন পাতকী লোকে য'তে ত'তে অঘটন ঘটাই ফুৰে।
অজীন পাতকী ( জাক জীণ যাব নোৱৰাজন,দুষ্ট,মিলিব নোৱাৰা):অজীনপাতকী বদনে মান আনিঅসম ধ্বংস কৰিছিল ।
অচিন কাঠৰ থোৰাকোনলগা ( অচিন মানুহক আস্থাতনলবা ): বুঢ়ামেথাই এনেয়ে নকয় যেঅচিন কাঠৰ থোৰোকো নলগাবা, এতিয়া সেই দুদিনৰ চিনাকিল’ৰাটোক গাড়ীৰ ছাবিটোদি কি পালা?
অধিক মাছত বগলীকণা (অধিক বিকল্পৰ বৰ্তমানতসিদ্ধান্ত ল’ব নোৱৰা অৱস্থা) : প্ৰশ্ন কাকতত গোটেইকেইটা বিকল্পীয়প্ৰশ্ন উজু দেখা পাইতাৰ অধিক মাছত বগলীকণা হোৱা যেন অৱস্থাহ’ল- অ’ৰকথা ত’ত লাগি উত্তৰটোশেহত মনঃপুত নহ’ল৷
অতি ভক্তি চোৰৰলক্ষণ ( দুষ্টই ভালৰি বোলাবলৈভালৰ অভিনয় কৰা ) : বিড়ালীয়েনিগনি তোলাৰ কথা কোৱাদিঅচিনাকি মানুহটোৱে তোমাৰ মোনাৰ ৰখীয়াহ’ব বুলি কোৱাযেনহে পাইছোঁ, চাবি দেই - অতিভক্তি চোৰৰ লক্ষণ ৷
অলপতে কলপ কাট(কথমপি ৰক্ষা পৰ্ ): হাতেলোটে ধৰাপৰা জেপ-লুৰুকাটোকপালোৱানজনে খকৰামুকুটি এটা দিছিলেই আৰু, কাষেৰে যোৱা চলন্ত বাচখনতউঠি সি অলপতে কলপকাটিলে ৷
অলপ পানীৰ মাছ( কম বুদ্ধিৰ ক্ষমতাহীন মানুহ) : অসমত আজি এখনজনপ্ৰিয় চৰকাৰ থাকোঁতেও খিলঞ্জীয়াৰাইজ অলপ পানীৰ মাছৰদৰে হৈছে কিয় সেইয়াবৰ চিন্তাজনক কথা ৷
অমাতৰ মাত ( শুৱলামাতকেঁচুৱাবা সচৰাচৰ কথা নোকোৱাৰমৰমলগা মাত) : শিশুৰ কলকলনিআৰু তাতে পখীৰ কাকলি! এনেনো বেথাপমা অমাতৰ মাত, মাতনহয় যেন মৌহে বৰষিছে৷
অমাতৰ মাত ( শুৱলামাতকেঁচুৱা বা সচৰাচৰ কথা নোকোৱাৰ মৰমলগা মাত): অমাতৰ মাত আৰু অকালৰ ভাত কোনেও পাহৰিব নোৱাৰে।
অকাল-কুষ্মাণ্ড ( অমংগলীয়াবস্তু) : কি কৰিবি অ’সখা, ৰোগে ব্যাধিয়ে দুৰ্কপালেদুৰ্যোগে অকাল-কুষ্মাণ্ড সাজিলে, কোনেও ওভতিয়েই নাচায়!
অকাল-পক্ব ( সময়নৌ হওঁতে পকা, পৰিস্থিতিয়েকম বয়সতে অভিজ্ঞ কৰা): কৈশোৰ কালতেই সশস্ত্ৰ বিপ্লৱৰআখৰালৈ যোৱা অকাল-পক্বহঁতকমূলসুঁতিলৈ আনিবলৈ ৰাজনীতিজ্ঞ সকলৰসাধনা আৰু অহোপুৰুষাৰ্থৰ প্ৰয়োজনহ’ব ৷
অকাল-বোধন ( দেৱ-দেৱীক পূজাৰ বাবেঅকালতে কৰা আহ্বান): ৰাৱণৰদৰ্প চূৰ্ণ কৰি জানকীকউদ্ধাৰ কৰিবলৈ অকাল বোধনেৰেশাৰদীয় দুৰ্গা পূজন কৰিছিলশ্ৰীৰামচন্দ্ৰই ৷
অল্পবিদ্যা ভয়ংকৰী(অলপীয়া জ্ঞানবিপজ্জনক): খুঁটি-নাটি মাৰিসকলো শিকি ল প্ৰশিক্ষণকালতে, নহ’লে পিচত আকৌনিজেও মৰিবি, আনকো মাৰিবি; মনত ৰাখিবি - অল্পবিদ্যা ভয়ংকৰী ৷
অথাই-সাগৰ ( অথাউনিবা বৰ দ সাগৰ, ঘোৰ সংকট,ডাঙৰ বিপদ) : গৃহাভিমুখী প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে এই কৰ’না-সংকট আৰুসৰ্বাত্মক তলাবন্ধ অথাই সাগৰ যেনহ’ল ৷
অথাই সাগৰ (অথাউনি বা বৰ দ সাগৰ, ঘোৰ সংকট,ডাঙৰ বিপদ): ডাঙৰ ল'ৰাটোৰ মৃত্যু হােৱাত ঘৰখন অথই সাগৰত পৰিল।
অথাই সাগৰ (অথাউনি বা বৰ দ সাগৰ, ঘোৰ সংকট,ডাঙৰ বিপদ):লকডাউনৰ ফলত কোম্পানীটো বন্ধ হৈ যোৱাত মানুহ জনৰ চাকৰিটো গ’ল, ফলত মানুহ জন অথাই সাগৰত পৰিল।
অলৰ -অচৰ ( অপৰিবৰ্ত্তনীয়, দৃঢ়) : এখন বাৰেবৰণীয়া দেশতশাসক হ’লা বুলিয়েই তুমিঅকলে লোৱা সিদ্ধান্ত অলৰ-অচৰ বুলি ভাবিলেনচলিব ৷
অপাৰ সমুদ্ৰ ( শেষনোহোৱা,মহা বিপদ) : অপাৰ সমুদ্ৰ এইজ্ঞান-বিজ্ঞানৰ জগত; তাৰ এচলুমানলৈ কি নলৈয়ে আমাৰঅপাৰ গৰ্ব!
অপাৰ সমুদ্র (শেষ নোহোৱা,মহা বিপদ) : ভগৱানে মােক এই অপাৰ সমুদ্ৰত পেলালে।
অলৌতলৌ ( ইফালে সিফালে অপ্ৰয়োজনত) : এতিয়া অলৌ তলৌকৈ ঘূৰিফুৰ আৰু পৰীক্ষাৰ ওচৰতমূৰ অফলিয়ালে পৰিবনে পঢ়াৰ ওৰ?
অনাই বনাই ( অবাবতযেনি তেনি): বনৰীয়া চৰাইবোৰেবনত অনাই বনাই ফুৰাৰদৰে ফুৰ যে ভৱিষ্যতেকি কৰিবি মনত কিবাপাঙিছনে?
অদহুৱে বদহুৱে ( অবাবতযেনি তেনি): কাম বিচাৰিঅদহুৱে বদহুৱে ফুৰিব নালাগে, ঘৰৰ ছন পৰা মাটিকেইডৰাকেচহাচোন ৷
অণ্ঠ-কণ্ঠ ( ডিঙিবা গল , মাত ): মৰুভূমিৰমাজত পিয়াহত অণ্ঠ-কণ্ঠশুকাই গৈছিল আৰু আৰুমৰীচিকাকে মৰূদ্যান বুলি ভাবি আমিসেইপিনে গৈ আছিলোঁ ৷
অলপ ধতুৱা ( ভয়াতুৰ, সাহপিত নোহোৱা ): বাঘজানৰ সংহাৰী অগ্নিকাণ্ডত অলপধতুৱাৰহে নালাগে খামিডাঠ বুকুৰমানুহৰে প্ৰাণ উৰি যায়যেন লাগিছিল ৷
অহুকাণে-পহুকাণে (ঘুনুক-ঘানাককৈ শুনা): অহুকাণে-পহুকাণে শুনা কথাক বিশ্বাস কৰিব নালেগে ।
অসমীয়া বাক্য ৰচনা কৰা |
"আ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
আঁ কৰ্ ( মুখমেল ): মাটিখোৱা কানায়ে আঁ কৰোঁতেইতাতে যশোদাই ব্ৰহ্মাণ্ডৰ লগতেনিজকো দেখা পালে ৷
আভুৱাভাৰ (ঠগা): তাৰ আভুৱাভৰা কথাৰ আৰু মইপতীয়ন নাযাওঁ ।
আথে-বেথে (অতি আদৰকৰি,অতি সাদৰৰ) : ৰিমাই কেঁচুৱাটোক আথে-বেথে তুলি লৈছিল।
*আঁঠু ল (সম্মানদেখুৱাই আঁঠু কাঢ়ি বহ্, সেৱা কৰ,পৰাস্ত হৈতেনে কৰ্): আমাৰ ন্যায়আন্দোলনৰ দমনকাৰীৰ ওচৰত আমি আঁঠুল’ম - সেয়া সপোনতোনাভাবিব ৷
*আঠুঁ ল(সম্মান দেখুৱাই আঁঠু কাঢ়ি বহ্, সেৱা কৰ,পৰাস্ত হৈতেনে কৰ্): নিজৰ দোষস্বীকাৰ কৰি ৰাইজৰ ওচৰতআঁঠু ল'লে ক্ষমাপাব পাৰি।
আকাশীসৰগ ভাগি পৰ (মনতঅতি অাঘাত পা) : অতিঅন্তৰংগ বন্ধুজনৰ মৃত্যুৰ বতৰাত তাৰ মূৰতআকাশী সৰগ ভাগি পৰাযেন পালে।
আকাশত চাং পতা(অলীক কল্পনাওফাইদাং মৰা, অসার্থক কথাকোৱা, অস্বাভাৱিক কল্পনা কৰা,অসম্ভৱ কথা): নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰায় সকলোপ্ৰত্যাশীয়ে আকাশত চাং পতাকথাৰে প্ৰতিশ্ৰুতি দিয়ে ৷
আকাশত চাং পতা (অলীক কল্পনাওফাইদাং মৰা, অসার্থক কথা কোৱা, অস্বাভাৱিক কল্পনা কৰা,অসম্ভৱ কথা ): ৰঘুনাথ আকাশত চাংপতা মানুহ।
আকাশত চাং পতা (অলীক কল্পনাওফাইদাং মৰা, অসার্থক কথা কোৱা, অস্বাভাৱিক কল্পনা কৰা,অসম্ভৱ কথা ): আজিকালিআকাশত চাংপতা কথা কৈআনক ভুলাব নােৱাৰি।
আকাশত চাং পতা (অলীক কল্পনাওফাইদাং মৰা, অসার্থক কথা কোৱা, অস্বাভাৱিক কল্পনা কৰা,অসম্ভৱ কথা ): আকাশত চাং পাতি ফুৰামানুহে জীৱনত উন্নতি কৰিবনোৱাৰে
আকাশত চাং পতা (অলীক কল্পনাওফাইদাং মৰা, অসার্থক কথা কোৱা, অস্বাভাৱিক কল্পনা কৰা,অসম্ভৱ কথা ): দুহেজাৰটকীয়া চাকৰিৰে দুমহলীয়া ঘৰ সাজিব বুলি ভবাটো তাৰ কাৰণে আকাশত চাং পতা কথাহে ।
আঁহ ফলা ( অমিলভাব সৃষ্টি কৰা) : আমাৰসমাজখনৰ এচামৰ আঁহ ফলাকথাই নতুন চামক সততেহতোদ্যম কৰে৷
আকাৰে ইংগিতে ( ভাবভংগীৰে ): টিমক বা ফুটমনিয়াৰল’ৰাই দঢ়াই দঢ়াইবুজাবৰ সকামেই নাই, আকাৰে-ইংগিতে বুজালেই বহুত৷
আকালৰ ভাত (অতি অভাৱত পােৱা সহায়, মহা বিপদৰ সহায়, বিপদতপোৱা যথাযোগ্য সাহায্য ) : আপদত মাত, আকালৰভাত এই কথাক মিত্ৰইকামেৰে দেখুৱাই সুহৃদ প্ৰতীত হয়৷
আকালৰভাত(অতি অভাৱত পােৱা সহায়, মহা বিপদৰ সহায়, বিপদত পোৱা যথাযোগ্য সাহায্য ) : ইমান অভাৱৰ মাজতে মানুহজনেদিয়া পইচাখিনি সামান্য হলেও অকালৰ ভাতৰদৰে হৈছে।
আকালৰ ভাত(অতি অভাৱত পােৱা সহায়, মহা বিপদৰ সহায়, বিপদত পোৱা যথাযোগ্য সাহায্য ) :আকালৰভাত বিপদৰ মাত কোনােৱেপাহৰিব নােৱাৰে।
আশাশুধীয়া(অকপটীয়া, অকপট, উদাৰচিতীয়া) : মহাত্মা গান্ধীৰ আশাশুধীয়া চেষ্টাই ভাৰতৰ স্বাধীনতা আনিলে।
আশাশুধীয়া (অকপটীয়া, অকপট, উদাৰচিতীয়া) : আমাৰ সকলোৰেআশাশুধীয়া যত্নত আমি আমাৰলক্ষ্যত হেলাৰঙে উপনীত হ’মেই৷
আওমৰণে মৰা ( অস্বাভাৱিকমৃত্যুক বৰণ কৰা): জাকফুৰা গোনা ম’হটোৰশিঙত ধৰি আওমৰণে মৰিবলৈওলাইছ কিয় অ’ম’হ-গুৱাল?
আচলৰ ধন,(অতি মৰমৰ) : আইতাকৰ বাবে নাতিনী আঁচলৰধন।
আচলৰ ধন,(অতি মৰমৰ) : আচঁলৰ ধন বুলিমৰমৰ নাতিয়েকক লাই দি দিককাকেই তাৰ স্বভাৱটো নষ্টকৰিলে ।
আলাসৰ লাড়ু ( আদৰুৱা, অতিপাত মৰমৰ ,অতি মৰমৰ) : ঘৰৰএটীয়া ল’ৰা হ’লবুলিয়েই তাক আলাসৰ লাড়ুকৰি নেপেলাবি, পিচত গৈ সিএলাইবাদু হ’ব ৷
আলাসৰলাড়ু (আদৰুৱা, অতিপাত মৰমৰ ,অতি মৰমৰ) : ছােৱালীজনীমাক-বাপেকৰ আলাসৰ লাড়ু।
আলাসৰ লাড়ু (আদৰুৱা, অতিপাত মৰমৰ ,অতি মৰমৰ): চাৰিজনী ছোৱালীৰ পিছত ল’ৰাটি হোৱাত সকলোৱে তাক আলাসৰ লাডু যেন জ্ঞান কৰে।
আঁঠুৱা তলৰ মহ( কৰায়ত্ত কৰিব পৰা অৱস্থানতথকা শত্ৰু বা বিপদ,অধীন লোক) : হেৰৌ সি আমাক ঠগিক’লৈ পলাই সাৰে, সি আঁঠুৱা তলৰ মহহে, এদিনটো ধৰা পৰিবই ৷
আঁঠুৱা তলৰ মহ ( কৰায়ত্ত কৰিব পৰা অৱস্থানত থকা শত্ৰু বা বিপদ,অধীন লোক): কাম নকৰোঁ বুলি বৰকৈ ফট্ফটালে কি হ’ব, সি মহাজনৰ আঁঠুৱা তলৰ মহহে ।
আপোন-পাহৰা ( মুগ্ধহোৱা, আত্মহাৰা হোৱা) : ৰমন্যাস যুগৰ কবিসকলে সুন্দৰৰসন্ধানত আপোন-পাহৰা হৈবিচৰণ কৰিছিল ৷
আটোম -টোকাৰী ( যতনেৰেৰখা ,পৰিপাটি) : ঘৰখন সৰু হ’ল - কিনো হ’ল? কেনে আটোমটোকাৰীকৈৰাখিছা ; সেয়েহে কয় -আপডালৰবস্তু কিংকৰৰ ধন !
আগৰণুৱা(সকলাে কামতে আগবঢ়া) : লােকপ্রিয়বৰদলৈ সকলাে কামতে আগৰণুৱাআছিল।
আখৰে আখৰে ( সম্পূৰ্ণভাৱে): অম্বিকাগিৰী ৰায়চৌধুৰীৰ কথা আখৰে আখৰেফলিয়াইছে - অসমীয়াই মন কৰাতহে মংগল৷
আলৈ আথানি( অযত্নতপেলাই থোৱা): মৰাণ বুঢ়াইলুইতৰ বালিত এফাল পোতখাই থকা অচিনাক্ত বীৰএজনাৰ লাওখোলাটো আলৈ আথানি নকৰিশ্ৰদ্ধা কৰিবলৈহে নাতিয়েক কলীয়াক কৈছিল ৷
আউলী-বাউলী ( কাতৰঅৱস্থা) : স্বামীৰ অপমৃত্যুৰ বাতৰি পাই কোলাতকেচুৱাটো লৈয়েই তিৰোতাগৰাকী আউলী-বাউলী হৈ দৌৰাৰছবিখনে অন্তৰাত্মা কঁপাই তুলিছে ৷
আমন-জিমন ( মনমাৰি, বিষাদ বিমন) : জীৱনসমস্যাৰ সুঁতি, আমন-জিমনকৈপাৰত বহি থকাতক বাউটি যোৱাতকৈ সাঁতুৰি নাদুৰি সমাধান বিচাৰোঁআহ ,সখি ৷
আওকাণকৰ (অমনােযােগী হ) : পঢ়া-শুনাৰপ্ৰতি কেতিয়াও আওকাণ কৰিব নালাগে।
আজল-মঠালি ( জানিওনজনাৰ ভাও ধৰা ): গদামহৰি বৰ আজলমঠ, কথাবোৰশুনিও নুশুনে ৷ বনুৱাহঁতৰহৰতাল তীব্ৰ হোৱাৰ কাৰণটোৱেইহ’ল মহৰিৰ আজল-মঠালি ৷
আখাত চেঁচা পানীপেলা ( নিৰাশ কৰ) : প্ৰাকৃতিকদুৰ্যোগ আৰু মহামাৰীৰ প্ৰকোপেনতুন চাম উদ্যোগী ব্যৱসায়ীৰআখাত চেঁচাপানী পেলাইছে ৷
আকাশ ( আকাশী সৰগ) ভাগি পৰ ( সৰ্বাত্মক বিপদৰহেঁচাত বিবুধিত পৰা ) : একমাত্ৰ সন্তানটোক নৰপিশাচহঁতে অকাৰণত মাৰি পেলোৱাতমাক-পিতাকৰ মূৰত আকাশভাগি পৰিল ৷
আকাশ পাতাল (বিস্তৰপ্ৰভেদ): দক্ষিণ কোৰিয়া আৰুউত্তৰ কোৰিয়াৰ জনগণৰ অৱস্থাত আকাশপাতালৰ অন্তৰ ৷
আঁঠুত সোণ বিচাৰ (কাম নকৰাকৈ ধন-সম্পদৰ আকাংক্ষা কৰা)
আঁঠু লোৱা --- (সন্মান দেখুৱাবলৈ আঁঠু কাঢ়ি সেৱা কৰা)
আকোৰ গোঁজালি --- (একেটা কথাত লাগি থকা)
আলৈ-আথানি --- নিৰাশ্ৰয় বা নি:সহায় ৷
আমঠু ক’লা পৰা --- মনত বৰ আঘাত পোৱা ৷
আকাশী সৰগ ভাগি পৰা --- ডাঙৰ বিপদ হোৱা ৷
আলিবাটত চালি ধৰা --- ধুন মাৰি ফুৰা ৷
আজল মঠ --- জানিও নজনা ভাও ধৰা ৷
আভুৱা ভৰা --- ঠগ, প্ৰবঞ্চনা কৰা
বাক্য ৰচনা কৰা |
"উ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
উরুলিপুঙা (থান থিত নোহোৱা):সি গোটেই জীৱনটো উরুলিপুঙা হৈয়ে কটালে ।
উলুৰ লগত বগৰী পোৰা(অসৎ ব্যক্তিৰ লগতে সৎজনৰো অনিষ্টহোৱা): ঐ ৰহিমৰ সংগনল’বি, দিন বেয়াথাকিলে ভাল কাম কৰিওউলুৰ লগত বগৰী পোৰাযাবি ।
উলহৰ মাদলি (আনন্দত আত্মহাৰাহোৱা): বহুত বছৰৰ পিছতপুৰণি বন্ধুক লগ পাইদুয়োজনেই উলহৰ মাদলি হৈপৰিল।
উবুৰি খাই ধৰা (অতি যত্নেৰে সহায় কৰা) : শিক্ষকজনৰ বিপদৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে উবুৰি খাই ধৰিলে ৷
উভতি নচা (অতপালি কৰা) : ৰতন হলে উভতি নচাবিধৰ ল’ৰা নহয় দেই।
উভতি নচা (অতপালি কৰা) : নয়ন হ’লে উভতি নচা বিধৰ ল’ৰা নহয় দেই ৷
উপজি পুৱা (নিচেই পুৱা) : উপজি পুৱাৰে পৰা কামকৰিও কিছুমানে জীৱিকা উলিয়াব নােৱাৰে।
উধৰ পৰা মূধলৈ (আদিৰপৰা অন্তলৈ) : কামটোত উধৰ পৰামূধলৈ থাকিও সি একোশিকিব নােৱাৰিলে।
উঠি-পৰি লাগ (অতিযত্ন কৰ) : উঠি পৰিলাগিলে অসাধ্য সাধন কৰিবপাৰি।
উঠি ৰজা (ক্ষমতাসম্পন্ন লােক) : ধনে-ধানে, বিদ্যা-বুদ্ধিয়েসি এই অঞ্চলৰ উঠিৰজা।
উলাহ পা (উদগনি পা) : আনৰ পৰা উলাহ পালেকাম কৰিবলৈ সাহস জন্মে।
উভৈনদী(অপর্যাপ্ত, উপচি) : ভাগ্য ভাল হলেমানুহৰ ধনে-ধানে উভৈনদীহৈ পৰে।
অসমীয়া বাক্য ৰচনা কৰা |
"ঊ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
ঊনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা): তাৰ পৰীক্ষাৰ ফলাফলে ঘৰখনৰ মানুহবোৰক ঊনৈশত বা বলাদি বলালে।
অসমীয়া বাক্য ৰচনা কৰা |
"এ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
এলা-পেচা (সাধাৰণ):দেখাতে মানুহজন এলা-পেচা যেনলাগিলেও বৰ গঞানী দেই।
একাদশত বৃহস্পতি (সৌভাগ্য উপস্থিত হোৱা): এফালে চৰকাৰী চাকৰি আনফালে ব্যৱসায়ত উন্নতি হৈ ৰমেনৰ একাদশত বৃহস্পতি যুগ চলিছে যেন পাওঁ ।
অসমীয়া বাক্য ৰচনা কৰা |
"ও" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
ওভত গােৰে নচা (বৰকৈদুষ্টালি কৰা, সচৰাচৰ হােৱাবা কোৱাতকৈ বিপৰীতটো কৰিবলৈ ওলােৱা) : বৰকৈবুজাই কোৱা সত্ত্বেও কথাখিনিবুজিবলৈ চেষ্টা নকৰি সিওভতগােৰেহে নাচিবলৈ ধৰিলে।
ওপৰ চকুৱা (অসাৱধান বা বেহিচাপী লোক):
অসমীয়া বাক্য ৰচনা কৰা |
"ক" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
কাণত পৰা - (অনিচ্ছাতেশুনা) : মই বাটেৰে গৈথাকোঁতে কথাটো কাণত পৰিল৷
কাণত পৰা (অনিচ্ছাতে শুনা) : মই গৈ থাকোতে কথাটো কাণত পৰিল।
কাণত পেলা (ছলকৰি শুনা) :তেওঁ কথাটো দেউতাকৰকাণত পেলাইছিল ৷
কাণত পেলা (ছল কৰি শুনা) : তেওঁ কথাটো মাকৰ কাণত পেলাইছিল।
কাণে কাণে ক(ফুচফুচাই কোৱা) : সেই গোপন কথাটোমই কাণে কাণে কৈছিলোঁ৷
কাণে কাণে ক (ফুচফুচাই কোৱা) : তাইক কথাটো মই কাণে কাণে কৈছিলোঁ।
কান সমনীয়া (সমানওখ) : ৰাম বিমলৰ কানসমনীয়া পুতেক ৷
কান সমনীয়া (সমান ওখ, কানযুৰীয়া) : সুৰেশ হৰিধনৰ কান সমনীয়া পুতেক।
কাণ বগৰা (লােকৰ মুখত শুনা) : কাণ বগৰা কথাত কোনাে বিশ্বাস নাই।
কাণ বগৰা (লোকৰমুখত শুনা) : কাণ বগৰা কথাতবিশ্বাস নাকৰিবা ৷
কঁকাল ভগা (দুৰ্বলহোৱা,ক্ষমতাহীন হোৱা ) : নগেনৰ এইবাৰ কঁকালভাগিল ৷
কঁকাল ভগা (দুর্বল হােৱা) : বানেশ্বৰৰ এইবাৰ কঁকাল ভাগিল।
কঁকাল বান্ধ (যুঁজৰবাবে সাজু হোৱা) : ভাৰতীয়সেনাই পাকিস্থানৰ আক্ৰমণত কঁকাল বান্ধিছিল ৷
কঁকাল বান্ধ (যুঁজৰ বাবে সাজু হােৱা) : ভাৰতীয় সেনাই চীনৰ আক্ৰমণত কঁকাল বান্ধিছিল।
কঁকাল বান্ধ (যুঁজৰ বাবে সাজু হােৱা) :পৰীক্ষালৈ বেছি দিন নাই, কঁকাল বান্ধিবৰ হ’ল।
কপাল ধো (আশাএৰা) : কামটো যে হ’ব তই কপালধো ৷
কপাল ফুলা (সৌভাগ্যউপস্থিত হোৱা) : বিয়াৰ পিছত তাৰকপাল ফুলিল ৷
কপাল ফুলা (সৌভাগ্যউপস্থিত হোৱা): নতুনকৈ চাকৰিটোপাই, তেখেতৰ কপাল ফুলিল।
কপাল ফুলা (সৌভাগ্য উপস্থিত হােৱা) : ইন্দ্ৰৰ কপাল ফুলিল।
কপাল ফুল (সৌভাগ্য উদয় হােৱা) : চাৰিওজন পুতেক চাকৰিত সােমােৱাত মাক- বাপেকৰ কপাল ফুলিল।
কানে কান মাৰি(কোনোমতে): তিনিবাৰৰ মূৰত সি এইবাৰকানে কান মাৰিহে পৰীক্ষাতপাছ কৰিলে ।
কঁকালত টঙালি বন্ধা(কোনো কামলৈ সাজু হোৱা): গরুহাল কিনি ৰমেনে এইবাৰখেতি কৰিবলৈ কঁকালত টঙালিবান্দিলে ।
কপাল ফুটা (দুভাগ্যউপস্থিত হোৱা): একমাত্র উপৰ্জনক্ষমডাঙৰ ল’ৰাটোৰ আকস্মিক মৃত্যুহোৱাত ঘৰখনৰে কপাল ফুটিল।
কপাল ফুটা (দুৰ্ভাগ্য উপস্থিত হোৱা) : ৰামমোহনৰ আকৌ কপাল ফুটিল ৷
কপাল ফুটা (দুর্ভাগ্য উপস্থিত হােৱা) : ৰবীন্দ্রৰ আকৌ কপাল ফুটিল।
কপাল ফুটা (দুর্ভাগ্য উপস্থিত হােৱা) : কপাল ফুটা লােকৰ আৰু ক’ত ভাল হ’ব।
কাঁহ পৰী জীনযা (সম্পূৰ্ণ নিস্তদ্ধ হোৱা): শিক্ষকজনৰ অকস্মাতউপস্থিতিত শ্ৰেণীকোঠাটো কাঁহ পৰি জীণগ’ল ।
কাণ কটা (নিলাজ): তোৰ দৰে কাণ কটাল’ৰা মই দেখানাই দেই, মাৰ খাইয়োস্বভাৱ সলনি নহ’ল
কাণ কটা (দুষ্ট) : কাণ কটা স্বভাৱৰ লােকে ভাল কথা চিন্তাই কৰিব নােৱাৰে ।
কঁকাল দঙা (সাজুহোৱা, পুনৰ শক্তি লাভ কৰা, পুনৰ টনকিয়াল হোৱা ): ঘৰখনে কঁকাল দাঙিউঠিবই নাপায়, আন এটাবিপদে আকৌ লগ দিয়েহি।
কাণ সৰালি মৰা(নুশুনাৰ ভাও ধৰা,মনে মনে কাণ পাতি শুনি থাক): তাইকথাবোৰ নাজানে বুলি ভাবিছা? সকলো কথা তাই কাণসৰালি মাৰি শুনিহে আছিল।
কাণ সৰালি মাৰ (নুশুনাৰ ভাও ধৰা,মনে মনে কাণ পাতি শুনি থাক):কথাষাৰ সি কাণ সৰালি মাৰি শুনি আছিল ।
কণাৰলাখুটি (একমাত্র সহায়): সকলোকে হেরুৱাইবুঢ়ীয়ে কণাৰ লাখুটি হেননাতিটোকে লৈয়েই জীয়াই আছে।
কণাৰ লাখুঁটি (অসহায়ৰ সহায়, নিৰাশয়ৰ আশ্ৰয়): কণাৰ লাখুঁটিস্বৰূপ একমাত্র উপৗনকাৰী পুত্রৰ মৃত্যুত বুঢ়াজনৰ কষ্টৰ সীমা নােহােৱা হ'ল।
কুন্দত কটা (অতিধুনীয়া): ছোৱালীজনী দেখাত বগা নহ’লেও গঢ়টো কুন্দতকটা ।
কুন্দত কটা (ধুনীয়া, নিপােটল) : ছােৱালীজনী ইমান ধুনীয়া যেন কুন্দত কটাহে।
কঁকালতটঙালি বান্ধ (সাজু হ) : পৰীক্ষালৈ বেছি দিন নাই, কঁকালত টঙালি বান্ধিবৰ হ'ল।
কঁকালভাং (ভীষণ ক্ষতি কৰা) : এইবাৰ বানপানীয়ে সমুদায় খেতি-বাতি মাৰিকৃষকসকলৰ বাৰুকৈয়ে কঁকাল ভাঙিলে।
কটা ঘাঁত চেঙা তেলদি (দুখতে দুখ দি) : গিৰীয়েক মৰা শােকত তিৰােতাজনীএনেয়ে ভাগি পৰিছে, তাতেমহাজনে তাইক গিৰীয়েকে অনাটকাৰ ধাৰ সাধি কটাঘাত যেন চেঙা তেলহেদিলে।
কপালৰঘাম মাটিত পেলা (কঠোৰপৰিশ্ৰম কৰা) : কপালৰ ঘামমাটিত পেলাই কৰা খেতিবানপানীয়ে মাৰি নিয়াত খেতিয়কৰউপায় নােহােৱা হ'ল।
কাঠ-চিতীয়া (নিষ্ঠুৰ, কঠোৰ হৃদয়) : কাঠ-চিতীয়া মানুহে আনৰ দুখৰকথা কেতিয়াও অনুভৱ কৰিব নােৱাৰে।
কাণ বাগৰা (লােকৰ মুখেশুনা) : কাণ বাগৰা কথাতবিশ্বাস কৰিব নালাগে
কাণ কৰ (মনােযােগেৰে শুন) : শিক্ষকৰ কথাবােৰ কাণ কৰিলেহে শিকিবপাৰি।
কাণ গধুৰ (কমকৈ শুনা) : কাণ গধুৰ মানুহক ফুচফুচাইক'লে নুশুনে।
কাণ দি (মনােযােগ দি) : ভাল কথা কাণ দিশুনিব লাগে।
কাণ সাৰ কৰ (মনােযােগদি) : ভাল কথাত কাণসাৰ কৰিলেহে শিকিব পাৰি।
কাণ সাৰ এৰ (আশাএৰ) : চাকৰি পাই চহৰতথাকিবলৈ লৈ তেওঁ ঘৰৰফালে। একেবাৰেকাণ সাৰ এৰিলে।
কাণে কাণ মাৰি (কোনােমতে, কথমপি) : পৰীক্ষাত কাণে কাণ মাৰিউত্তীর্ণ হলে ভাল কলেজতনামভৰ্তি কৰিব পৰা নাযায়।
কপাল ধাে (আশা এৰা) : সেইবােৰ সম্পত্তিৰ বাবে তই কপালধাে।
কাঠসংস্কাৰ কৰা (মৰা শখৰি দিয়া): বুঢ়া মানুহজনককাঠ সংস্কাৰ কৰা শেষ নৌহওঁতেইবৰষুণজাক আহিল।
‘ক’বুলিব নােৱাৰা (মহামূৰ্খ) : 'ক' বুলিব নােৱাৰামানুহে দেশৰ কথা কিবুজিব।
কাণ ছােৱাই থ (শুনাইথােৱা):
কাণত পৰা (অনিশ্চিতভাৱে শুনা) :
কথা চহকী (বৰকৈ যি কথা কয়):
কথা গৰকা (ভাল বেয়া যি গমি চায়):
কথা ক (ভাব প্ৰকাশ কৰ):
কথা হ (আলোচনা কৰ):
কপাল ধিওৱা (আশাৰে বাট চোৱা):
কপালৰ ঘাম মাটিত পেলোৱা (অতি পৰিশ্ৰম কৰা):
কাণ দিয়া (মনোযোগ দিয়া):
কাণ পতা (শুনিবলৈ সাজু হোৱা):
কাণ এৰা (মনোযোগ নিদিয়া):
কাণ কৰা (মনোযোগ দিয়া):
কঁকাল পৰা (বুঢ়া হোৱা, দুৰ্বল হোৱা):
কঁকাল বন্ধা (কোনো কামলৈ সাজু হোৱা, সষ্টম হোৱা):
কাণ চুই থ (আগলৈ মনত ৰখা):
কাণ চোৱাই থ (মনত ৰাখিবলৈ কোনো কথা জনাই থোৱা):
কাণত ধৰি ক (শপত খাই কোৱা):
অসমীয়া বাক্য ৰচনা কৰা |
"খ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
খাই পাত ফলা (অশলাগী মানুহ, উপকাৰীৰ উপকাৰ পাহৰা,অকৃতজ্ঞ) : ৰাতুল খাই পাতফলা বিধৰ মানুহ ৷
খাই পাত ফলা (অশলাগী মানুহ, উপকাৰীৰ উপকাৰ পাহৰা,অকৃতজ্ঞ) : খাই পাত ফলামানুহক সহায় কৰা উচিতনহয়।
খাই পাত ফলা (অশলাগীমানুহ, উপকাৰীৰ উপকাৰ পাহৰা,অকৃতজ্ঞ) : খাইপাত ফলা লােকক উপকাৰকৰি একো লাভ নাই।
খাই পাত ফলা (অশলাগী মানুহ, উপকাৰীৰ উপকাৰ পাহৰা,অকৃতজ্ঞ) : দেবেন্দ্ৰখাই পাত ফলা বিধৰমানুহ।
খাই পাত ফলা (অশলাগী মানুহ, উপকাৰীৰ উপকাৰ পাহৰা,অকৃতজ্ঞ) : সি যে কিমানখাই পাত ফলা ল’ৰা, বিপদৰ সময়তহেগম পালোঁ ।
খৰি দি (মৃতকৰ সকাৰকৰ) : মৃত লােকক খৰিদিহে পৰিয়াল শুদ্ধ হয়।
অসমীয়া বাক্য ৰচনা কৰা |
"গ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
গা কৰা (উন্নতিকৰা,উদ্গতি কৰা) : ৰামেকোনোমতে গা কৰি উঠিছে৷
গা কৰা (উন্নতি কৰা,উদগতি কৰা) : বেচেৰা লৰাটোৱে কোনােমতে গা কৰি উঠিছে।
গা গধুৰ (এলেহুৱা) : গা গধুৰ লোকৰ কেতিয়াওউন্নতি নাই ৷
গা গধুৰ (লেধা, কামধীৰ) : গা গধুৰ লােকে কামবােৰ সােনকালে কৰিব নােৱাৰে।
গা গধুৰ (এলেহুৱা) : গা গধুৰ লােকৰ কেতিয়াও উন্নতি নাই।
গা এৰা দিয়া(মূৰ পোলোকা মৰা) : সকলোকথাতে গা এৰা দিয়াউচিত নহয় ৷
গা এৰা দিয়া (সম্পৰ্ক এৰা,মনোযোগ নিদিয়া বা দায়িত্ব এৰা): তাক ডাঙৰ দায়িত্ব নিদিবা, সি প্রয়োজনীয় সময়ত গা এৰা দিয়ে ।
গা এৰা দিয়া (মূৰ পােলােকা মৰা) : সকলাে কথাতে গা এৰা দিয়া উচিত নহয়।
গা জুৰা (সন্তোষপোৱা) : তেওঁৰ কথাত গাজুৰায় ৷
গা লগাই কৰা(মন দি কৰা) : যিকামকে নকৰা কিয় সদায়গা লগাই কৰিবা ৷
গা ৰ (কোনােমতে ৰক্ষাপৰা) : এইবাৰৰ শালি-খেতিতগা ৰৈছেহে মাথােন।
গাত ল (মান্তি হােৱা) : যদুৰ হকে যাবলৈ কমলাইগাত লৈছিল।
গা ধৰা (শকত হােৱা স্বাস্থ্যৱান হ) : কেঁচুৱাটোৰ এতিয়া গা ধৰিছে।
গা লগাই কৰা (মনদি কৰা) : যি কামকৰা, গা লগাই কৰাভাল।
গাজত লগা (হিয়াত লগা, মর্মান্তিক, হৃদয় বিদাৰক) : গাজতলগা কথাই অন্তৰত বৰদুখ দিয়ে।
গাই বাই চা (কৈমেলি চা, কাকূতি-মিনতিকৰ) : হাত থকা মানুহৰওচৰত গাই বাই চালেওটকা-পইচা নিদিলে চাকৰিপােৱাৰ আশা নাই।
গাই বাই চা (কোনো কাম কৰিবলৈ যত্ন কৰা, চেষ্টা কৰি চোৱা): নিৰাশ নহৈ আকৌ এবাৰ গাই বাই চাচোন, কিজানি এইবাৰ চাকৰিটো হয়েই ।
গা এৰা দে (দায়িত্বনলৈ ৱা কাম নকৰিআঁতৰি থাক) : মিছা বন্ধুৱেবিপদৰ সময়ত সহায় নকৰিগা এৰা দি ফুৰে।
গা নৰয় (হানি বাকষ্টৰ পৰা ৰক্ষা পা) : আজিৰ দিনত পৰিশ্ৰম নকৰিলেকাৰাে গা নৰয়।
গা টঙা, গা দাং(আৰােগ্য লাভ কৰ,নৰিয়াৰ পৰা উঠা) : বহুদিন বেমাৰত ভুগি এতিয়াতেওঁ কোনাে কমে গাদাঙিছে বা গা টঙাইছে।
গা ঘেলা (এনেয়ে ধুনমাৰি ঘূৰি ফুৰা) : গাঘেলাই ফুৰিলে আজিৰ দিনতমুখ নভৰে।
গা ঘেলাই ফুৰা (কামবন নকৰি ঘূৰি ফুৰা): জীৱনৰ ত্রিশটা বছৰ গা ঘেলাই ফুৰোঁতেই গ’ল, অতি সোনকালে কিবা এটা নকৰিলে খাবি কি ?
গাত বিহ লগা (অন্তৰতআঘাত লগা): গাত বিহলগা কথা কৈ কাকোআঘাত দিব নালাগে।
গােৰ মাৰি গংগাত পেলা(অপকাৰ কৰিবলৈ খােজোতে উপকাৰহােৱা) : মদাহীজনকনগুৰ শাস্তি দিয়াত অপমানবােধ কৰি বেচেৰাই মদকেএৰি পেলালে। ৰাইজেতাক গােৰ মাৰি গংগাতহেপেলালে।
গহৰাগজা (ওপৰতে হোৱা): বৰ্তমানসমাজত গৰহা গজা নেতাৰঅভাৱ নাই ।
গাৰ নোম ডালডাল হোৱা (অতিপাত ভয়খোৱা,ভয়ত শিয়ঁৰি উঠ): অমাৱশ্যাৰ ৰাতি নিশাই হাবিখনপাৰ হওঁতে তেওঁৰ গাৰনোম ডাল ডাল হৈছিল।
গা টঙা (সুস্থহৈ উঠা): ৰহিমলাই মেলেৰিয়াৰপৰা গা টঙাই উঠিছিলহে, এইবাৰ আাকৌ নাতিয়েকটো বেমাৰতপৰিল ।
গাখীৰতেম’হৰ খুটি (মহাসুখ): পৰীক্ষাত পাছ কৰিয়েই ঘৰৰওচৰতে চাকৰিটো পাই মহেনৰ গাখীৰতেম’হৰ খুটি যেনহ’ল ।
গা দাঙি কোৱা (সাহস কৰি কোৱা):
গা ৰখা (হানি বা নষ্টৰ পৰা ৰক্ষা কৰা):
গা পাতি লোৱা (কোনো কাম কৰিবলৈ দায়িত্ব লোৱা বা মান্তি হোৱা):
গা চেবা (সন্দেহ হোৱা):
গা তোলা (দায়িত্ব বহন কৰা, মান্তি হোৱা):
গা লৰাই কৰা (মনোযোগ দি কোনো কাম কৰা):
গা নচুৱাই ফুৰা (কাম নকৰি এনেয়ে ঘূৰা-পকা কৰি ফুৰা):
গাত হাত দিয়া (মৰিওৱা বা অপদস্থ কৰা):
গা জোৰা (যথেষ্ট হোৱা, অটা):
গা সৰা (বিপদৰ পৰা ৰক্ষা পৰা , দায়িত্বৰ পৰা অব্যাহতি পোৱা):
গা ৰোৱা (কোনোমতে ৰক্ষা পৰা):
গা তোলা (পুনৰ টনকিয়াল হোৱা):
গা ভাৰী (গৰ্ভৱতী):
গা ৰাঁই জাঁই কৰা (চাটি-ফুটি কৰা বা অস্থিৰ হোৱা):
গা-ঢাকা—লুকাই ৰখা।
গাত লাগি- মন দি।
গা বন্ধ- গৰ্ভৱতী।
গিলিপমাৰ- ঢাকি ধৰ।
অসমীয়া বাক্য ৰচনা কৰা |
"ঘ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
ঘৰ পতা (বিয়াকৰা) : হেমাই যোৱা মাহতেঘৰখন পাতিছে ৷
ঘৰ পতা (বিয়া কৰা) : বদনে যােৱা মাহত ঘৰখন পাতিছে।
ঘৰ ভঙা (ঘৰনষ্ট কৰা) : ঘৰ ভঙামানুহ আমাৰ সমাজত বহুতোআছে ৷
ঘৰ ভঙা (ঘৰ নষ্ট কৰা কাৰ্য) : ঘৰ ভঙা মানুহ পৃথিৱীত বহুতাে আছে।
ঘৰ পাত (বিয়াবাৰু হ) : বয়স হ’ল, ছােৱালী চাইসােনকালে ঘৰখন পাত।
ঘৰ জোঁৱাই (চপনীয়া) : একো নাথাকিলেও ঘৰজোঁৱাই হ’বলৈ সকলােৱে ইচ্ছানকৰে।
ঘৰ খােৱা (তিৰােতাই স্বামীৰঘৰত থাকিবলৈ মন খােৱা) : প্রতিমাইএতিয়াই ঘৰ খাইছে; আজিকালিতাই শান্ত।
ঘৰ গোনা (অনবৰতেসোমাই থকা): তই ঘৰতেএনেকৈ ঘৰ গোনা হৈকিমান দিন থাকিবি? বাহিৰলৈওলাই গৈ কিবা এটানকৰ কিয় ?
ঘৰ গােনা (সদায় ঘৰত থকা, চুক ভেঁকুলী) :
অসমীয়া বাক্য ৰচনা কৰা |
"চ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
চকু গজা (বুজনহোৱা) : সৰ্বানন্দৰ চকু গজিছে; সিকিয় ঘৰখন চলাব নোৱাৰিব?
চকু গজা (বুজন হােৱা) : অতুলৰ চকু গজিছে ; সি ঘৰ চলাব নােৱাৰিব কিয়?
চকু গজা (বুজন হ, জনা হ): বিদ্যা লাভ কৰিলে মূর্খ লােকৰাে চকু গজে।
চকুত লগা (ধুনীয়াহোৱা,শুৱনি) : বাগিচাখন বেচ চকুত লগাহৈছে ৷
চকুত লগা (ধুনীয়া) : বাগিচাখন বেছ চকুত লগা হৈছে।
চকুত লগা (ধুনীয়া) : ফুলবােৰ ফুলি উঠাত ফুলনিখন চকুত লগা হৈ পৰিছে।
চকু দিয়া (নজৰৰখা) : ল’ৰা-ছোৱালীৰ ওপৰতমাক-বাপেকে সদায় চকুদিব লাগে ৷
চকু দিয়া (নজৰ ৰখাসাৱধান হোৱা) : ল'ৰা-ছােৱালীয়ে যাতে অসৎ সংগ নলয় তাৰ প্ৰতি মাক-পিতাকে চকু দিয়া উচিত।
চকু দিয়া (নজৰ ৰখা) : ল’ৰা-ছােৱালীৰ ওপৰত মাক-বাপেকে চকু দিব লাগে।
চকু চৰহা (লোকৰভাল দেখিব নোৱাৰা) : মাধৱএজন চকু চৰহা লোক৷
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা): ছোৱালীজনীৰ চকু চহৰা স্বভাৱৰ বাবেই কোনেও তাইক ভাল নাপায় ।
চকু চৰহা (আনৰ ভাল দেখিব নােৱৰা) : চকু চৰহা লােকে আনৰ ভাল হােৱা সহ্য কৰিব নােৱাৰে।
চকু চৰহা (লােকৰ ভাল দেখিব নােৱাৰা) : ধর্মকান্ত এজন চকু চৰহা লােক।
চকু মুদা (মৃত্যুহোৱা) : বাপেকে চকু মুদাৰলগে লগে ঘৰখনৰ আৰ্থিকঅৱস্থা বেয়া হৈ আহিল৷
চকু মুদা (মৃত্যু হােৱা) : বাপেক চকু মুদাৰ লগে লগে ল'ৰা-ছােৱালীহালৰ কষ্ট হ’ল।
চকু পকোৱা (খংকৰা) : এতিয়া চকু পকালেএকো লাভ নহয় ৷
চকু পকোৱা (খং কৰা) : এতিয়া চকু পকালে কি হ’ব?
চকুৰ পচাৰতে (তৎক্ষণাৎ) :চকুৰ পচাৰতে ঘটনাটি ঘটিগ’ল ৷
চকুৰ পচাৰতে (তৎক্ষণাৎ) : চকুৰ পচাৰতে চৰাইটোৰ মৃত্যু হ’ল।
চকুৰ কুটা (শত্ৰু) : ৰাকেশ মামাকৰ চকুৰ কুটাহৈ পৰিছে ৷
চকুৰ কুটা দাঁতৰশাল (পৰম শত্ৰু) :খগেনআৰু বিমলৰ চকুৰ কুটাদাঁতৰ শাল হৈ পৰিছে৷
চকুৰ কুটা (অপ্রিয়, শত্রু): ৰহিম আৰু কৰিম দুয়োজন ভাল বন্ধু যেন লাগিলেও ভিতৰী ভিতৰী সিহঁত দুটা চকুৰ কুটা দাঁতৰ শালহে ।
চকুৰ কুটা দাঁতৰ শাল (পৰম শত্রু) : প্রফুল্ল মাহীমাকৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছে।
চকুৰ কুটা দাঁতৰ শাল (শত্রু দেখিব নােৱৰা) : তেজীমলা মাহীমাকৰ চকুৰ কূটা দাঁতৰ শাল আছিল।
চকুত ধূলি দিয়া(ফাঁকি দিয়া) : মাক-দেউতাকৰ চকুতধূলি দিয়া সহজ নহয়৷
চকুত ধূলি দিয়া (ফাকি দিয়া) : মৌজাদাৰৰ চকুত ধূলি দিয়া সহজ নহয়।
চকুত পৰা (দৃষ্টিগোচৰহোৱা) : চুৰিৰ ঘটনাটো ৰাইজৰচকুত পৰিছে ৷
চকুত পৰা (দৃষ্টিগােচৰ হােৱা) : উমেশৰ চৰিত্ৰ মােৰ চকুত পৰিছে।
চকু মেলি চোৱা(অনুগ্ৰহ কৰা) : আপোনি এইবাৰমোক অলপ চকু মেলিচাব ৷
চকু মেলি চোৱা (অনুগ্ৰহ কৰা) : আপুনি এইবাৰ মােক অলপ চকু মেলি চাব।
চিলিম ছিগা (আশানোহোৱা) : ৰমেনৰ ব্যৱসায়ৰ চিলিমছিগিছে ৷
চিলিম ছিগা (আশা নােহােৱা) : প্রশান্তৰ ব্যৱসায়ৰ চিলিম ছিগিছে।
চিলিম ছিগা (আশা নাইকিয়া হ) : লােকক ঠগালে বিপদত সহায় পােৱাৰ ক্ষেত্ৰত চিলিম ছিগে।
চকু মেলি চা (সহানুভূতিদেখুওৱা): দুখীয়াৰ প্ৰতি চকু মেলিচাওঁতা লােক খুব কমেইপােৱা যায়।
চকুত ধূলি মাৰ (ফাকিদে, ঠগ কৰ) : শিৱাজীয়েপ্ৰহৰীৰ চকুত ধূলি মাৰিঔৰংজেৱৰ বন্দীশালৰ পৰা পলাই আহিছিল।
চকু মুদ (মৃত্যু হ) : ঘৰৰ মুখ্য বক্তিজনে চকুমুদিলে ঘৰৰ কিছু ধৰণীলৰে।
চকু মুদ (মৃতু্ হোৱা): দুৰ্ঘটনাৰ পিছত চিকিৎসালয় গৈ নৌপাওঁতেই অমলে বাটতে চকু মুদিলে ।
চকুৰেসৰিয়হ ফুল দেখা (কেনােউৱাদিহ নােপােৱা) : আর্থিক অনাটনে মােকএনেভাৱে জুৰুলা কৰিছে যেঘৰ-সংসাৰ চলােৱাত মইচকুৰে সৰিয়হ ফুল দেখিছোঁ।
চকুৰে সৰিয়হ ফুল দেখা (অতি মাৰ খোৱা, অতি বিপদত পৰা, কি কৰিম কি নকৰিম লগা): ৰাইজৰ মাৰত চোৰটোৱে চকুৰে সৰিয়হ ফুল দেখিলে ।
চকুৰ কুটা (শত্রু,অপ্ৰিয়) : নবীন মাহীমাকৰ চকুৰ কুটা হৈ পৰিছে।
চকু ফুৰাই চা (ওপৰেওপৰে চা) : পৰীক্ষাত উত্তৰলিখি প্রশ্নোত্তৰবােৰ পুনৰ চকু ফুৰাইচাব লাগে।
চাউল উঠা (মৃত্যু হােৱা, সম্পর্ক শেষ হােৱা) : এইসংসাৰত তাৰ চাউল উঠিল।
চুকৰ ভেকুলী (ঘৰতে সােমাই থাকিবাহিৰৰ কথা নজনা লােক) : চুকৰ ভেকুলী হৈ ঘৰতেসােমাই থাকিলে জগতৰ ফুকেপােৱা নাযায়।
চকু কপালত উঠা(আচৰিত হোৱা): অকণমানি ছোৱালিজনীৰডাঙৰ ডাঙৰ কথাবোৰ শুনিসকলোৰে চকু কপালতউঠিল ।
চকু পোৰা (লোকৰ ভাল দেখি সহিব নোৱৰা):
চকু লগা (টোপনি অহা):
চকু মুদা (মৃত্যু হোৱা):
চকু ৰোৱা (দেখিবলৈ ধুনীয়া বা আকৰ্ষণীয়):
চকু ফুৰাই চোৱা (ওপৰে ওপৰে চোৱা):
চকু মুদা কুলি (প্ৰবঞ্চক,ফাকি দিয়া ব্যক্তি):
চকুত ধুলি মৰা (ফাকি দিয়া):
চকুৰ মণি (অতি প্ৰিয় বা আদৰৰ):
চকু জুৰ পৰা (চাই সন্তোষ পোৱা):
চকু ৰখা (যত্ন কৰা, ভালদৰে মন কৰা):
চকু এৰা (আশা নকৰা, মনোযোগ দিবলৈ এৰা):
চালে-বেৰে কোবোৱা (সামঞ্জস্যহীন):
চকু দি- মন দি।
চকু ৰাখ- সাৱধান।
চাউল টুট্- জীৱিকাৰ উপায়নােহােৱা হ
চাউল মাৰ (জীৱিকাৰ উপায়নষ্ট কৰ) :
চকুৰ কুটা দাঁতৰ শাল—পৰম শত্রু।
অসমীয়া বাক্য ৰচনা কৰা |
"ছ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
ছিলিমছিগ (উপায় নাইকিয়া হোৱা):একমাত্র উপাৰ্জনক্ষম পুত্রৰ মৃত্যুত ঘৰখনৰজীয়াই থকাৰে ছিলিম ছিগিল।
অসমীয়া বাক্য ৰচনা কৰা |
"জ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
জধামূৰ্খ(মহামূৰ্খ) : অজয় এজন জধামূৰ্খল’ৰা ৷
জধামূৰ্খ (মহামূৰ্খ) : হৰিচৰণৰ নিচিনা জধামূৰ্খ কোন আছে?
জয়দেৱ কাকুতি (অতি অনুনয় বিনয়, অতি মিনতি): ল’ৰাটোৱে জয়দেৱ কাকুতিকৰিও দেউতাকক সন্মত কৰাব নোৱাৰিলে৷
জয়দেউ কাকূতি (অতি অনুনয় বিনয়, অতি মিনতি):মানুহজনে কত জয়দেউ কাকূতি কৰিলে, তথাপি তেওঁৰ অন্তৰ নগলিল।
জয়দেউ কাকূতি (অতি অনুনয় বিনয় কৰা): জয়দেউ কাকূতি কৰিও মহীৰামে টকাকেইটা মহাজনৰ পৰা উলিয়াব নোৱাৰিলে ।
জয়দেৱ কাকুতি (অতি অনুনয় বিনয়, অতি মিনতি):ললিতে জয়দেৱ কাকুতি কৰিও হলধৰক সন্মত কৰাব নােৱাৰিলে।
জলজল – পটপট (স্পষ্ট) : চুৰিকাণ্ডটোৰ সকলো কথাই এতিয়াজলজল – পটপট হৈ পৰিছে৷
জলজল-পটপট (স্পষ্ট ) : প্রমােদৰ সকলাে কার্যই জলজল- পটপট হৈ পৰিছে।
জয়ঢােলকোবা (নিজৰ যহ নিজেকৈ ফুৰা) : গুণী লােকে নিজৰজয়ঢােল কোবাই নুফুৰিলেও আনৰওচৰত আদৰ পায়।
জাকত জিলিকা : ধর্মগুৰুসকলৰ ভিতৰত শংকৰদেৱেই আটাইতকৈজাকত জিলিকা
জাত-এৰ- নিজৰ কুলপৰিত্যাগ কৰা।
অসমীয়া বাক্য ৰচনা কৰা |
"ট" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
টুপাইবুৰ মৰা (একেবাৰে মিছাকোৱা) : সাক্ষী কওঁতে ৰাতুলেটুপাই বুৰ মাৰিলে ৷
টুপাইবুৰ মাৰ (একেবাৰে মিছা কোৱা,আসৈ মাত) : অকৃতজ্ঞ লােকক সহায় কৰিলেওসহায় পােবা নাই বুলিটুপাই বুৰ মাৰে।
অসমীয়া বাক্য ৰচনা কৰা |
"ড" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
ডলাৰ বগৰী (ঘনাই ঠাই সলােৱা মানুহ ,অস্থিৰ, একে ঠাইতে থিতাপি নলগা) : জীৱনত ডলাৰ বগৰীহৈ ফুৰিলে কেতিয়াও উন্নতিকৰাব নোৱাৰিবা ৷
ডলাৰ বগৰী (ঘনাই ঠাই সলােৱা মানুহ ,অস্থিৰ, একে ঠাইতে থিতাপি নলগা): মানুহ ডলাৰ বগৰী হৈ ফুৰিলে উন্নতি কৰা টান।
ডলাৰ বগৰী (ঘনাই ঠাই সলােৱা মানুহ ,অস্থিৰ, একে ঠাইতে নথকা): ডলাৰ বগৰী হৈ ঘূৰি ফুৰিলে জীৱনত উন্নতি কৰিব নােৱাৰি।
ডলাৰ বগৰী (ঘনাই ঠাই সলােৱা মানুহ ,অস্থিৰ, একে ঠাইতে নথকা): সি ডলাৰ বগৰী হৈয়েই গোটেই জীৱনটো কটালে ।
ডিঙিৰ হাড়মাল (এৰিবনোৱাৰা) : সৰু ল’ৰাটোদেউতাকৰ ডিঙিৰ হাড়মাল হৈছে৷
ডিঙিৰহাড়মাল (এৰিব নােৱাৰা) : খােৰাল'ৰাজন বাপেকৰ ডিঙিৰহাড়মাল হৈছে।
অসমীয়া বাক্য ৰচনা কৰা |
"ঢ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
ঢৌতে খৰ মৰা (বেমেজালেৰমাজেৰে কাম কৰা) : বিকাশেঢৌতে খৰ মাৰি সিদিনাযোৰহাটৰ পৰা আহিলগৈ ৷
ঢৌতে খৰ মাৰি (আহুকালৰ মাজতে আজৰি উলিয়াই কাম কৰা): কিমাননো আৰু ঘৰৰ কাম কৰা? ঢৌতে খৰটো মাৰি আমাৰ ফালে এপাক আহিবাচোন ।
ঢৌতে খৰ দি (ব্যস্ততাৰমাজতেই সময় উলিয়াই): ঘৰৰকামত লাগি থাকিও টোতেখৰ দি বেচেৰীয়ে পৰীক্ষাটোদিলে।
ঢোলৰ লগত টেমেকা(ডাঙৰ মানুহৰ লগত ফুৰাসামান্য লোক): (ক) ঢোলৰলগত টেমেকা হৈ আৰুকিমান দিন থাকিবি? নিজাকৈকিবা এটা নকৰ কিয়?
ঢোলৰ লগত টেমেকা (ডাঙৰ মানুহৰ লগত ফুৰা সামান্য লোক): মন্ত্রীৰ পিছে পিছে ঢোলৰলগত টেমেকা হৈ ঘূৰিফুৰি সি অৱশেষত ফুটুকাৰফেন সোপাহে পালে ।
অসমীয়া বাক্য ৰচনা কৰা |
তৰা-নৰা ছিঙা (বৰকৈ বেগাই ;থৰ-কাছুটি এৰি দৌৰা, তীব্র দৌৰ মৰা,ভয়তে তত নোপোৱা) : বাঘটোদেখি বিপুলে তৰা-নৰাছিঙি দৌৰিছিল ৷
তৰা-নৰা ছিঙা (বৰকৈবেগাই ;থৰ-কাছুটি এৰিদৌৰা, তীব্র দৌৰ মৰা,ভয়তে তত নোপোৱা) : সাপটো দেখি পাৰুলে তৰা-নৰা ছিঙি দৌৰিছিল।
তলা-নলা (আঁতি-গুৰি): তলা-নলা নজনাকৈ কোনােকথাৰে মন্তব্য দিব নালাগে।
তেজক পানী কৰ (অতি পৰীশ্ৰম কৰা): ৰমেনে তেজক পানী কৰি খেতিডৰা কৰিছিলহে, বানপানীয়ে মাৰী থৈ গ’ল ।
তিলটোকেতাল কৰা (সামান্য কথাকেডাঙৰ কৰা): ৰঙিলী বায়েসরু কথাটোকে তিলকে তালটো কৰিকাজিয়াৰ সৃষ্টি কৰিলে ।
অসমীয়া বাক্য ৰচনা কৰা |
"থ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
থেৰােগেঁৰােকৰা (কোনাে কাম কৰোঁনকৰোঁ কৰা অৱস্থা) : এলেহুৱালােকে কাম কৰিবলগীয়া হ'লেই থেৰােগেৰাে কৰে।
থৰকাছুটি এৰ (ধৈৰ্যচ্যুতি এৰা): ল’ৰাজনৰ অতপালিত ঘৰৰ মানুহবোৰৰ থৰকাছুটি এৰিলে ।
অসমীয়া বাক্য ৰচনা কৰা |
"দ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
দোপতদোপে(ক্রমে ক্রমে) : ব্যৱসায়ত গৌৰীয়ে দোপতদোপে উন্নতি কৰিছে।
দুই নাৱত দুই ভৰিহােৱা (কি কৰোঁ কিনকৰোঁ অৱস্থা হােৱা) : একেসময়তে গােটেইবােৰ কাম কৰিবলগীয়া হােৱাতমােৰ দুই নাৱত দুইভৰি হােৱাৰ দৰে হৈছে।
দলনিতপােনা মেলা (বিপদত পেলােৱা) : দেউতাই আমাক দলনিত পােনামেলি গুচি গ'ল।
দলনিত পােনা মেলা (বিপদত পেলােৱা): মাক পিতাকৰ মৃত্যুৱে কণ কণ ল’ৰা ছােৱালী কেইটিক দলনিত পােনা মেলিলে।
দূৰতেবিদূৰ (নিলগতে আঁতৰ হােৱা) : মানিকৰ অৱস্থা দেখি হলধৰদূৰতে বিদূৰ হ’ল।
দহাে আঙুলি সমান নহয়(সকলােৰে ক্ষমতা সমান নহয়) : দহাে আঙুলি সমান নহয়, গতিকে সকলােকে একেদৰে ভাবিব নালাগে।
দাঁতেওঠে নালাগ (কাজিয়া নালাগ) : কোনােকালে দাঁতে-ওঁঠে নলগাভাই- ককাই দুজনৰ মাজতমানুহজন সােমাই কাজিয়াৰ সৃষ্টিকৰিলে।
দুখৰ ৰাতি নুপুৱায় (কষ্টৰঅন্ত নােহােৱা) : বিপদৰ সময়ত মানুহৰদুখৰ ৰাতি নুপুৱায় ।
দেও চাই বলি (উপযুক্তশাস্তি) : দেও চাই বলিদিয়াৰ দৰে চোৰটোক বান্ধিউচিত শাস্তি দিলে।
দিকচৌবন (নজনা-নুশুনা ঠাই):সন্যাসীজন কেতিয়া গৈ কোনদিকচৌ বন পালেগৈ কোনেওগমকে নাপালে ।
দাঁতে-ওঁঠে লগা(কাজিয়া-পেচাল কৰি থকা):সিহঁত হাল ইমান মিলযে কেতিয়াও দাঁতে ওঁঠে লগাওদেখা নাই ।
দাঁত নোহোৱা (সাহসনথকা) : সি এনেয়ে কথাতদম্ভালি মাৰে, কাৰ্যত দাঁতনোহোৱা সাপৰ দৰেই মূৰপোলোকা মাৰে ।
দলনিত পোনা মেলা (বিপদত পেলোৱা) : মোমায়েকে ল’ৰা-ছোৱালীহালক দলনিত পোনা মালি গুছি গ’ল ৷
দাঁত লগা (লোকৰ চকু পৰাত অমংগল হোৱা):
দাঁতে ওঁঠে নলগা (কোনো কাজিয়া পেচাল নোহোৱা):
দাঁত নাই (সাহস নথকা, সামৰ্থ্য নাই):
অসমীয়া বাক্য ৰচনা কৰা |
ধােদৰপচলা (সােৰোপা, এলেহুৱা,অকামিলা) : ফটিক শকত হলেওএকেবাৰে ধােদৰ পচলা।
ধােদৰ পচলা (সােৰোপা, এলেহুৱা,অকামিলা) : ধােদৰ পচলা হৈ ঘূৰি ফুৰিলে আজিৰ দিনত মুখ নভৰে।
ধনঞ্জয়বায়ু (শৰীৰত থকা বায়ুবিশেষ) : আত্মাই এৰিলেও ধনঞ্জয়বায়ুৱে নেৰাৰ দৰে আনবােৰেএৰিলেও সংসাৰী মানুহক মায়াইকেতিয়াও নেৰে।
ধোঁৱা খুলীয়া (খৰচী): তাৰ ধোঁৱাখুলীয়া স্বভাৱে অতি সোনকালে তাৰ জীৱনলৈ বিপৰ্যয় নমাই আনিব ।
অসমীয়া বাক্য ৰচনা কৰা |
"ন" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
নপতা ফুকন (বিনা ক্ষমতাৰে বৰ শক্তিশালী বুলি ভবা লােক,নিজকে নিজে ডাঙৰ মানুহ বুলি ভবা) : হেমৰথযেন নপতা ফুকন হৈওলাইছে।
নপতা ফুকন (বিনা ক্ষমতাৰে বৰ শক্তিশালী বুলি ভবা লােক,নিজকে নিজে ডাঙৰ মানুহ বুলি ভবা) : নপতা ফুকনৰ দৰে লােকক অৱজ্ঞা কৰাই ভাল; নহ'লে সিহঁত বাঢ়িহে যায়।
ন-দি-ক (ডাঠিক, জোৰ দি ক, বিশ্বাস অহাকৈ ক) : অসত্যকথাক সত্য বুলি।কোনেও ন দি ক'ব নােৱাৰে।
নাম কৰ (প্রসংশিত হ):পৰীক্ষাত নাম কৰি পাছকৰিলে সকলােৰে পৰা আদৰ পায়।
নাকনি-কাননি (জুলুম কৰা) : উকীলে প্রশ্ন কৰি সাক্ষীজনকনাকনি-কাকনি কৰিলে।
নাকত তেল দি শােৱা(কোনাে চিন্তা-ভাবনা নােহােৱাকৈথকা) : তােৰ সকলাে কামআনে কৰিব যেতিয়া তইনাকত তেল দি শুইথাক।
নিমাওমাও(সাৰ-সুৰ নােহােৱা) : বাপেকৰঘটনাটোৰ পিছত পৰেশহঁতৰ ঘৰখনএকেবাৰে নিমাওমাও হৈ পৰিছে।
অসমীয়া বাক্য ৰচনা কৰা |
"প" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
পেট পেলাই থকা (খাবলৈআশা কৰি ৰৈ থকা) : হৰিনাথে ভােজ দেখি পেটপেলাই থাকিল।
পানীৰতলৰ কাঁইট (গােপন শত্রু,নেদেখা-নজনা বিপদ) : পানীৰ তলৰ কাঁইটৰ দৰেদেশখনৰ অনিষ্টকাৰী লোেক কিমান আছেধৰিব নােৱাৰি।
পানীৰ তলৰ কাইঁট (অজান শত্রু, গোপন শত্রু): দেখা শত্রুৰ পৰা ৰক্ষা পাব পাৰি, কিন্ত পানীৰ তলৰ কাঁইটৰ পৰা ৰক্ষা পোৱা টান ।
পানীতহাঁহ নচৰা (অতি কষ্টত, অতি অভাৱ) : পানীয়ে খেতিবােৰ মাৰি নিয়াত ৰাইজৰপানীত হাঁহ নচৰা অৱস্থাহৈছে।
পানীত হাঁহ নচৰা (বৰ বিপদ হােৱা) : কৰ-কাটলৰ বাবে ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।
পাবত গজা (অস্বাভাৱিক) : পাবতগজা দেশ নেতাইদেশৰ কল্যাণসাধিব নােৱাৰে।
পাবত গজা (মূল নোহোৱা): বৰ্তমান পাবত গজা নেতাৰে দেশখন ভৰি পৰিছে ।
পানীতপৰ (নষ্ট হ) : বৰআশা কৰিছিল যদিও পৰীক্ষাবেয়া হােৱাত তেওঁৰ সকলােআশা পানীত পৰিল।
পানীৰমিঠৈ (মিছা গপ, সজাকথা,মিছা বা অমূলক কথা বা বস্তু) : পানীৰ মিঠৈৰ লেখীয়াকথাত কোনাে গুৰুত্ব দিবনালাগে।
পেটে পেটে (মনেৰে, অন্তৰেৰে): মুখেৰে প্ৰকাশ নকৰিলেও ভালকথা সকলােৱে পেটে পেটে সমর্থনকৰে।
পেট ভাটৌ, পেটকুলি (পেটতবহুত কথা ৰখা লােক) : পেট ভাটৌ লােকৰ মনৰকথা সহজে জনা নাযায়।
পেট ভাটৌ (পেটত কথা ৰাখি থোৱা লোক): এই পেট ভাটৌটোৰ পৰা কখা উলিয়াব পাৰিম বুলি ভাবিছা নেকি ?
পেটে ভাতে খা (কোনােৰকমেখাই লৈ চলি থাক) : বস্তুৰ যিহে জুই-ছাইদাম, দুখীয়া শ্ৰেণীৰ মানুহে পেটে-ভাতেখাই চলাই টান হৈপৰিছে।
পেট মচা (শেষ সন্তান):মাক-পিতাকৰ পেট মচাসন্তান কাৰণেই সি তেওঁলােকৰঅতি মৰমৰ।
পেটত হাত-ভৰি লুকা(বৰ ভয় পা) : হঠাতেসন্মুখত বাঘটো দেখি মানুহজনৰপেটতে হাত-ভৰি লুকাল।
পেটে-ভাতে খােৱা (কোনােমতেখাবলৈ পােৱা) : সি অতি পৰিশ্ৰমকৰিহে পেটে-ভাতে খাবপাৰিছে।
পেট-মচা ল’ৰা(নুমলীয়া ল'ৰা) : যদুনাথবংশীধৰৰ পেট-মচা ল’ৰা।
পেটমচা (নুমলীয়া) : পেট মচা বুলিসকলোৱে মৰম কৰোঁতে কৰোঁতেৰিতু দিনক দিনে কথানুশুনা হৈ আহিছে ।
পোহাৰিচুপতি (সামান্য কথা লৈ উত্তৰা-উত্তৰি কৰা): ৰহিমাৰপোহাৰি চুপতি মৰা স্বভাৱটোৰবাবেই সকলোৱে তাইক বেয়াপায় ।
পেটে ভাতে খা (কোনোমতে জীৱন নিৰ্বাহ কৰা):একমাত্র উপাৰ্জনক্ষম ডাঙৰ ল’ৰাটোঢুকোৱাৰ পিছৰে পৰা ৰমলাহঁতৰপৰিয়ালটোৱে পেটে ভাতে খাইদিন অতিবাহিত কৰিছে ।
পিঠি দিয়া (আওকানকৰা): ৰাইজে পাতি দিয়ামন্ত্রীজনে শেষত ৰাইজকেই পিঠিদিলে ।
পানী কৰ (নষ্টকৰা, সহজ কৰি বুজাইদিয়া): (ক)শিক্ষকজনে টানবুলি ভবা অংককেইটা পানীকৰি বুজাই দিলে ।
পানী কৰ (নষ্ট কৰা, সহজ কৰি বুজাই দিয়া): অতিমাত্রা বৰষুণে লহপহকৈ বাঢিঅহা খেতিডৰা পানী কৰি পেলালে।
পানীৰ মিঠে (কাল্পনিক, মনেৰে সজা বা ভবাকথা): (ক) তাইৰ কথাবোৰযে পানীৰ মিথৈ, এইকথা মই পিছতহে গমপালোঁ ।
পানীৰ মিঠে (কাল্পনিক, মনেৰে সজা বা ভবা কথা):তাইৰ পানীৰমিথৈহেন কথাবোৰ বিশ্বাস নকৰিবি।
পেট কুলি (ভিতৰিটেঙৰ): বাহিৰে সৰল যেনলাগিলেও সৰলাজনী যে পেট কুলিছোৱালী এই কথা মইপিছতহে গম পালোঁ ।
পেট ল- বুদ্ধিৰে মনৰভাব লােৱা।
পেট মাৰ—ভাত মৰা।
পেট কুলি—বাহিৰে অজলা, ভিতৰিটেঙৰ। পেটে-ভাতে খােৱা- কোনােমতেখাই থকা।
পেটতেহাত-ভৰি লুকোৱা- বৰকৈভয় পােৱা।
অসমীয়া বাক্য ৰচনা কৰা |
"ব" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
বাট এৰি অবাটে যােৱা(অকার্য কৰা) : বাট এৰিঅবাটে গ’লে মানুহৰ বিপদআহে।
বাটত বগৰী-জেং (বাটভেটা দিয়া) : শত্ৰুৰ বাবে বাটতবগৰী-জেং পুতিব লাগে।
বাঘে খােৱা (হতশ্রী হােৱা, অল্পায়ুস) : বাঘে খােৱা দগাবাজটোমৰিলেই ভাল হয়।
বুকু ডাঠ (সাহসী) : বুকুডাঠ মানুহে চেষ্টাৰ বলতঅসাধ্য সাধন কৰিব পাৰে।
বুকুৰকুটুম (অতি আপােন) : বুকুৰকুটুমজনৰ অন্যায় হােৱাটো কোনেও সহ্য কৰিবনােৱাৰে।
বসতে নাম থােৱা (কৰিবনােৱাৰা কাম এৰি দিয়া) : তেওঁৰ লগত তুমি কাজিয়ানকৰি ৰসতে নাম থােৱাইভাল।
বুকু জুৰুৱা (শান্তি দিয়া) : সন্তানেমাকৰ বুকু জুৰায়।
বুকুতেকামােৰ মৰা (বৰ আঘাতদিয়া) : তুমি মােক এনেদৰেবুকুতে কামােৰ মাৰিব নালাগিছিল।
বুকুৱেধান বনা (বুকুৱে ধপধপ কৰা) : তেওঁৰ বেমাৰৰকথা শুনি মােৰ বুকুৱেধান বানিব ধৰিছে।
বুকুতকুঠাৰ মৰা (বৰ আঘাতদিয়া) : তুমি মােৰ বুকুতকুঠাৰ মাৰিব নালাগিছিল।
বাগিকুঠাৰ মৰা (ছলনা কৰা):হলা গছ দেখিলে সকলোৱেবাগি কুঠাৰ মাৰে ।
বিৰদি বাট নোপোৱা (বহুমানুহৰ সমাগম হোৱা): শোভাযাত্রাতবিৰ দি বাট নোপোৱাঅৱস্থাই মানুহবোৰক অসুবিধাত পেলালে ।
বাটে পোৱালি মেলা(উপাৰ্জনৰ পথ মুকলি হোৱা):ইমানখিনি পঢ়ি-শুনি অৱশেষতৰমেনৰ চাকৰিটো হোৱাত তাৰ বাটেপোৱালি মেলিলে যেন পাইছোঁ।
বুকুৰ তেজ (অতিকৈআপোন): বুকুৰ তেজহেন নাতিয়েকটোযাবলৈ ওলালত বুঢীয়ে পাৰেমানে কান্দিলে ।
বিনা মেঘে বজ্ৰপাত(আকস্মিকভাৱে হোৱা বিপদ): দেউতাকৰআকস্মিক মৃত্যুৰ বাতৰিটো পাই জোনাকীৰ বিনামেঘে বজ্ৰপাত পৰাৰ দৰে অৱস্থাহ’ল ।
বুকু পাতল—ভীৰু ; ভয়াতুৰ।
বুৰ দি—ডুব মাৰ।
বাটকুৰিবােৱা—ঘনাই অহা-যােৱাকৰা।
বাট মৰ—সুযােগ হেৰুওৱা।
অসমীয়া বাক্য ৰচনা কৰা |
"ভ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
ভাত উঠ (আয়ুস শেষ হােৱা) : ভাতৰ ভতুৱা-খােৱাত কাজী, কিন্তু কাম নজনা।
ভাত মৰা (জীৱিকাৰ উপায়নােহােৱা হােৱা) : বানপানীৰ বাবে দুখীয়া ৰাইজৰভাত মৰা অৱস্থা হ'ল।
ভাত উঠা (আয়ুস শেষহােৱা) : যদুনাথৰ এইবাৰ ভাত উঠিল।
ভাত ঘৰ (অতি আপােন) : তেওঁলােকৰ ঘৰখন মােৰ ভাতঘৰ; যিকোনাে সময়তে অহা-যােৱাকৰিব পাৰোঁ।
ভাত মাৰ (জীৱিকাৰ উপায়নষ্ট কৰ) : একমাত্র জীৱিকাৰসম্বল চাকৰিটো হঠাতে খেদাই তাৰভাত মাৰিলে।
ভােটাতৰা (অতি নামঞ্জুলা লােক) : অসমীয়া সাহিত্যৰ আকাশত লক্ষ্মীনাথ বেজবৰুৱাচিৰকাল ভােটা তৰা হৈজিলিকি থাকিব।
ভৰি চেলেকা (নীচভাৱে তােষামােদ মনত কৰা) : ভৱনাথএকেবাৰে ভৰি চেলেকা বিধৰমানুহ।
ভেকুলীৰপিঠিত নোম গজা (অদ্ভুতকথা) : তাৰ সদায় ভেকুলীৰপিঠিত নোম গজাহেন কথাবোৰশুনি শুনি আমনি লাগিছে।
অসমীয়া বাক্য ৰচনা কৰা |
"ম" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
মনত কৰা (সোঁৱৰণ কৰা) : মােৰ কথা তুমি পিছতমনত কৰিব লাগিব।
মন মৰা (নিৰুৎসাহ হােৱা) : মানুহে কোনাে কথাতে মনমাবি নিৰুৎসাহ হৈ থাকিব নালাগে।
মনে-চিতে (অন্তৰেৰে সৈতে) : গুৰুজনক মনে-চিতে ভক্তিকৰিবা।
মাটি হােৱা (নষ্ট হােৱা) : বতৰৰ বাবেই সকলাে পৰিশ্রমমাটি হ’ল।
মুখলগা (নষ্ট হােৱা) : মুখলগা কাৰণেই সুন্দৰ কথােকনষ্ট হ’ল।
মুখ-হাত ধােৱা (আশাএৰা) : বাৰে বাৰে পৰীক্ষাদিও পাছ কৰিব নােৱাৰি। শেষতল'ৰাজনে পৰীক্ষালৈ বুলিমুখ-হাত ধুই ব্যৱসায়তলাগিল।
মূৰত টাঙোন মৰা (বৰআঘাত দিয়া) : বৰ কষ্টেৰে পঢ়াই-শুনাই বিয়া-বাৰুকৰাই দিয়াৰ পাছত বৰপুতেকে বেলেগ হৈ গৈপিতাকক মূৰত টাঙোন মাৰিলে।
মনে ধৰ (বিশ্বাস কৰ):কামটো যে সি কৰিছেএই কথাটো মােৰ মনেধৰিছে।
মন পা, পেট পা(মনৰ কথা বুজা) : অতিকম কথা কোৱা মানুহৰসহজতে (মন পাব) পেটপাব নােৱাৰি।
মন মাৰ (নিৰুৎসাহ হ,নিৰাশ) : পৰীক্ষাৰ বেয়া খবৰে ছাত্ৰ-ছাত্ৰীৰ মন মাৰি পেলায়।
মৰণত শৰণ দি (জীৱনকতুচ্ছ কৰি) : মৰণত শৰণদি হলেও দেশৰ হকেকাম কৰিব লাগে।
মাটিৰমানুহ (সহজ-সৰল, নম্রমানুহ) : তেওঁ মাটিৰ মানুহ, যাৰে তাৰে লগত মিলিবপাৰে।
মাটি কৰ (নষ্ট কৰ) : প্রলয়ংকৰী বানে খেতিয়কৰ সকলােপৰিশ্ৰম মাটি কৰিলে।
মুখৰ ছাই গুচা (মৃতকৰশ্ৰাদ্ধাদি কৰ) : দেউতাকৰ মৃত্যুতআনৰ সহায়ত কোনাে কমেমুখৰ ছাই গুচালে।
মুখলৈচা (আশা কৰা) : কামনকৰি অনবৰতে আনৰ মুখলৈচাই থাকিলে পেট নভৰে।
মূৰ পাত (বহন কৰ) : দেউতাকৰ মৃত্যুৰ পিছত ঘৰখনৰ সকলােদায়িত্ব পুতেকে মূৰ পাতিল'লে।
মূৰ খা (মৃত্যুৰ দ্বাৰাহেৰুৱা) : অকালতে মাক-বাপেকৰমূৰ খাব লাগিলে তাতকৈদুখৰ কথা আৰু একোনাই।
মূৰ ঘমা (বৰকৈ চিন্তাকৰা) : হৈ যােৱা কামৰকাৰণে মূৰ ঘমাই নাথাকিভৱিষ্যতৰ কথাহে চিন্তা কৰিবলাগে।
মূৰ দোঁৱা (সেৱা কৰ, মান্য কৰ) : গুৰুজনৰ ওচৰতসদায় মূৰ দোৱাব লাগে।
মূৰত টাঙোন মাৰ (বৰঅন্যায় কৰা, বৰ বিপদতপেলা) : খেতিৰ বতৰতে চোৰেগৰু হালচুৰি কৰিনি মােক মূৰতটাঙোন মাৰিলে।
মাটি কৰা (নষ্ট কৰা) : মােৰ সকলাে কথাকেই মাটিকৰি দিলে।
মুখ নােহােৱা (কথা ভালকৈ ক'ব নােৱাৰা) : বিশ্বনাথএকেবাৰে মুখ নােহােৱা ল'ৰা।
মুখ লগা (কু-দৃষ্টিতপৰা,আনৰ চকুত পৰি শ্ৰীহানী হোৱা বা অপকাৰ হোৱা) : আমগছ জোপাত কাৰােবাৰমুখ লাগিল।
মুখ ফালি কোৱা (স্পষ্টকৈকোৱা) : সকলাে কথা মুখফালি ক'ব লাগে।
মুখলৈচোৱা (মৰম কৰা, কৃপাকৰা) : দুখীয়া মানুহজনৰ মুখলৈ এবাৰ চোৱা।
মুখত সােপা দিয়া (নিমাতকৰা) : গাঁওবুঢ়াই সকলােকে মুখত সােপা দিথৈছে।
মূৰ খা (মৰমৰ মানুহৰমৰণ দেখা) : সত্যনাথে বাপেকৰ মূৰ খালে।
মূৰে ভৰি কঢ়া (বিপৰীতকাৰ্য্য কৰা) : এনে মূৰেভৰি কঢ়া লােক আমিকতাে দেখা নাছিলোঁ।
মূৰত টাঙোন মৰা (ডাঙৰঅন্যায় কৰা) : তােমালােকে মােকএনেদৰে মূৰত টাঙোন মাৰিবনালাগিছিল।
মূৰা-মূৰি (ওচৰা-উচৰি) : পৰীক্ষাৰ মূৰা মূৰি সময়তহেসি পঢ়াত মন দিলে।
মৰণত শৰণ দিয়া (প্রাণপণকৰা) : স্বাধীনতা যুঁজত দেশৰ ডেকাসকলেমৰণত শৰণ দিছিল।
মৰসাহকৰা (অতিৰিক্ত সাহস কৰা) : মৰসহকৰিয়েই নদীটো পাৰ হ'লোঁ।
ম'হতকৈ শিং চৰা(অনুপযুক্ত বস্তুৰ গৰাকী হােৱা) : হৰিনাথৰ দৰে কম আয়কৰা মানুহ এজনে মটৰ-গাড়ী ৰখাটো ম’হতকৈ শিং চৰাযেন লাগে।
ম’হতকৈ শিং চৰা(চম্ভালিব বা সামৰিব নোৱাৰা):সি যিমান কৰেকথাবোৰ তাতকৈ এখোপ চৰা, যেন ম’হতকৈ শিং চৰাহে।
ম’হতকৈ শিং চৰা (চম্ভালিব বা সামৰিব নোৱাৰা): ভায়েকে কামবোৰ নিয়াৰিকৈয়েকৰিছিল, ককায়েকে আহি ম’হতকৈশিং চৰা কৰি পেলালে।
মুখৰ ছাই গুচা(মৃতকৰ শ্ৰদ্ধাদি কৰি শুদ্ধি হোৱা):ল’ৰাজনে বাপেকৰ মুখৰছাই গুচাই উঠিছিলহে, অকস্মাতেমাকো ঢুকালে ।
মুখ বজোৱা (কাজিয়াকৰা): ছোৱালীজনী কামত নাই, কিন্তমুখখন ঠিকেই বজায় ।
মূৰ পোলোকা দিয়া(দায়িত্বৰপৰা আঁতৰি থকা): মূৰপোলোকা মাৰি কিমান দিনকামৰ পৰা আঁতৰি থাকিবা, এদিন নিজৰেই বিপদ হ’ব ।
মূৰ দোৱা (সেৱাকৰা): বিপদৰ সময়ত সহায়কৰাৰ বাবে আপোনাৰ ওচৰতকৃতজ্ঞতাৰে মূৰ দোৱাইছোঁ ।
মূৰে ভৰি কাঢ়(বিপৰীতে কাৰ্য কৰা): ৰাঘৱৰমূৰে ভৰি কঢ়া স্বভাবেতাৰ জীৱনলৈ বিপৰ্যয় আনিলে।
মন বান্ধ - (মন দমা, মনসংযত কৰা):
মুখ মাৰ- (নিমাত হ):
মুখ পাতি ধৰ (প্রতিবাদকৰা):
মুখ পাতি ধৰা (আনৰ কথাত নিজে সোমোৱা):
মন দে (মনােযােগ দি):
মন কৰ (ইচ্ছা কৰ):
মন খা (পচন্দ কৰা):
মন যা (পাবলৈ ইচ্ছা কৰা):
মুখপাত (ভূমিকা):
মাটি কৰা (নষ্ট কৰা):
মাটি খা (মাটি দখল কৰা, অনুতাপ কৰা, কষ্ট পােৱা):
মন পুতি (মনােযােগ দি):
মুখ নোহোৱা (গঢ় লগাই কথা ক’ব নোৱাৰা):
মুখ মেলা (আনলৈ আশা কৰা):
মুখ মৰা (নিমাত হোৱা);
মুখত সোপা দিয়া (মাত নাইকিয়া কৰা , নিমাত কৰা ):
মুখৰ ভাত কাঢ়ি নিয়া (পোৱা সুবিধা নিজৰ অকৰ্মণ্যতাৰ বাবে হেৰুওৱা বা আনে জোৰ কৰি নিয়া):
মুখেৰে সাত হাল বোৱা (ফিতাহি মাৰি কথা কোৱা):
মুখ উজলোৱা (নাম জনাজাত কৰা):
মুখ উফন্দা (অসন্তোষ ভাৱ দেখুৱা):
অসমীয়া বাক্য ৰচনা কৰা |
"হ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
হয়ভৰদিয়া (সন্মতি দিয়া) : সকলােকথাতে হয়ভৰ দিয়া উচিতনহয়।
হুনুবার্তা(উৰা বাতৰি) : তেওঁ দীনবন্ধুৰ এটাহুনুবার্তা পাইছে।
হুৰমূৰযাত্রা (ততাতৈয়া, খৰধৰ) : তেওঁ কলিকতালৈ হুৰমূৰকৈযাত্রা কৰিলে।
হাত আহ (অভ্যাস হ):নজনা কামটো সদায় কৰিবলৈচেষ্টা কৰিলে ভালদৰে হাতআহে।
হাত টান (কৃপণ) : হাতটান মানুহে সজ কামতােধন খৰচ কৰিব নােৱাৰে।
হাত টান (কৃপণ,চিকতা ): মানুহজনৰ ইমানেই হাত টান যে পূজালৈ বুলি বিশ টকা চান্দাও দিব নোৱাৰিলে ।
হাত লৰ (চোৰ স্বভাৱ) : হাত লৰ স্বভাৱৰ মানুহেসুবিধা পালেই আনৰ বস্তুনিবলৈ বিচাৰে।
হাত লৰ (চোৰ স্বভাৱৰ): ৰঙালিবাইৰ হাত লৰ স্বভাৱটোৰ কথা সকলোৱে এতিয়া জ্ঞাত হৈছে ।
হাত লৰ (চোৰ স্বভাৱৰ): ছোৱালীজনীৰ হাত লৰ স্বভাৱৰ বাবে কোনেও তাইক কামত নাৰাখে ।
হাত দীঘল (ক্ষমতাশালী, প্ৰভাৱশালী): হাত দীঘল লােকক যিকোনােমানুহেই সমীহ কৰি চলে।
হাত দীঘল (ক্ষমতাশালী, প্ৰভাৱশালী): মহিৰাম হাত দীঘল মানুহ, তেওঁৰ বিরুদ্ধে ৰাইজে কেতিয়াও মাত নামাতে ।
হাত পাত (সহায় খােজ) : সৎ লােকে বিপদত আনৰওচৰত হাত পাতিলে সহায়পায়।
হাড়তবন গজা (বহুত দিনআগতে মৃত্যু হােৱা) : বাপেকৰহাড়ত বন গজিল, তথাপিপুতেকে বাপেকৰ শ্ৰাদ্ধৰ ব্যৱস্থানকৰিলে।
হাড়ত বন গজা (বহুত দিনৰ আগতে মৃত্যু হোৱা): ৰমাকান্তৰ কথা সুধিছা? তেওঁৰ হাড়তো বন গজিল ।
হাতত সাৰে ভৰিত সাৰে(কোনাে সাৰ সুৰ নােহােৱাকৈ) : সি শুই থাকোতেই।চোৰটোৱে তাৰ কাষেৰেই হাততসাৰে ভৰিত সাৰে গৈবস্তুকেইপদ লৈ গ'ল।
হাতত সাৰে ভৰিত সাৰে (মনে মনে) : চোৰটোৱে হাতত সাৰে ভৰিত সাৰে ঘৰত সােমাইছিল।
হাতত সাৰে ভৰিত সাৰে (মনে মনে, গোপনে): অজয়ৰ সুখ্যাতিত তাৰ নাম গোটেই অসমতে ৰৈ বৈ গ’ল ।
হাতত সাৰে ভৰিত সাৰে (মনে মনে, গোপনে): অজয়ৰ সুখ্যাতিত তাৰ নাম গোটেই অসমতে ৰৈ বৈ গ’ল ।
হিয়াফালি দেখুওৱা (মনৰ সকলাে কথাকোৱা) : তােমাৰ প্ৰতি মােৰকিমান মৰম তাকনাে মইকেনেকৈ হিয়া ফালি দেখুৱাওঁ!
হুৱা-দুৱা লগা (কন্দা-কটা লগা) : কেঁচুৱাটোৰমৃত্যুত ঘৰখনত হুৱা-দুৱালাগিছে।
হাড়ক মাটি কৰা(অতিৰিক্ত/কঠোৰ পৰিশ্ৰম কৰা): দেউতাৰে হাড়কমাটি কৰি গঢ়ি যোৱাসম্পত্তিখিনি তই আলাসতে পাইধবংস নকৰিবি ।
হিয়াৰআমঠু (প্ৰিয়তম লোকঅতি মৰমৰ): হিয়াৰআমঠুহেন নাতিয়েকটো যাবলৈ ওলালত আইতাকেপাৰে মানে কান্দিলে ।
হিয়াৰ আমঠু (অতি মৰমৰ): হিয়াৰ আমঠুহেন নাতিয়েকটো গুচি যোৱাত বুঢীয়ে পাৰে মানে কান্দিলে ।
হাড় পেলা (মৃত্যুহোৱা): বুঢ়াজনৰ কথাসুধিছা ? তেওঁৰ হাড় পোলোৱাআজি এবছৰেই হ’ল।
হাড় পেলা (মৃত্যু হোৱা): বহুদিন অসুখতভুগি থকা মহীৰামে অৱশেষতনিজৰ ভেটিতে হাড় পেলালে।
হাত এৰা --- দায়িত্ব এৰা ৷
হাত কৰা --- নিজৰ কৰা লোৱা , নিজৰ অধীনলৈ অনা ৷
হাত ঘলা --- আনৰ বস্তুৰ প্ৰতি লোভ কৰা ৷
হাত চোৱা --- মংগল চোৱা বা ভাল – বেয়া বিচাৰ কৰা ৷
হাত দিয়া --- কোনো কামত ধৰা ৷
হাত পতা --- ভিক্ষা কৰা, কোনো বস্তু খোজা ৷
হাত ধৰা --- টানকৈ চলা , কৰিব নোৱাৰা হোৱা ৷
হাত পৰা --- অধোগতি , তললৈ নমা ৷
হাত থকা --- প্ৰভাৱ থকা ৷
হাত ঊঠা --- উন্নতি হোৱা , কৃতকাৰ্য হোৱা ৷
হাত অহা --- অভ্যাস হোৱা ৷
হাত মৰা --- লুকুৱাই লোকৰ বস্তু নিজৰ কৰা ৷
হাত মেলা --- নোপোৱা বস্তুৰ প্ৰতি হেঁপাহ কৰা ৷
হাত সৰা --- ৰক্ষা পোৱা , পলাই যোৱা, মুক্তি পোৱা ৷
হাত সাৱতা --- কোনো কাম নকৰি এনেয়ে থকা ৷
হাত বাগৰা --- আনে ব্যৱহাৰ কৰাৰ পিছত পোৱা ৷
হাত মুকলি --- খৰছী, অবাবত খৰচ কৰা ৷
হাত খালি --- টকা – পইছা নথকা ৷
হাত চুটি --- ক্ষমতাহীন, অভাৱী মানুহ ৷
হাতে-লোতে --- অপৰাধ কৰি থকা অৱস্থাতে ধৰা পেলোৱা ৷
হাত ধোৱা --- আশা এৰা বা সম্পৰ্ক এৰা ৷
হাতৰ মুঠিত ৰখা --- নিজৰ অধীনত ৰখা ৷
হাতে ভৰিয়ে ধৰা --- কাবৌ-কোকালি কৰা ৷
হাতে নামাৰি ভাতে মৰা --- দেখাকৈ অপকাৰ নকৰি নেদেখাকৈ অপকাৰ কৰা ৷
হাত বুলোৱা --- মৰম কৰা ৷
হাত যোৰ কৰা --- প্ৰাৰ্থনা কৰা ৷
হাত উজান দিয়া --- কামত সহায় কৰা ৷
হাড়-ছাল ওলোৱা --- অতি ক্ষীণ ৷
হাড়লৈকে চিন --- ভিতৰলৈকে অৰ্থাৎ অতি ভালকৈ চিনি পোৱা ৷
হাড় ভগা বন --- কঠিন কাম ৷
হাড় পেলোৱা (মৃত্যু হোৱা)
হাড় নাইকিয়া জিভা (লাগ বান্ধ নোহোৱাকৈ বা বিবেচনা নকৰাকৈ কথা কোৱা মানুহ)
হিয়া ধুনা (কান্দি ব্যাকুল হোৱা)
হিয়া ধাকুৰীয়া (শোকত ব্যাকুল হোৱা) :
হাত ধাে (সম্পর্ক এৰা) :
হাত খৰচ (অলপীয়া খৰচৰ বাবে ৰখা ধন):
হাড়-ছাল ওলােৱা (অতি খীণ):
অসমীয়া বাক্য ৰচনা কৰা |
"য" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
যমৰ যাতনা (উগ্র শাস্তি,অতি শাস্তি) : চাউডাঙৰহাতত জয়মতীয়ে যমৰ যাতনা ভুগিছিল।
যমৰ যাতনা (উগ্র শাস্তি,অতি শাস্তি) : চাউদাংহঁতেজয়মতীক যমৰ যাতনা দিমাৰিলে।
যক্ষৰধন (অতি কৃপণৰ ধন) : যক্ষৰ ধন কোনাে কামতনালাগে।
যাচি কিল খােৱা (জানি-শুনি বিপদ চপােৱা):বিপদ হ'ব বুলিজানিও সি কিয় যাচিকিল খাবলৈ গৈছিল।
যমৰ দুৱাৰ দেখা (টানবেমাৰৰপৰা ৰক্ষা পােৱা) : যােৱাবাৰৰঅসুখত কাশীনাথে যমৰ দুৱাৰ দেখিছিল।
অসমীয়া বাক্য ৰচনা কৰা |
"ৰ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
ৰৌটোকে ঢৌটো কৰা(সামান্য কথাকে ডাঙৰ কৰা):ৰমলাই সরু কথাটোকে ৰৌটোকেঢৌটো কৰি কাজিয়াৰ সূত্রপাতঘটালে ।
ৰৈ বৈ যোৱা (অশেষখাতি অৰ্জন কৰা): অজয়ৰসুখ্যাতিত তাৰ নাম গোটেইঅসমতে ৰৈ বৈ গ’ল ।
অসমীয়া বাক্য ৰচনা কৰা |
"ল" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
লেই লেই ছেই ছেই(ঘিণ কৰা) : চৰিত্রহীন মানুহকসকলােৱে লেই লেই ছেইহেই কৰে।
লােকান্তৰঘটা (মৃত্যু হােৱা) : বহুদিনবেমাৰত ভুগি থাকি অৱশেষতমানুহজনৰ লােকান্তৰ ঘটিল।
লগ হ (সঙ্গী হ) :
অসমীয়া বাক্য ৰচনা কৰা |
"শ" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
শহাকণীয়া(সদায় সতর্ক হৈ থকা) : ৰমানাথ এজন শহাকণীয়া মানুহ।
শিৰফুটা(সুপ্রসিদ্ধ) : তাৰিণী মজুমদাৰ গাঁৱৰশিৰফুটা মানুহ।
শিলৰ ৰেখা (লৰচৰ নােহােৱাকথা) : গাঁওবুঢ়াৰ কথা শিলৰ ৰেখাযেন হৈ থাকে।
শঠা মিতিৰ (কপটীয়া বন্ধু): ৰমেনক বিশ্বাসত নল’বা, সি এটা শঠা মিতিৰ ।
অসমীয়া বাক্য ৰচনা কৰা |
"স" আখৰৰ জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা
সাতামপুৰুষীয়া(চিৰকলীয়া) : সেইবােৰ তেওঁলােকৰ সাতামপুৰুষীয়া সম্পত্তি।
সময়ৰশৰ (সুযােগ উপস্থিত হওঁতেই) : সময়ৰ শৰ মাৰিব জানিলেহেসফলতা লাভ কৰিব পাৰি।
সাত ঘাটৰ সৈয়াকণী (অতিচতুৰ, অতি দুষ্ট): সিএনে সাতঘাটৰ সৈয়াকণী। যেতাৰ হাতত পৰিলে নগুৰ-নাগতি হ’বই।
সাত ঘাটৰ চেঙেলি (বৰ টেঙৰ লোক): ন-বোৱাৰীজনী দেখাতহে সাদৰী, ভিতৰি সাত ঘাটৰ চেঙেলি ।
সান্দহখােৱা বালি তল যা(আশা নাইকিয়া হ) : এবাৰ লােককঠগিলে পিছলৈ সকলাে সান্দহখােৱা বালি তল যায়।
সোণৰ সোলেং (অতিমৰমৰ): সোণৰ সোলেংহেন নাতিয়েকটোযাবলৈ ওলালত আইতাকে পাৰেমানে কান্দিলে ।
সান্দহ খোৱা বালিতল যোৱা (পূবৰ সুবিধানাইকিয়া হোৱা): নিৰ্বাচনত মন্ত্রীজনপৰাজিত হোৱাত তেওঁৰ লগতথকা মানুহবোৰৰ সান্দহ খোৱা বালিতল গ’ল ।
বহুত ধন্য বাদ
ReplyDeleteThis comment has been removed by the author.
ReplyDelete