বান্দৰ আৰু শিয়াল||Assamese Story Bandor Aru Hiyal Hadhu || Assamese Medium
Assamese Story Bandor Aru Hiyal Hadhu Collected From Buri Ai Hadhu || Assamese Medium
বান্দৰআৰু শিয়াল
এটা শিয়াল আৰু এটাবান্দৰ আছিল। সিহঁতেদুয়াে সখি পতাই হেঁপাহপলুৱাই খাই ফুৰিবলৈ আলচকৰিলে। এদিনসিহতে কত কি খাবলৈপাওঁ বুলি ভাবি হাবিৰমাজৰ ৰাজ-আলি এটাৰকাষত লুকাই আছিল, এনেতেসেই বাটেদি গােটাচেৰেক মানুহেবিয়াৰ গাখীৰ-গুড়, কলকুঁহিয়াৰভাৰ বান্ধি লৈ যােৱাদেখিলে। তাকেদেখি শিয়ালে বাক ক'লে, “সখি, সেই মানুহকেইটাই লৈযােৱা বস্তুবােৰ খাব লাগিল; এতেকেএটা বুধি উলিওৱা যাওক। তুমিঅলপ দূৰতে বাটৰ কাষৰজোপা এটাৰ ভিতৰত লুকাইথাকা, মই এইখিনিৰ জোপাএটাতে লুকাই থাকো।সিহঁত যেতিয়া আহি আমাৰ ওচৰপাবহি, মই মাতিম হােৱাআৰু তুমি মাতিবা খােৱা। দেখিবাসিহঁতে হঠাৎ আমাৰ ‘হােৱা’'খােৱা’শুনিলে ভয় খাই বস্তুপেলাই লৰ মাৰিব।”বান্দৰ আৰু শিয়ালে এইবুদ্ধি আলচি লুকাই থাকি, মানুহকেইটা আহি ওচৰ পালত, 'হােৱা হােৱা’আৰু ‘খােৱা খােৱা’ কৰিলতবাঘ কি ভালুক আহিছেবুলি মানুহকেইটা ভয় খাই ভাৰ-খােৰ তাতে পেলাইএৰি থৈ ভিৰাই লৰমাৰিলে। মানুহকেইটাইপিয়াপি দি লৰ মৰাদেখি শিয়াল আৰু বান্দৰেৰঙত দেও-দোপাল পাৰিভাৰৰ বস্তুবােৰ লৈ গৈ হাবিতসুমুৱালে। বান্দৰেশিয়ালক ক'লে, “সখি, আমি বস্তুবােৰ ইয়াতে খাবলৈ বহিলেযদি সেই মানুহকেইটাই সিহঁতৰবস্তু বিচাৰি উভতি আহে, তেন্তে আমাক ইয়াতে পালেমাৰি আধ্যা কৰি বস্তুবােৰকাঢ়ি লৈ গুচি যাব; এতেকে এটা কাম কৰাযাওক, মই বস্তুবােৰ লৈএই ওখ গছজোপাৰ ওপৰতউঠো আৰু তুমি তলতথাকা, তুমিতাে আৰু গছত উঠিবনাজানা। ওপৰতমােৰ ভাগ বস্তু মইখাম আৰু তােমাৰ ভাগৰবস্তুবােৰ মই এটা এটাকৈতললৈ পেলাই দি থাকিম। এতেকেতুমি মােক বস্তুবােৰ দাঙিদিয়া, মই ওপৰলৈ তুলিনিও।” এইকথাত শিয়াল মান্তি হৈবস্তুবােৰ দাঙি বান্দৰক দিবলৈধৰিলে আৰু বান্দৰে তুলিনি গছৰ ফেৰেঙনিত থ’বলৈ ধৰিলে।সকলােখিনি বস্তু থানথিত লগাইথৈ অতাই বান্দৰে গছৰডালত বহি মহাসুখে নিশ্চিন্তমনেৰে হেঁপাহ পলুৱাই খাবলৈলাগিল। শিয়ালেগছৰ তলৰ পৰা মাতলগালে, “সখি মােৰ ভাগক’ত?” বান্দৰে কলখাই বাকলিটো তললৈ পেলাই দিকলে, “সখি চাবা, সেইটিকল গৈছে ধৰিবা।”গাখীৰ খাই চুঙা আৰুটেকেলি তললৈ পেলাই দিক'লে, “সখি, তােমাৰভাগৰ গাখীৰ গৈছে, ধৰিবা।” এইদৰেবাৰে বাৰে শিয়ালক ফাকিদি সকলােবােৰ বস্তু খােৱা দেখিশিয়ালে খঙত গছৰ গুৰিকেকামুৰি আৰু মাটি আচুৰিপিচুৰি মনৰ দুখ মনতেলৈ তাৰ পৰা গুচিগ'ল।
এদিন বান্দৰে শিয়ালক এবাহ টেকেলীয়া কোদোৰওচৰত বহি থকা দেখিওচৰ চাপি সুধিলে, “সখিকি কৰিছা?” শিয়ালে উত্তৰ দিলে, ”এসখি কিনাে কম দেওহে, ৰজাই মােদ দবা-ৰখীয়াপাতিছে, সেইদেখি ৰজাৰ এই দবাটোৰখি বহি আছো।”বান্দৰে ক'লে, “সখিএচাপৰ বাওঁ দিয়াহে।”শিয়ালে উত্তৰ দিলে, ”নােৱাৰোঁদিব সখি, ৰজাই শুনিলেমােক কাটি দুছােৱা কৰিব। তুমিশুনা নাই নে নবজাওঁতেইগােগােৱাই আছে।” বান্দৰেক'লে, “নহয় সখি, লাহেকৈ এচাপৰ বাওঁ দিয়া, ৰজাই নুশুনে। মােৰবৰ মন গৈছে।”শিয়ালে, “বাৰু সখি, তােমাৰকথানাে পেলাওঁ কেনেকৈ, লাহেলাহে চাপৰ দিয়েক বােৱা।” এইবুলিবান্দৰক কৈ শিয়াল সাউতকৰেআঁতৰ হ’ল। বান্দৰেহৰিষতে কোদোৰ বাহত চাপৰমাৰিলত, গােটেইবােৰ টেকেলীয়া কোদোৱে তাৰ হাতে-ভৰিয়ে, গায়ে-মুখে উবুৰিখাই পৰি কামুৰিবলৈ ধৰিলেআৰু বান্দৰৰ মুখ উখহি দোণযেন হ’ল। বান্দৰেতত নেপাই বাগৰি-জুগৰি, চিঞৰি-বাখৰি শিয়াল সখিয়েককমাতিলে, “সখি, সখি আহাঁমই মৰিলাে।” শিয়ালেদুৰৰ পৰা উত্তৰ দিলে, “কলটো খাই যে মােলৈবাকলিটো পেলাই দিছিলা তাৰউপকাৰ কৰিলাে।” বান্দৰেমাতিলে, ”সখি মােক ৰাখা, মই মৰিলাে।” শিয়ালেউত্তৰ দিলে, ”গাখীৰ খাইযে শুদা টেকেলিটো মােলৈপেলাই দিছিলা তাৰ হােৰতুলিলাে।” বান্দৰেমাতিলে, ”সখি আহা ঐ। মইমৰিলাে।” শিয়ালে, ”কুঁহিয়াৰ খাই যে মােলৈচোবা পেলাই দিছিলা তাৰপােটক তুলিলাে।” এইবুলি কৈ বান্দৰক তাতেএৰি আতৰি গুচি গ'ল।
ইয়াৰবহুত দিন পিছত বান্দৰেএদিন দেখিলে, শিয়ালে এডৰা বেজ কচুৰখি বহি আছে।বান্দৰে তেতিয়া সেই কোদোৰ কথাএকেবাৰেই পাহৰি গৈছিল৷ সিওচৰ চাপি আহি শিয়ালকসুধিলে, ”সখি কি কৰিছা? সেইডৰা কি?” শিয়ালে হাঁহিমুখেৰেবান্দৰৰ ফালে চাই মাতলগালে, ”এইডৰা ৰজাৰ পূৰাকুঁহিয়াৰ৷ মােক ৰজাঘৰৰ পৰাৰখীয়া পাতিছে দেখি ৰখিআছে। কিনােকৰিম দেওহে, ৰজাৰ হুকুম।” কুঁহিয়াৰৰনাম শুনিয়েই বান্দৰৰ মুখৰ পানী ওলাল। বান্দৰেক'লে, ”সখি মােকসৰু চাই এডালি খাবলৈদিবানে?” শিয়ালে উত্তৰ দিলে, ”আওতুমিনাে কি কোৱাহে, ৰজাৰকুঁহিয়াৰ মই তােমাক কেনেকৈখাবলৈ দিওঁ? ৰজাই শুনিলেমােকতাে মাৰিবই, পেটৰ পােৱালিকো ছিৰিমাৰিব।” লুভীয়াবান্দৰে আকৌ ক'লে, ”নহয় সখি, মােৰ বৰমন গৈছে, এডালি মনেমনে খাবলৈ দিয়া, ৰজাইগম নাপায়।” শিয়ালেক'লে, ”খাব খুজিছাখােৱা, তেহেলৈ মােৰ যিহয় হ’ব, কিন্তু এডালিৰবেছি নহয়।” শিয়ালৰঅনুমতি পােৱা মাত্ৰতে খকুৱাবান্দৰে ডাঙৰ কচু এডালআনি লৰালৰিকৈ চোবাবলৈ ধৰিলে। ততক্ষণাত্বেজ-কচুৱে তাৰ মুখখজুৱাই তত এৰুৱাই দিলেআৰু সি চিঞৰি গছৰপাত সৰাই শিয়ালক মাতিবলৈধৰিলে, ”সখি মােক ৰাখা, মই মৰিলাে।” শিয়ালেউত্তৰ দিলে, ”ক’লখাই যে বাকলিটো মােলৈপেলাই দিছিলা তাৰ উপকাৰকৰিলাে।” বান্দৰেমাতিলে, ”সখি মৰিলাে।”শিয়ালে উত্তৰ দিলে, ”কুঁহিয়াৰখাই মােলৈ চোবা পেলাইদিয়া হােৰ তুলিলাে।”বান্দৰে মাতিলে, "সখি মােক ৰক্ষাকৰা, মৰিলাে।” শিয়ালে, গুড় খাই টেকেলিটো মােলৈপেলাই দিয়াৰ পােটক তুলিলাে”বুলি তাৰপৰা গুচি গ'ল।
এই ঘটনাৰ অনেক দিনৰপিছত এদিন বান্দৰে ফুৰি-চাকি ফুৰোঁতে দেখিলেযে শিয়ালটো এটা পুৰণি পাটনাদৰওচৰত বহি আছে।পাটনাদৰ মুখখন মকৰা জালেঢাকি থৈছিল। বান্দৰেআগৰ দুবাৰৰ কথা একেবাৰেইপাহৰি গৈ শিয়ালক সুধিলে, ”সখি কি কৰিছা?” শিয়ালে”এ সখি কিনাে ক’বা, ৰজাৰ ঘৰৰএটা বিষয় মােৰ গাতসদায় লাগিয়েই আছে। ৰজাৰএইখন কুঁৱৰীৰ যৌতুকত পােৱা দোলাৰমােক ৰখীয়া পাতিছে, ৰখিআছাে।” বান্দৰেক'লে, “ৰজাৰ দোলাতউঠিবলৈ বৰ সুখ নহয়নে সখি? কেনেকুৱা এবাৰমই উঠি চাওঁ দিয়াচোন।” শিয়ালেক'লে, ”নােৱাৰাে দিবদেওহে, ৰজাই কেনেবাকৈ দোলাতকোনােবা উঠাৰ চিন পালেমােক আজৰি কৰিব।”বান্দৰ ”কি চিন পাবহে? লাহেকৈ উঠি নামি যাম। দিয়ামােৰ সখি, এবাৰ উঠিচাবলৈ দিয়া।” ”যদিনেৰা, উঠিব খুজিছা, তেন্তেকোনেও নৌ দেখােতেই বেগতেউঠা”বুলি শিয়ালে ক'লে।বান্দৰে ৰজাঘৰীয়া দোলাত গা পেলাইসুখ পাবলৈ, তৎক্ষণাত টোৱাই-ভিৰাই জাপ মাৰিদি তাত পৰিলতে, মকৰাৰজাল বিদাৰি গৈ বান্দৰনাদত পৰি মৰিল।
Comments
Post a Comment