ঔ-কুঁৱৰী || Assamese Story O Konwari Hadhu || Assamese Medium
Assamese Story O Konwari Hadhu Collected From Buri Ai Hadhu
ঔ-কুঁৱৰী
এক ৰজাৰ দুজনী ৰাণীআছিল। তেওঁলােকদুয়াে গৰ্ভৱতী হ’ল। এদিনদুয়াে ৰাণীৰ সন্তান উপজিল। বৰৰাণীয়ে এটি ল’ৰাআৰু সৰু ৰাণীয়ে এটাঔ-টেঙা পালে।সৰু ৰাণীয়ে তেওঁৰ ঔ-টেঙাহেএটা উপজিল দেখি বৰবেজাৰ পাই তাক চুৱাপাততদলিয়াই পেলাই দিলে।কিন্তু দেখা গল, নিতৌৰাণীয়ে কাম কৰিবৰ আৰুশুবৰ সময়ত সেই ঔ-টেঙাটো বাগৰি আহিৰাণীৰ ওচৰ পায়হি৷ ৰাণীয়েতাক দলিয়াই পেলালেও সি আকৌ বাগৰিআহি ৰাণীৰ কাষ পায়হি৷এদিন ঔ-টেঙাটো দুপৰীয়ামানুহ-দুনুহ নােহােৱা সময়তবাগৰি গৈ নৈৰ ঘাটপাই তাতে অলপ ৰৈআছিল। সেইসময়ত ৰজাৰ কোৱৰ এজনেসেই ঘাটৰ অলপ আওহতীয়াঠাইতে বহি বৰশী বাইআছিল। কোঁৱৰেলক্ষ্য কৰি দেখিলে যেঔ টেঙাটোৰ ভিতৰৰপৰা এজনী দীপ-লিপসুন্দৰী কন্যা ওলাই নৈতগা ধুই উঠি, ৰূপেৰেচাৰিও দিশ উজ্জ্বল কৰিচুলিকোছা ৰ’দত শুকাই লৈআকৌ ঔ-টেঙাটোৰ ভিতৰতসােমাই বাগৰি মাকৰ ঘৰলৈউভতি আহিল। ৰজাৰল’ৰাই কন্যাজনীৰ ৰূপদেখি মােহ গৈ বাটতেবৰশী পেলাই থৈ ঘৰলৈগুচি আহি ৰােষ-ঘৰতসােমাল। ইফালেকোঁৱৰক বাপেক-মাকে নেদেখিবিচাৰি চলাথ লগাই শেহতৰােষ-ঘৰত শুই থকাপালে। কিহৈছে বুলি তেওঁলােকে কোঁৱৰকসুধিলত, কোঁৱৰে ক'লেযে, ”অমুকা ৰজাৰ ঘৰতএটা বাগৰি ফুৰা ঔ-টেঙা আছে, সেইঔ-টেঙাটোৰ সৈতে মােক বিয়াদিব লাগে।” ৰজা-ৰাণীয়ে প্ৰথমতে সেইটো হাঁহি উঠাঅসম্ভৱ কথা বুলি কোৱৰকবুজাবলৈ ধৰিলে, কিন্তু কোৱৰেনুশুনিলে। কোঁৱৰৰখট-বান্ধ এৰাব নােৱাৰিবাপেকে ৰজালৈ সেই বাতৰিদি ঔ-টেঙাৰে সৈতেনিজৰ কোঁৱৰৰ বিয়াৰ প্ৰস্তাৱকৰি পঠিয়ালে।
ঔ-টেঙাৰ মাক ৰাণীয়েসেই কথা শুনি কান্দি-কাটি ক'লেযে,”মােক কিয় এইদৰেলাজ দিব লাগিছে!” কিন্তুশেষত তেওঁ এৰাব নােৱাৰিসেই কথাত মান্তি হৈঔ-টেঙাটো ধুৱাই-পখলাইকোঁৱৰৰে সৈতে তাৰ বিয়াদিলে। বৰধুম-ধাম কৰি কোৱৰেবিয়া কৰাই দোলাত তুলিআনি নিজৰ ঘৰ পােৱালেহি। ৰজাৰকোৱৰে ঔ-টেঙাৰ সৈতেএকেটা শােৱনি ঘৰতে থাকিল। ৰাতিকোৱৰে খাবলৈ মাকে যিভাত পঠিয়াই দিয়ে তাৰে এভাগকোঁৱৰে খায় আৰু এভাগথৈ দি শুই থাকে। কিন্তুকোৱৰৰ টোপনি আহিলেই ঔ-টেঙাটোৰ ভিতৰৰ পৰা কন্যাজনীওলাই আহি সেই ভাতগালখাই আকৌ ঔ-টেঙাৰভিতৰত সােমাই থাকে।নিতৌ কোঁৱৰে টোপনিৰ পৰাউঠি সেই থৈ দিয়াভাত নেদেখি আচৰিত মানে। কোঁৱৰেইয়াৰ কাৰণ বুজিব নােৱাৰিমনত সদায় দুখ কৰিআমন-জিমনকৈ বহি থাকে। এদিনএজনী মগনীয়া বুঢ়ী কোঁৱৰৰ ওচৰলৈচাউল মাগিবলৈ আহিছিল। বুঢ়ীয়েকোৱৰক আমন-জিমনকৈ বহিথকা দেখি সুধিলে, “বােপাতুমি দেখােন মন মাৰিবহি আছা? তুমি বিয়াকৰিলা কিন্তু ক’তাআমি দেখােন বােৱাৰীক দেখাপােৱা নাই?” বুঢ়ীৰ কথাশুনি কোঁৱৰে আগৰ পৰাগুৰিলৈকে তাইক সকলাে কথাভাঙি ক’লত বুঢ়ীয়ে মাতলগালে, “বােপা ঔ-টেঙাটোৰভিতৰতে তােমাৰ কুঁৱৰী আছে, শােৱনি-ঘৰৰ ভিতৰত একুৰাযুঁহজুই ধৰি থবা আৰুদৈ গাখীৰ আঠিয়াকল ফেনেকিমিহলাই ওচৰতে এটা বাটিতথৈ দিবা। তুমিতােমাৰ শােৱাপাটীত টোপনি অহাৰ ভাওজুৰি নাক ঘােৰ্ঘোৰাই থাকিবা। তােমাৰটোপনি আহিছে ভাবি যেতিয়াসেই ঔ-টেঙাটোৰ পৰাছােৱালীজনী ওলাই ভাত খাবলৈবহিব তেতিয়া তুমি ততালিকে উঠিসেই ঔ-টেঙাটো উঁহজুইতদি পুৰি পেলাবা।কিন্তু তেতিয়া দেখিবা যে ছােৱালীজনীঠাচ কৰে মাটিত পৰিগৈছে। তেতিয়াইলৰালৰিকৈ সেই বাটিৰপৰা দৈগাখীৰ আৰু আঠিয়াকল আনিতাইৰ মূৰত ভৰণ দিবা; দিলেই তাই জ্ঞান পাইউঠি বহিব। বুঢ়ীৰবুধি শুনি কোৱৰে ৰংপাই তাইক বঁটা দিবিদায় দিলে; আৰু ৰাতিসেই বুঢ়ীৰ কথামতেই কৰিঔ-কুঁৱৰীক লাভ কৰিলে।কোঁৱৰৰ বাপেক-মাকে পিছদিনাপুৱা এই ঘটনা শুনিআৰু বােৱাৰীয়েকক দেখি তেওঁলােকৰ মনতআনন্দই নধৰা হ’ল। বিয়ৈ-বিয়ৈনী ৰজা-ৰাণীলৈ এইবাতৰি তেওঁলােকে কৈ পঠিয়ালত তেওঁলােকৰােমনত মহা ৰং মিলিলআৰু আকৌ তেওঁলােকে মহাপয়ােভৰেৰে জীয়েক ঔকুঁৱৰীক কেঁৱৰলৈবিয়া দিলে।
Comments
Post a Comment