Posts

Showing posts from December, 2020

ঔ-কুঁৱৰী || Assamese Story O Konwari Hadhu || Assamese Medium

Assamese Story O Konwari Hadhu Collected From Buri Ai Hadhu  ঔ - কুঁৱৰী   এক ৰজাৰ দুজনী ৰাণী আছিল । তেওঁলােক দুয়াে গৰ্ভৱতী হ ’ ল । এদিন দুয়াে ৰাণীৰ সন্তান উপজিল । বৰ ৰাণীয়ে এটি ল ’ ৰা আৰু সৰু ৰাণীয়ে এটা ঔ - টেঙা পালে । সৰু ৰাণীয়ে তেওঁৰ ঔ - টেঙাহে এটা উপজিল দেখি বৰ বেজাৰ পাই তাক চুৱাপাতত দলিয়াই পেলাই দিলে । কিন্তু দেখা গল , নিতৌ ৰাণীয়ে কাম কৰিবৰ আৰু শুবৰ সময়ত সেই ঔ - টেঙাটো বাগৰি আহি ৰাণীৰ ওচৰ পায়হি৷ ৰাণীয়ে তাক দলিয়াই পেলালেও সি আকৌ বাগৰি আহি ৰাণীৰ কাষ পায়হি৷ এদিন ঔ - টেঙাটো দুপৰীয়া মানুহ - দুনুহ নােহােৱা সময়ত বাগৰি গৈ নৈৰ ঘাট পাই তাতে অলপ ৰৈ আছিল । সেই সময়ত ৰজাৰ কোৱৰ এজনে সেই ঘাটৰ অলপ আওহতীয়া ঠাইতে বহি বৰশী বাই আছিল । কোঁৱৰে লক্ষ্য কৰি দেখিলে যে ঔ টেঙাটোৰ ভিতৰৰপৰা এজনী দীপ - লিপ সুন্দৰী কন্যা ওলাই নৈত গা ধুই উঠি , ৰূপেৰে চাৰিও দিশ উজ্জ্বল কৰি চুলিকোছা ৰ ’ দত শুকাই লৈ আকৌ ঔ - টেঙাটোৰ ভিতৰত সােমাই বাগৰি মাকৰ ঘৰলৈ উভতি আহিল । ৰজাৰ ল ’ ৰাই কন্যাজনীৰ ৰূপ দেখি মােহ গৈ ...

বান্দৰ আৰু শিয়াল||Assamese Story Bandor Aru Hiyal Hadhu || Assamese Medium

Assamese Story Bandor Aru Hiyal Hadhu Collected From Buri Ai Hadhu || Assamese Medium  বান্দৰ আৰু শিয়াল   এটা শিয়াল আৰু এটা বান্দৰ আছিল । সিহঁতে দুয়াে সখি পতাই হেঁপাহ পলুৱাই খাই ফুৰিবলৈ আলচ কৰিলে । এদিন সিহতে কত কি খাবলৈ পাওঁ বুলি ভাবি হাবিৰ মাজৰ ৰাজ - আলি এটাৰ কাষত লুকাই আছিল , এনেতে সেই বাটেদি গােটাচেৰেক মানুহে বিয়াৰ গাখীৰ - গুড় , কলকুঁহিয়াৰ ভাৰ বান্ধি লৈ যােৱা দেখিলে । তাকে দেখি শিয়ালে বাক ক ' লে , “ সখি , সেই মানুহকেইটাই লৈ যােৱা বস্তুবােৰ খাব লাগিল ; এতেকে এটা বুধি উলিওৱা যাওক । তুমি অলপ দূৰতে বাটৰ কাষৰ জোপা এটাৰ ভিতৰত লুকাই থাকা , মই এইখিনিৰ জোপা এটাতে লুকাই থাকো । সিহঁত যেতিয়া আহি আমাৰ ওচৰ পাবহি , মই মাতিম হােৱা আৰু তুমি মাতিবা খােৱা । দেখিবা সিহঁতে হঠাৎ আমাৰ ‘ হােৱা ’ ' খােৱা ’ শুনিলে ভয় খাই বস্তু পেলাই লৰ মাৰিব । ” বান্দৰ আৰু শিয়ালে এই বুদ্ধি আলচি লুকাই থাকি , মানুহকেইটা আহি ওচৰ পালত , ' হােৱা হােৱা ’ আৰু ‘ খােৱা খােৱা ’ কৰিলত বাঘ কি ভালুক আহিছে বুলি মানুহকেইটা ভয় ...