চহা আৰু পণ্ডিত কবি আনন্দ চন্দ্ৰ আগৰৱালা || অসমীয়া কবিতা || Assamese Medium
Assamese Poem Soha Aru Pandit Written By Ananda Chandra Agarwala
Soha Aru Pandit Assamese Poem Written By Ananda Chandra Agarwala
অসমীয়া কবিতা চহা আৰু পণ্ডিত কবি আনন্দ চন্দ্ৰ আগৰৱালা
চহা আৰু পণ্ডিত
ভালেখিনি নিলগতচহৰৰ পৰা
আছিলএজন চহা জুৰমন বৰা;
ৰূপযেন চুলি তাৰ বুঢ়া বয়সত,
জানিছিল বহুকথা সংসাৰ-ঠেকত;
বাৰিষাৰ বৰষুণকাতি কৰি থই,
পূৱাতে ওলাইযায় হালকোৰ লই;
বোকাপানী জাৰ-জহ মেঘৰগাজনি,
হৰষিতে খেতিকৰে একোকে নামানি;
মনতসন্তোষ সদা, নাজানে খিয়াল,
নাজানিলে দূৰাকাঙ্খা সকলোৰে ভাল
সকলোৰে উপকাৰী গাঁৱৰমাজত,
সজ নাম চুবুৰীয়া লোকৰ মুখত।
এজনপণ্ডিত বৰ শাস্ত্ৰত নিপুণ
বহুকাল পঢ়িশুনি লভি বহু গুণ,
ভৰিএদিনাখন চহাৰ পঁজাত;
শুধিলে কি জ্ঞান লভিলা ইয়াত?
ধৰ্মশাস্ত্ৰ, ইতিহাস, ওঠৰপুৰাণ,
দৰ্শন, জ্যোতিষ, অঙ্ক, ভূগোল, বিজ্ঞান?
চকুৰটোপনি খতি আদখিনি ৰাতি,
চাকিচাকি তেল পুৰি পঢ়ি পুথি-পাঁজি
আৰ্জিলা নে বিদ্যা-বুদ্ধি জ্ঞানধৰ্ম আৰু,
ভৱভুতি, কালিদাস বুজিলানে বাৰু?
দেখিলা নে নানা তীৰ্থ, বিচিত্ৰ নগৰ,
গিৰি, নদী, সৰোবৰ, সুনীল সাগৰ?
মানুহৰ ৰীতি-নীতি আৰু দেশাচাৰ,
দেখিলা নে কোৱা বাৰু শুনো একোষাৰ।
চহাইউত্তৰ দিলে মুৰটি দোৱাঁই,
পুথি-পাঁজি পঢ়াশালি মই দেখানাই;
কোনোদিন ফুৰানাই দেশ-বিদেশত
বিদেশৰ ৰীতিনীতি মোৰ অবিদিত।
সভ্যতাৰ মুখাপিন্ধি মানুহে সঁচাই,
মানুহকে চল কৰে দেখিছো সদায়;
আমিযদি আমাকেই নোৱাৰো জানিব,
নানাশাস্ত্ৰ পঢ়ি তেন্তে কি লাভ ঘটিব,
যিদৰেআৰ্জিলো মোৰ অতি ক্ষুদ্ৰ জ্ঞান,
কওঁবাৰু কথালৈ দিবা মোৰ কাণ-;
মৌমাখি বন কৰি উৰি উৰি যায়,
পৰিশ্ৰমী হবলৈআমাক শিকায়;
জাৰকালি খাবলৈসাঁচে পৰুৱাই
ধনধানসাঁচিবলৈ আমাক শিকায়;
এই যে কুকুৰ মোৰ দুৱাৰদলিত
তাৰপ্ৰভূ ভক্তি দেখি হওঁ আচৰিত;
চোতালআগৰ সৌ কঁঠাল জুপিত
কপৌ-কপৌৱনী জুৰি মাতে হৰষিত;
আহা! কেনে ভালপোৱা অজান দুটাৰ,
শিক্ষা দিয়েপ্ৰেম কিনো মতা তিৰোতাৰ।
দেখিছানে সৌজনীকুকুৰা চৰাই,
ডৌকাৰআঁৰত কেনে পোৱালী শুৱায়;
যতেকচৰাই উৰি ফুৰে আকাশত,
চোঁৱাচোন সকলোৱে নিজৰবাঁহত;
উমাইউমাই কেনে পোৱালী জগায়,
কত যত্নে টোপ আনি মুখত খুৱায়;
দলনিতচৰি ফুৰা শৰালি জনীৰ,
পিতৃ-মাতৃৰ প্ৰতি ভক্তি কিমান গভীৰ;
স্বভাৱৰ লীলাখেলা চাইচাই চাই,
পঁকালো মুৰৰচুলি নান শিক্ষা পাই;
উৰণ, বুৰণ আৰু গজন, ভ্ৰমণ,
যত দেখোঁ সকলোটি হিতৰ কাৰণ!
যদিচাব জানা এই সুন্দৰ জগত
শিক্ষাৰ বিষয়পাবা অনেক মহৎ!
অক্ষয়অমূল্য জ্ঞান ৰতনেৰে ভৰা,
বিশ্বপুথি পঢ়া বিশ্ব-খনিকৰে কৰা।
একেটাঘৰৰ ছাল আকাশমণ্ডল,
একেটাঘৰৰ ভেঁটি এই ধৰাতল,
একেটাবেলিয়ে দিয়ে পোহৰ দিনত
এক জোনে জিলিকায় নিশাৰ ভাগত;
একেবায়ু, একে পানী আমাৰ আহাৰ
একেতেজ, একে মাংস দেহত আমাৰ,
কৰিছে সবাকে এক বিশ্বখনিকৰ,
নৰ-নাৰী, পূত্ৰ কন্যা এক ঈশ্বৰৰ;
সবাকেপালিছে তেঁও সমান স্নেহেৰে
জোনৰজোনাক তেঁও দিয়ে ঘৰে ঘৰে।
সবাকোবিলাই বায়ু ভেদাভেদ নাই
সকলোৱে সমভাগে জুই-পানী পায়।
পৃথিৱীয়ে দিয়েশস্য বেলিয়ে পোহৰ
কেনেসম দৰশন, দয়া ঈশ্বৰৰ।
কিয়তেন্তে দ্বন্দ্ব-হাই, ইৰ্ষা পৰস্পৰ
খোঁচাখুচি হিংসা-বৈৰী দেখোঁমানুহৰ
মানুহে ঘিনাইহায় ! ভাই মানুহক,
কপটচলনাৰে হয় প্ৰতাৰক!
ইতৰপ্ৰাণীৰ মাজে আছে অনেকৰ,
আছেহিংসা বৈৰী –ভাৱ ক্ৰোধ সিহঁতৰ,
আছেডকা দিয়া চিলা হিংসুকীয়া,
মানুহৰ সেইবোৰ কিন্তু তলতীয়া।
সকলোপ্ৰাণীৰ মধ্যে নৰশ্ৰেষ্ঠ কয়,
হায়! হা! নৰ কিয় পশুতুল্য হয়?
এটুপিচকুলো পানী, এষাৰি সাদৰী মাত,
এখনিচেনেহী হিয়া, এখনি সহায় হাত
পিছপৰা দুখীয়াই যায়আশা কৰি,
আগবঢ়াসুখীয়াই চায় জানো ঘুৰি?
ভাইভনী, নৰ-নাৰী আছো যতবোৰ।
নানা-ৰূপে নানা নামে লোকে জগতৰ
দেশেদেশে পূজা কৰে পৰম ঈশ্বৰ;
সকলোনদীৰ গতি যিৰূপে সাগৰ,
সকলোপূজা পায় বিশ্ব খনিকৰ
বিশ্বজুৰি স্নেহ-প্ৰীতি বাঢ়োক আমাৰ,
স্বভাৱৰ পৰাপালোঁ এই শিক্ষা সাৰ।
পণ্ডিতে তৱধমানে চহাৰকথাত,
হৰষিতে ক’লে তাৰ ধৰি দুই হাত-
ধন্যতুমি খেতিয়ক, চহা গাঁৱলীয়া
ধন্যতুমি শিক্ষা দিলা কি মহামূলীয়া
নেদেখিলা পঢ়াশালি, একোনপঢ়িলা,
স্বভাৱৰ পৰাঅতি সজ শিক্ষা দিলা।
যিবাবিদ্যা আৰ্জে লোকে পঢ়াশালি পাই,
যিবাশিক্ষা পাই লোকে শাস্ত্ৰ পঢ়ি চাই,
জানিবলগীয়া বহু বাহিৰেও তাৰ
জ্ঞানৰত্ন পাব পাৰে যত্ন থাকে যাৰ।
-আনন্দ চন্দ্ৰ আগৰৱালা
Ananda Chandra Agarwala Assamese poemSoha Aru Pandit
All Assamese Poem written Anandachandra Agarwala list:
Soha Aru Pandit
Baro Mah
Moromor Aai
Comments
Post a Comment