জীৱ বিজ্ঞান-প্রাণী জগত, শৰীৰ, ৰােগ, চিকিৎসা, GK related with man, animals lives, disease, health
জীৱ বিজ্ঞান-প্রাণী জগত, শৰীৰ, ৰােগ, চিকিৎসা লগত জড়িত ১২০ টা প্রশ্ন-উত্তৰ-GK Question and Answer related with plant and animals lives, health, diseases in Assamese-
![]() |
GK in Assamese |
১। মানুহৰ শৰীৰৰ হৃৎপিণ্ডৰ যি অংশত তেজ সংগৃহীত হয় সেই অংশটোৰ নাম কি?
উঃ- অলিন্দ।
২। পৰুৱা এটাই কিমান গধুৰ বােজা কঢ়িয়াব পাৰে? উঃ- নিজৰ ওজনৰ চাৰিগুণ গধুৰ।
৩। গছৰ বয়স কেনেকৈ জুখিব পাৰি?
উঃ- গা-গছৰ বছৰেকীয়া তৰপৰ আঙুঠিবােৰ গণনা কৰি।
৪। মানুহৰ শৰীৰৰ কোন অংশৰ পৰা বাইল ৰস ওলায় ?
উঃ- লিভাৰৰপৰা।
৫। মানুহৰ তেজলৈ কিহে অক্সিজেন বহন কৰে ?
উঃ হিমােগ্লোবিনে।
৬। জীৱিত মানুহৰ শৰীৰৰপৰা বিকিৰিত হােৱা ৰশ্মিৰ নাম কি?
উঃ- অৱলােহিত ৰশ্মি।
৭। মানুহৰ লেজিমেল গ্রন্থি কেতিয়া কার্যক্ষম হৈ উঠে?
উঃ- কান্দোনৰ সময়ত।
৮। এজনী ৰাণী মৌ কিমান দিন জীয়াই থাকে আৰু এদিনত কিমান কণী পাৰিব পাৰে?
উঃ- ৩/৪ বছৰলৈকে জীয়াই থাকে আৰু দিনে প্রায় ২০০০ টা কণী পাৰে।
৯। আফিং (OPIUM) কেনেকৈ প্রস্তুত কৰা হয় ?
উঃ- আফুগছৰ আঠাৰপৰা।
১০। মানুহৰ কোনটো অঙ্গ আটাইতকৈ ডাঙৰ?
উঃ- গাৰ ছাল।
১১। চেলুলােজৰ উৎস কি?
উঃ- উদ্ভিদৰ কোষপ্রাচীৰ।
১২। মানুহৰ দেহ-কোষত কিমান ক্রমােজম থাকে?
উঃ- ২৩ যােৰ।
১৩। কাঠফুলা কি?
উঃ- জেকা মাটিত হােৱা আৰু শিপা তথা ফুল নথকা এবিধ উদ্ভিদ।
১৪। কুইনাইন কিহৰপৰা প্ৰস্তুত কৰা হয় ?
উঃ- চিনকোনা নামৰ এবিধ গছৰ ৰসৰপৰা।
১৫। ভেঁকুৰ কি?
উঃ অতি নিম্নখাপৰ অসেউজীয়া উদ্ভিদ। ই পৰনিৰ্ভৰশীল।
১৬। চাহগছৰ বৈজ্ঞানিক নাম কি?
উঃ- কেমেলিয়া চাইনেনচিচ।
১৭। উদ্ভিদ দেহৰ হৰমােন তিনিটা কি কি?
উঃ- অক্সিন, ফাইনিন আৰু জিবাৰলিন।
১৮। অক্সিন ক’ত থাকে ?
উঃ- উদ্ভিদৰ অগ্র মুকুলত।
১৯। উদ্ভিদৰ পাতৰ ৰং সাধাৰণতে সেউজীয়া হয় কিয় ?
উঃ পাতত ক্লোৰােফিল থকা বাবে।
২০। বর্তমানলৈকে বিশ্বত কিমান বিধ গছ চিনাক্ত হৈছে?
উঃ- প্রায় ৩ লাখ ৪3 হাজাৰ ।
২১। কি গছে সবাতােকৈ অধিক দিন ফুল দিয়ে?
উঃ- নাচপতি গছে। প্রায় ৩০০ বছৰ।
২২। কি জাতীয় উদ্ভিদ সবাতােকৈ সােনকালে বাঢ়ে ?
উঃ- বাঁহ জাতীয়।
২৩। উদ্ভিদে কিহৰ সহায়ত শ্বাস-প্রশ্বাস কার্য চলায় ? উঃ- উদ্ভিদৰ পাতত থকা বিন্ধাৰ সহায়ত।
২৪। গছে কেনেদৰে আহাৰ গ্ৰহণ কৰে?
উঃ- শিপাৰ সহায়ত মাটিৰপৰা।
২৫। শেলাই কি?
উঃ- শেলাই এবিধ অতি নিম্নখাপৰ উদ্ভিদ। এনে জাতীয় উদ্ভিদ পানী নাইবা সেমেকা ঠাইত জন্মে।
২৬। শৰীৰৰ কোন অংশত স্নায়ু নাই?
উঃ- নখ আৰু চুলিত।
২৭। পিটুইটাৰী গ্রন্থি মানৱ দেহত ক’ত থাকে?
উঃ- মগজুৰ তৃতীয় গহ্বৰৰ তলত।
২৮। মানুহৰ চুলি ক’লা হােৱাৰ কাৰণ কি?
উঃ- চুলিত মেলানিন নামৰ এবিধ ৰঞ্জক পদার্থ থকা কাৰণে।
২৯। মানুহৰ শৰীৰৰ ছালত কিমান বিন্ধা আছে?
উঃ- দুই লাখতকৈও অধিক।
৩০। মানৱদেহৰ পঞ্চইন্দ্ৰিয়ৰ নাম কি কি?
উঃ- চকু, কাণ, নাক, জিভা আৰু ছাল।
৩১। মানুহৰ শৰীৰত থকা সৰ্বমুঠ হাড়ৰ সংখ্যা কিমান?
উঃ- ২০৬ ডাল।
৩২। প্লীহা আমাৰ দেহৰ কোন অংশত থাকে?
উঃ- তলপেটৰ বাওঁ অংশত।
৩৩। যকৃত (Liver) মানৱ শৰীৰৰ ক’ত থাকে ?
উঃ- তলপেটৰ সোঁ ফালে।
৩৪। দাঁত কি জাতীয় পদার্থ ?
উঃ- কেলচিয়াম জাতীয়।
৩৫। ইনচুলিনৰ কাম কি?
উঃ- তেজত গ্লুকজৰ মাত্রা নিয়ন্ত্রণ কৰা।
৩৬। এজন সুস্থ মানুহৰ নাড়ীৰ গতি প্রতি মিনিটত কিমান ?
উঃ- ৭৫ বাৰ।
৩৭। উদ্ভিদৰ কাৰণে কি কি মৌল অপৰিহাৰ্য ?
উঃ-- নাইট্রজেন, ফচফৰাচ, পটাচিয়াম, কেলচিয়াম, মেগনেচিয়াম, গন্ধক, লাে আদি।
৩৮। উদ্ভিদৰ প্রাণ আছে নে?
উঃ- আছে।
৩৯। সালােকসংশ্লেষণ কাক বােলে ?
উঃ- যি ৰাসায়নিক প্রক্রিয়াৰ দ্বাৰা উদ্ভিদে নিজৰ শৰীৰত আহাৰ প্রস্তুত কৰি লয় তাকে সালােকসংশ্লেষণ বােলে।
৪০। উদ্ভিদ সালােক সংশ্লেষণ-প্রক্রিয়াৰ বাবে কি কি বস্তুৰ প্রয়ােজন?
উঃ- কার্বন-ডাই-অক্সাইড, পানী, ক্লোৰােফিল আৰু পােহৰ।
৪১। সালােকসংশ্লেষণ প্রক্রিয়া উদ্ভিদৰ কোন অংশত ঘটে?
উঃ- পাতত।
৪২। কোন ৰঙৰ ফুল নাই ?
উঃ- ক'লা ৰঙৰ।
৪৩। দিক্ দর্শন গছ কি?
উঃ- আমেৰিকাত থকা এবিধ বিশেষ শ্রেণীৰ গছৰ পাতবােৰ সদায় উত্তৰমুৱা হৈ থাকে। এই শ্রেণীৰ গছেই হ’ল দিক দর্শন গছ।
৪৪। কি গছৰ পাত নাই ?
উঃ- কেকটাচৰ।
৪৫। কি লতাগছৰ এটা পাত চুলেই আটাইবােৰ পাত জাপ খাই যায় ?
উঃ- লাজুকী লতা।
৪৬। অর্কিড কাক বােলে ?
উঃ- যিবােৰ গছ অইন গছত গজে তাক অর্কিড বােলে।
৪৭। মানুহৰ মূৰৰ লাওখােলাটো কিমানডাল হাড়েৰে তৈয়াৰী?
উঃ- ২৯ ডাল।
৪৮। মানুহৰ দেহত তেজ কিহৰ মাজেৰে চলাচল কৰে?
উঃ- ধমনী আৰু কিছুমান শিৰাৰ মাজেৰে।
৪৯। এজন পূর্ণবয়স্ক সুস্থ মানুহৰ দেহত কিমান তেজ থাকে?
উঃ- তিনি লিটাৰ সাতশ পঞ্চাছ গ্রাম।
৫০। কি প্রাণী উভয় লিঙ্গ ?
উঃ- কেঁচু।
৫১। মৰা চৰাইৰ নেজত কেইখিলা পাখি থাকে?
উঃ- ১৮ খিলা।
৫২। আটাইতকৈ সাহসী জন্তু কি?
উঃ- বনৰীয়া গাহৰি।
৫৩। কি জন্তুৱে থিয় হৈ শােৱে ?
উঃ- ঘোঁৰাই।
৫৪। মৌমাখিৰ চকু কেইটা?
উঃ- পাঁচটা।
৫৫। অক্টোপাছ কি ?
উঃ- এবিধ সামুদ্রিক প্রাণী। ইহঁতৰ ৮ ডাল শূৰ থাকে।
৫৬। কি জন্তুৱে মুখেৰে মাতিব নােৱাৰে।
উঃ- জিৰাফে'।
৫৭। কোন-কোন প্রাণীক লৈ চিমদি পৰিয়াল গঠিত হৈছে?
উঃ– গৰিলা, চিম্পাঞ্জী, ওৰাংওটাং আৰু গিবন।
৫৮। গাখীৰ দিয়া গছ ক'ত আছে?
উঃ- আমেৰিকাত। ই এবিধ বিশেষ শ্ৰেণীৰ গছ। এইবিধ গছৰ গুৰিৰফালে অলপমান কাটিলে গাখীৰৰ দৰে এবিধ তৰল পদার্থ ওলায়। এই গাখীৰ পুষ্টিকৰ আৰু সুস্বাদু।
৫৯। বৰষুণ দিয়া গছ কি আৰু ক'ত পােৱা যায় ?
উঃ- আফ্রিকাৰ মৰুভূমি অঞ্চলত পান্থপাদপ’ নামৰ কলগছৰ দৰে এবিধ গছ আছে। প্রখৰ ৰ'দৰ তাপত এনে গছৰপৰা সুস্বাদু পানী পৰে। বাবে বৰষুণ দিয়া গছ বােলে।
৬০। কি ৰঙৰ ফুল আটাইতকৈ সৰহ?
উঃ- ৰঙা ৰঙৰ।
৬১। ৰাণী মৌ এজনীয়ে এদিনত কিমানটা কণী পাৰিব পাৰে?
উঃ- ২০০০ টা।
৬২। চন্দ্ৰৰপৰা আকাশলৈ চালে আকাশখন কেনে দেখি?
উঃ- কলা।
৬৩। নিউজ প্রিন্ট কি?
উঃ- এবিধ বিশেষ ধৰণৰ কাগজ।
৬৪। মানুহৰ মগজুৰ ওজন কিমান?
উঃ গড়ে ১৪০০ গ্রাম বা দেহৰ মুঠ ওজনৰ শতকৰা মাত্র দুই ভাগ।
৬৫। কিহৰ অভাৱ হ'লে শিশুৰ ক্রিটিনিজম ৰােগ হয়?
উঃ- থাইৰক্সিনৰ অভাৱ হ'লে।
৬৬। কি বীজাণুৰ আক্ৰমণত মানুহৰ হুপিংকাহ হয় ?
উঃ- ব্রডেটেল্লা পাটুইচি।
৬৭। মানুহৰ শৰীৰত থকা পেশীৰ সংখ্যা কিমান ?
উঃ- ৩০০ ৰপৰা ৪০০ৰ ভিতৰত।
৬৮। সুস্থ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?
উঃ- ৯৭.৪°।
৬৯। সুস্থ প্রাপ্তবয়স্ক মানুহ এজনৰ দাঁতৰ সংখ্যা কিমান ?
উঃ- ৩২
৭০। প্রাপ্তবয়স্ক মানুহ এজনৰ শৰীৰত থকা হাড়ৰ সংখ্যা কিমান?
উঃ- ২০৬ ডাল।
৭১। প্রতি মিনিটত সুস্থ মানুহ এজনৰ নাড়ীৰ স্পন্দন কিমান ?
উঃ- ৭৮ বাৰ।
৭২। কি ভিটামিনৰ অভাৱত মানুহ কুকুৰীকণা হয় ?
উঃ- ভিটামিন 'A' (VITAMIN 'A')
৭৩। মেজিক দৰৱ কি ?
উঃ- কেম্পােজ।
৭৪। ৰেবিজ ভাইৰাচৰ ফলত কি ৰােগ হয়?
উঃ- জলাতঙ্ক। বলিয়া শিয়াল, কুকুৰে কামুৰিলে মানুহৰ এই ৰােগ হয়।
৭৫। মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?
উঃ- প্রায় ৮,০০০ নিযুত।
৭৬। মানুহৰ জ্ঞানকেন্দ্র ক'ত থাকে?
উঃ- মগজুত।
৭৭। কি ভিটামিনৰ অভাৱত মানুহৰ শৰীৰত স্কার্ভি ৰােগ হয়?
উঃ- ভিটামিন ‘C’ (VITAMIN-C)।
৭৮। তেজৰ শ্বেতকণিকাত নিউক্লিয়াচ থাকে নে?
উঃ- থাকে।
৭৯। তেজৰ শ্বেতকণিকাসমূহৰ মৃত্যু হলে কি বস্তুৰ সৃষ্টি হয়?
উঃ- পুঁজ।
৮০। মানৱ শৰীৰৰ খাদ্যনলী বা ইচোফেগাচ নলীডালৰ দৈর্ঘ্য কিমান?
উঃ- প্রায় ৩০ মিটাৰ দীঘল ।
৮১। মৰুভূমিত সৰহকৈ কি গছ জন্মে?
উঃ- নাগফেনা জাতীয় গছ।
৮২। মানুহৰ বৈজ্ঞানিক নাম কি?
উঃ- হােমােছেপিয়ান।
৮৩। জীৱ কাক বােলে ?
উঃ- যাৰ জীৱন আছে তাক জীৱ বােলে।
৮৪। অক্সিন কি ?
উঃ- এবিধ উদ্ভিদ হৰমােন।
৮৫। প্রাণীদেহত হৰমােন সৃষ্টিকৰী গ্রন্থিক কি বলে?
উঃ- এণ্ডোক্রিন গ্রন্থি।
৮৬। জীৱ-জগতক প্রধানকৈ কেইটাভাগত ভাগ কৰা হৈছে?
উঃ- দুটা। উদ্ভিদ আৰু প্রাণী।
৮৭। কি প্রাণীয়ে যৌন আৰু অযৌন উভয় ক্রিয়াৰে প্ৰজনন ঘটায় ?
উঃ- হাইড্রা।
৮৮। সন্তান প্রসৱ কৰা প্ৰাণীক কি বােলে ?
উঃ- জৰায়ুজ।
৮৯। কণী পৰা প্ৰাণীক কি বােলে ?
উঃ- অণ্ডজ।
৯০। উদ্ভিদৰ উচ্চতা মাপক যন্ত্ৰটোৰ নাম কি?
উঃ- আর্ক ইণ্ডিকেট।
৯১। গছবন আৰু প্রাণীদেহৰপৰা উৎপন্ন হােৱা এচিডক কি বােলে ?
উঃ- জৈৱ এচিড।
৯২। পানীত থকা আটাইতকৈ ডাঙৰ আৰু দীঘল সাপৰ নাম কি?
উঃ- এনকোণ্ডা (ANOCONDA)।
৯৩। কি সাপ আটাইতকৈ বেগী?
উঃ- আফ্রিকাৰ “ব্লেক মাম্বা”।
৯৪। কি চৰাই আটাইতকৈ বেগী?
উঃ- স্পিন টেইড চুইফট।
৯৫। কি মাছ আটাইতকৈ বিষাক্ত ?
উঃ- ষ্টোন ফিছ।
৯৬। বর্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ স্থলচৰ জন্তু কি?
উঃ আফ্রিকাৰ হাতী।
৯৭। কি চৰাইৰ পাখি নাই ?
উঃ- টাকাহে (নিউজিলেণ্ড)।
৯৮। কি প্ৰাণীৰ ঠেঙত চকু থাকে?
উঃ-ফৰিঙৰ।
৯৯। কি উদ্ভিদৰ মূল, কাণ্ড আৰু পাত নাই ?
উঃ- ৰালেচিয়া।
১০০। ঘাঁহ খােৱা গাইগৰুৰ গাখীৰত চর্বিৰ পৰিমাণ কেতিয়া বাঢ়ে।
উঃ- জহ কালত।
১০১। মানৱদেহৰ আটাইতকৈ চুটি হাড়ডালৰ নাম কি?
উঃ- ষ্টেপ।
১০২। কি স্তন্যপায়ী প্রাণীয়ে কণী পাৰে?
উঃ- প্লেটিপাচ।
১০৩। বাঘ আৰু সিংহৰ বৰ্ণসংকৰ পােৱালিক কি বােলে ?
উঃ- টাইগন।
১০৪। হাঁহ-কুকুৰাৰ কণী-উমনি দিবলৈ কিমান উত্তাপৰ প্রয়ােজন?
উঃ- ১০১ ডিগ্রী ফাৰেণ হাইট?
১০৫। উদ্ভিদৰ বৃদ্ধিত সহায় কৰা হৰমােনৰ নাম কি?
উঃ- অক্সিন।
১০৬। কি উদ্ভিদৰ বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি?
উঃ- লেবেন।
১০৭। কৃত্রিমভাৱে কণী উমনি দিয়া যন্ত্ৰটোৰ নাম কি?
উঃ- ইনকুৱেটৰ।
১০৮। কি যন্ত্ৰৰ সহায়ত উদ্ভিদৰ জীৱনী শক্তি’ৰ পৰিচয় পােৱা যায় ?
উঃ- ক্রেস্কোগ্রাফ।
১০৯। মাছৰ বয়স কেনেকৈ নির্ণয় কৰিব পাৰি ?
উঃ- মাছৰ বাকলিৰ ওপৰত সৃষ্টি হােৱা ঘূৰণীয়া দাগবােৰৰ সহায় লৈ।
১১০। আটাইতকৈ ডাঙৰ প্রাণী-কোষ কি?
উঃ উট পক্ষীৰ কণী।
১১১। কি মাছে উৰিব পাৰে ?
উঃ- ফ্লিপাৰ।
১১২ | মাতৃ আৰু গৰ্ভস্থ সংযােগী অংশটিক কি বােলা হয় ?
উঃ- প্লেচেন্টা।
১১৩। কণীৰ বগা বিজলুৱা অংশত থকা প্ৰটিনৰ নাম কি ?
উঃ- এলবুমেন।
১১৪। চোৰাত গছৰ পাতত কি এচিড থাকে ?
উঃ- ফমিক এচিড়।
১১৫। উদ্ভিদ সালােকসংশ্লেষণ প্রক্রিয়াৰ বাবে অক্সিজেন ক'ৰপৰা আহে?
উঃ- পানীৰপৰা।
১১৬। এজন সুস্থ মানুহৰ মগজুৰ ওজন কিমান ?
উঃ- চাৰি পাউণ্ড।
১১৭। কর্ক (CORK) কিহৰপৰা প্ৰস্তুত কৰা হয় ?
উঃ- স্পেইন আৰু পর্তুগালৰ ওক জাতীয় গছৰপৰা।
১১৮। কি প্রাণীয়ে নিজৰ গাৰ বিন্ধা পানী খায়?
উঃ- ভেকুলী।
১১৯। কি জন্তুৰ দাঁত নাই?
উঃ- শ্লথ।
১২০। কি জন্তুৰ ছাল ডাঠ?
উঃ- গঁড়।
Comments
Post a Comment