ৰাঙলী বুঢ়ীৰ দান_কবি-বিনন্দ চন্দ্ৰ বৰুৱা_অসমীয়া কবিতা_Assamese Famous Poem


ৰাঙলী বুঢ়ীৰ দান_কবি-বিনন্দ চন্দ্ৰ বৰুৱা_অসমীয়া কবিতা_Assamese Famous Poem Written by Binandra Chandra Baruah


ৰাঙলী বুঢ়ীৰ দান_কবি-বিনন্দ চন্দ্ৰ বৰুৱা_অসমীয়া কবি
অসমীয়া কবিতা




 ৰাঙলী বুঢ়ীৰ দান
 কবি: বিনন্দ চন্দ্ৰ বৰুৱা 


অ’ ৰঙামুৱা, অ’ ৰঙামুৱা চোতাল পালেহি মান,


জামুগুৰি চাপৰিত গি্ৰজনি মাৰিছে, চিঞৰত ফালিছে কাণ৷


মানৰ ৰণ-চালি কিনো তালি ভুলি, কিনো নিঠৰুৱা প্ৰাণ,


স্বৰ্গদেউ ঈশ্বৰৰ, সোণৰ দেশ ভাঙিছে, গচকত ভাঙিছে ধান৷


গগৈ সেনাপতি অকলে অাহিছে, চাপৰিত পাতিব ৰণ;


যোৰহাট নগৰত স্বৰ্গদেউ ঈশ্বৰে, খৰকৈ গুণিছে ক্ষণ৷


অসমীয়া সেনা তেনেই তাকৰীয়া, তথাপি জীৱন পণ,


ৰাখিব লাগিব সোণৰ অসম, দেশৰ জীৱন ধন৷


বনৰ বন-ৰজা, মানৰ শতৰু, দেশ ৰাখিবৰ হই;


সিবাৰ গৰু নিলে, কোঠাত সোমাই, মানকো কামুৰি থই৷


অ’ ৰঙামুৱা, দুখুনী বাঁৰীৰ, এটি অাঁচলৰ ধন,


তথাপি লাগিব, যুঁজলৈ যাব, থৌকি বাথৌ মন৷


উঠ ৰঙামুৱা, ফেহুঁজালি দিলে, শুবৰ সকাম নাই,


দা- যাঠী লৈ, যা লৰা লৰি, বেগতে এমুঠি খাই৷


ৰাতিতে যতনাই ৰাখিছোঁ কৱচ, পিন্ধিব পাৰিবি তই


মানৰ যুজঁত পিতাৰা ঢুকাল, যুঁজলৈ কিহৰ ভয়?


এইদৰে কৈ, ৰাঙলী বুঢ়ীয়ে, ৰঙাক যুঁজলৈ পাচি,


জীৱন মৰণ ভৰিৰে গচকি যশ মান ল’লে বাচি ।


Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

700+ এটা শব্দত প্ৰকাশ কৰা | অসমীয়া ব্যাকৰণ | one-word substitutions in Assamese

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium