All About Mohammed Suleman Khan And Mohammed Suleman Khan All Poems ||Assamese Medium

All About Mohammed Suleman Khan And Mohammed Suleman Khan All Poems


Mohammed Suleman Khan All Poems List:

  • নােৱাৰোঁ
  • জোনাক নিশা
  • ৰাতিপুৱা
  • বিনয়

মহম্মদ চুলেইমান খাঁ

 

 

 

Mohammed Suleman Khan All Poems
Nuwaru

নােৱাৰোঁ

                                         -মহম্মদ চুলেইমান খাঁ

নােৱাৰোঁকথাটি হেৰা বেয়া কথা বৰ

কদাপি নহয় সিটো কথা মানুহৰ

          এলেহুৱা যিটো হয়

          নােৱাৰোঁ সিটোৱে কয়,

তেনেহ'লে তুমি কিয় নােৱাৰোঁ বুলিবা

এলেহুৱা হৈ কিয় জীৱন ধৰিবা?

ভাল নাম পাবলৈ যদি কৰা মন,

তেনেহ'লে নুবুলিবা নােৱাৰোঁ বচন।

          দহজনে পাৰে যিটো

          তুমিও পাৰিবা সিটো,

হেন জানি সাহ কৰি প্রাণটাকি কৰা,

একেবাৰে নােৱাৰিলে এশবাৰে কৰা









Mohammed Suleman Khan All Poems
Junak Nikha

জোনাক নিশা

                                  -মহম্মদ চুলেইমান খাঁ

কেনেনো জোনাক নিশা চোৱা আজি ভাই

দেখিলেই দেহা মন জুৰ পৰি যায়

জোনটিয়ে আকাশত জক্মক্ কৰি

চোৱাচোন জ্বলি আছে কেনে শোভা ধৰি

নই, বিল, ঘৰ-বাৰী সকলোতে আহি

ৰূপালী জেউতি পৰি আছে যেন হাঁহি

তৰাবোৰ কেউকাষে তিৰ্বিৰ্ কৰি

হাঁহে আৰু নাচে চোৱা কেনে ছেও ধৰি

অসীম আকাশ জুৰি শোভে বিতোপন

যাক দেখি আনন্দত নাচি উঠে মন

সকলো শোভাৰ গিৰি সেই বিশ্বপতি

একমনে সিজনক কৰোঁ মই নতি








ৰাতিপুৱা

                                 -মহম্মদ চুলেইমান খাঁ

ৰাতিপুৱা '              উঠা  সোণফেৰি

উঠা গিৰিসাই              ঢাৰি-পাটী এৰি

নুশুবা-নুশুবা               উঠা ঘপৰাই

এতেপৰ কেও              শুই থকা নাই

ৰীণা, বীণা,মীনা           উঠিল আটাই

এলাহতে কেও             শুই থকা নাই

সকলোৱে চোৱা          পুথি মেলি লই

শিকে নিজ পঢ়া           মন থিৰ কই

আৰু চোৱা  সৌ          পূৱ আকাশত

ৰঙা বেলি উঠে            কেনে উলাহত

চৰাইবিলাকে               গছে গছে পৰি

বিধে বিধে গায়             নানা ছেও ধৰি

গছে গছে ফুল             কতনো ফুলিছে

গোন্ধ লই জুৰ             বতাহ বলিছে

চোৱা আৰু সউ           উঠিল মহিম

উঠিল কমল                উঠিল কৰিম

বনত বলিয়া                 মউমাখিবোৰে

ফুলে ফুলে মউ           পান কৰি ফুৰে

এতেকতে তুমি            উঠা লৰালৰি

পানী লই ধোৱা            হাত মুখ ভৰি

কিছুপৰ ফুৰি               পুথি মেলি লই

শিকা নিজ পাঠ           মন থিৰ কই







Mohammed Suleman Khan All Poems
Binoi

বিনয়

                                         -মহম্মদ চুলেইমান খাঁ

সৰু কিম্বা বৰ              আপোন কি পৰ

নক'বা বচন বঢ়া,

নিতে সৰু হৈ               মিঠা কথা কৈ

সবাকে তুষিব পাৰা

নহ'বা খঙাল               নহ'বা গপাল

নহ'বা ডাংকোপ মৰা,

সৰু হই 'বা                বেথা তুমি পাবা

সকলো লোকৰে পৰা






Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium