কবি বিনন্দচন্দ্ৰ বৰুৱাদেৱৰ বিখ্যাত বিপ্লবী কবিতা নজনা বীৰৰ মূৰ ||Assamese most famous poem
কবি বিনন্দচন্দ্ৰ বৰুৱাদেৱৰ বিখ্যাত বিপ্লবী কবিতা নজনা বীৰৰ মূৰ || Assamese most famous poem||old poem
নজনা বীৰৰ মূৰ
নজনা বীৰৰ মূৰ
লুইতৰ পাৰৰ চিলা পৰ্বতৰ
দাঁতিত এখনি গাঁও,
ভেলেঙীৰ দৰে চকু জুৰি ৰয়
যেনিয়ে এবাৰ চাওঁ।
সেই গাঁৱতেই আশী বছৰীয়া
মৰাণ বুঢ়াৰ ঘৰ,
সংসাৰত আছে নাতি এটি মাথোঁ
সিয়েই আপােন পুৰ।
বুঢ়াৰ মৰম বেথাৰে কলীয়াৰ
আঠোটি বছৰ হ’ল
এদিন গধূলি শৰাই ঘাটলৈ
অকলই ওলাই গ'ল।
মাটিত এফাল পােত খাই তাত
আছে লাওখােলা পৰি,
দেখি কলীয়াই খানি উলিয়াই
আনিলে সাদৰ কৰি।
ককাকক সুধিলে আঁতি-গুৰি তাৰ
কলীয়া যে সৰু লৰা,
ক’লে বুঢ়া আপে হুমুনিয়াহ কাঢ়ি
কথাটি আগৰে পৰা।
এদিন মােগলে সাগৰৰ দৰে
অলেখ সেনানী লই,
ৰামসিংহ ৰজাৰ লগত আহিল
লােভত বলিয়া হই।
অতি আদৰৰ সােণৰ অসম
কৰোঁ বুলি ছাৰখাৰ,
আহিল মােগল ৰাজপুত বিজয়ী
দেশ জুৰি হাহাকাৰ।
শৰাইঘাটৰ ৰজাৰ বিষয়া
লাচিত ফুকন বীৰ,
জন্মভূমিক ৰাখিবৰ মনে
উপায় কৰিলে স্থিৰ।
দেশৰ কাৰণে প্রাণ দিবলৈ
আহিলে কতনো বীৰ,
পৰি গ'ল হায় শৰাইঘাটতে
অলেখ জনৰ শিৰ।
লাচিত বীৰৰ সহিব নােৱাৰি
অতুল বিক্রম-বল,
মােগল সেনানী জয় আশা এৰি
অহা বাটে ঘূৰি গ'ল।
সেই যুঁজতেই তােৰ যে পিতাৰে
এৰিলে নিজৰ প্রাণ,
হাঁহি হাঁহি গই দেশৰ কাৰণে
জীৱন কৰিলে দান।
আজিও দেখােন মনত পৰিলে
ফুলি উঠে বুকু মােৰ,
জনমভূমিৰ কাৰণে মৰিল
ভাগ্যৱান পিতা তােৰ
আলৈ-আথানি নকৰিবি হেৰ
কোনােবা বীৰৰ মূৰ,
অতি আদৰৰ বস্তু হেৰ সিটো
পৱিত্ৰতা ভৰপূৰ।
কলীয়াই দিলে মৰাণ বুঢ়াক
নজনা বীৰৰ মূৰ,
চন্দন কাঠৰ চিতাত জ্বলাই
বুকু যে পেলালে জুৰ।
Comments
Post a Comment