কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ পখিলা কবিতাটি|| অসমীয়া কবিতা||Assamese Famous Poem Pokhila

কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ পখিলা কবিতাটি|| অসমীয়া কবিতা||Assamese Famous Poem Pokhila

কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ পখিলা কবিতাটি|| অসমীয়া কবিতা||Assamese Famous Poem Pokhila
অসমীয়া কবিতা


পখিলা

কবি: চন্দ্ৰকুমাৰ আগৰৱালা 


ফুটুকীয়া সাজ তােমাৰ 


হেঙুলীয়া ৰেখা, 


কেতেকী ৰেণুৰে ঘঁহা। 


নাচনী, পখিলা। 


আগলি পাতত বহি তুমি 


ৰ’দ-কাঁচলি লােৱা, 


ফুলৰ পাহিত আসন পাতি 


ফুলৰ মৌ খােৱা। 


মলয় ছাটি নাচি আহে গা 


খৰ বাগৰ মাৰি, 


তাতে তুমি উটি যােৱা 


পুলুকাটি মাৰি। 


মেঘলৈকো যােৱা দেখোঁ


স্বৰ্গৰ কথা কোৱা, 


দেৱকন্যাৰ খােপাত তুমি 


অলংকাৰ হােৱা। 


ৰ’দে ছাঁয়ে মিলি তােমাক 


ধুনীয়াটি কৰে, 


কুঁহিলা যেন গাটি তােমাৰ 


কেনে বৰণ ধৰে। 


শূন্যৰ কোলাত গা ঘেলাই 


পানীত মুখ চোৱা, 


পদুম ফুলৰ চকাত পৰি 


তাতে মােহ যােৱা। 


বনৰ মাজত পাতৰ আঁৰত। 


কত তােমাৰ ঘৰ, 


কোন দেশৰ প্রাণী তুমি 


কলৈ মাৰা লৰ ?

Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

700+ এটা শব্দত প্ৰকাশ কৰা | অসমীয়া ব্যাকৰণ | one-word substitutions in Assamese

ইংৰাজী ব্যাকৰণৰ "Preposition" কি আৰু "Preposition"ৰ বিভিন্ন প্ৰকাৰসমূহ অসমীয়াত