অসমীয়া কবিতা-"সুখ"Assamese Famous Poem-Hukh by Ananda Chandra Agarwala

                   

কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ অসমীয়া কবিতা-"সুখ"Assamese Famous Poem-Hukh by Ananda Chandra Agarwala


কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ অসমীয়া কবিতা-"সুখ"Assamese Famous Poem-Hukh by Ananda Chandra Agarwala
"সুখ" কবিতা





                    সুখ


কবি : আনন্দ চন্দ্ৰ আগৰৱালা


সুখ সুখ বুলি মানুহ বলিয়া

        নেদেখে সুখৰ মুখ ;

সুখ বিচাৰোঁতে পায় সংসাৰত

        দুখৰ উপৰি দুখ ৷

দেখিও নেদেখা কিয় দিন-কণা

        সুখযে হাততে আছে ;

যিটে’ দিব পাৰে স্বাৰ্থ-বলিদান,

        সুখ ফুৰে পাছে পাছে ৷

অকল নিজৰ নিমিত্তে নহয়

        আমাৰ জীৱন ভাই,

পৰৰ কাৰণে খাটিব পাৰিলে

        সংসাৰ সুখৰ ঠাই ৷

পৰৰ অভাৱ, পৰৰ দুখত

        হিয়া যদি পমি যায়,

পৰক আপোন কৰিব পাৰিলে

        সংসাৰত দুখ নাই ৷

শক্তি-সামৰথ পৰৰ সুখত

        বিলাব পাৰিলে ভাই,

পৰৰ কাৰণে কান্দিব জানিলে

        কান্দোনতো সুখ পায় ৷

সকলো আপোন যত নৰ-নাৰী ;

        কাকনো বুলিম পৰ ?

পৰমপিতাৰ সকলো সন্তান

        পৃথিৱী আমাৰ ঘৰ ৷

গাই-গোটা-পেটে- ভঁৰাল নহ’বাঁ ৷

        লোকৰ দুখলৈ চোৱাঁ,

মানুহৰ সেৱা, মানুহৰ পূজা,

        পৱিত্ৰ বৰত লোৱাঁ ৷

‘মই’ ‘মোৰ’ ভাবে তললৈ নমাব

        নাপাব ৰক্ষাৰ তৰী ৷

সুখৰ দুখৰ মনেই কাৰণ

        মনক কৰিবাঁ থিত ;

ত্যাগত লভিবাঁ পৰম সন্তোষ

        সাধিবাঁ লোকৰ হিত ৷

স্বাৰ্থৰ বাটত দুখৰ কাঁইট,

        খোজে পতি বিন্ধে হুলে,

স্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি,

        সুগন্ধি কুসুম ফুলে ৷

যথাৰ্থ নিঃস্বাৰ্থ ধৰমী জীৱন,

        বিস্ব-প্ৰেমে ভৰ-পূৰ,

বিশ্বৰ সকলো ভাই-ভনী তাৰ,

        সুখৰ নপৰে ওৰ ৷


                           

Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium