Assamese poem Dhuli Kona Moi Poetry ChandraDhar Barua

অসমীয়া কবিতা ধূলিকণা মই কবি চন্দ্ৰধৰ বৰুৱা

Assamese poem DhuliKona Moi written by Chandradhar Barua

অসমীয়া কবিতা ধুলিকনা মই






















x

যিদিনা মৰিম মই, সেইদিনা বাৰু

জগতৰ কেনি হানি হ’ব?

মৰিলো নে আছো, মই, এই কথাকেনো

পৃথিৱীৰ কিমানে জানিব?

মই মৰিলেও দিন গ’লে ৰাতি হ’ব,

জোন বেলি ওলায়ে থাকিব

গছত ফুলিব ফুল, বতাহ বলিব,

নিজ বাটে নক্ষত্ৰ ঘূৰিব৷

আজিৰ দৰেই নিতে জগত চলিব,

নাই তাত অকণো সংশয়

এই বিশ্ব-সংসাৰৰ কোনো নিয়মৰে

লৰ চৰ অলপো নহয়৷

মই নোহোৱাৰ বাবে এই জগতৰ

কোনো পৰি নাথাকিব,

কামত বিভোৰ এই বিশাল বিশ্বই

মই মৰা গমকে নেপাব৷

অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ

এটি মাত্ৰ ধূলি-কণা মই

মোৰ অবিহনে এই বিপুল সৃষ্টিৰ

কেনিও অকণো হানি নাই৷


চন্দ্ৰধৰ বৰুৱা

Comments

Post a Comment