বাগদেৱী সৰস্বতী - সৰস্বতী পূজা - অসমীয়া ৰচনা - বাগদেৱী সৰস্বতীৰ বিষয়ে - About Saraswati Puja - Essay on Saraswati Puja
 |
বাগদেৱী সৰস্বতী - সৰস্বতী পূজা |
বাগদেৱী সৰস্বতী - সৰস্বতী পূজা - অসমীয়া ৰচনা - বাগদেৱী সৰস্বতীৰ বিষয়ে - About Saraswati Puja - Essay on Saraswati Puja
বাগদেৱী সৰস্বতীৰ বিষয়ে
বাগদেৱী সৰস্বতী - সৰস্বতী পূজা - অসমীয়া ৰচনা - বাগদেৱী সৰস্বতীৰ বিষয়ে - About Saraswati Puja - Essay on Saraswati Puja
আদিম কালত মানুহে প্রাকৃতিক শক্তিসমূহৰ মাজত আচৰিত গুণ বিচাৰি পাইছিল। তাৰে কিছুমানৰ বাবে তেওঁলােকে আতংকিত হৈছিল আৰু আন কিছুমানৰ বাবে মােহিত হৈছিল। এই দুয়ােটা দিশৰ প্ৰতি উদয় হােৱা মনােভাব প্রকাশৰ বাবে তেওঁলােকে কিছুমান কর্ম কৰিবলৈ লৈছিল। সেইবােৰৰ পৰাই পূজা-সেৱা বা আধ্যাত্মিক মনােভাৱৰ সৃষ্টি । এটা সময়ত এই আধ্যাত্মিক মনােভাৱ প্ৰকাশৰ মাধ্যমসমূহ উৎসৱলৈ পৰিৱর্তিত হ'ল। সময়ৰ পৰিৱর্তনে ইয়াত সহায় কৰিলে। মানুহে বিভিন্ন দেৱ-দেৱীৰ কল্পনা কৰি তেওঁলােকক আৰাধনাৰ বাবে কিছুমান বিশেষ দিন আৰুৰীতি-নীতি বাছি ল'লে। তেনেদৰেই প্রচলিত হােৱা এটা উৎসৱহ’ল সৰস্বতী পূজা। সৰস্বতীক বিদ্যাৰ অধিষ্ঠাত্রী দেৱী বুলি কোৱা হয়। প্রতি বছৰমাঘ মাহৰ পঞ্চমী তিথিত সৰস্বতী পূজা পালন কৰা হয়। এই উৎসৱ ঘাইকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধিক আকর্ষণীয়।
বাগদেৱী সৰস্বতী - সৰস্বতী পূজা - অসমীয়া ৰচনা - বাগদেৱী সৰস্বতীৰ বিষয়ে - About Saraswati Puja - Essay on Saraswati Puja
বিদ্যা শিক্ষা হ’ল মানুহৰ এটা শ্রেষ্ঠ গুণ। বিদ্যা শিক্ষা গ্রহণে মানৱ মনৰ কু-ভাৱ আঁতৰ কৰি স্বচ্ছতা আনি দিযে। জ্ঞানী মানুহৰ অন্তৰ সদায পৱিত্ৰ হৈ থাকে। এনে এক মহান গুণৰ অধিকাৰীৰূপে মানুহে এগৰাকী দেৱীক কল্পনা কৰিছে মােহনীয় ৰূপত। শুকুলা বস্ত্র পৰিধান কৰা সৰস্বতী দেৱীক এক পৱিত্ৰ ৰূপ প্ৰদান কৰা হৈছে। হাতত বীণ লৈ থকা আৰু পদুম ফুলৰ আসনেৰে সৰস্বতী দেৱীৰ বাহন হংস পক্ষী। বাগদেৱী, বীণাপাণি, শ্রীপঞ্চমী আদি কেইবাটাও নামেৰেসৰস্বতী দেবীৰ নামকৰণ কৰা হৈছে। কাপ আৰু পুথি সৰস্বতী দেৱীৰ কাষতে কল্পনা কৰা হয়। ইয়াৰ পৰা এক গভীৰ মহত্ব বুজা যায়। সৰস্বতী দেৱীৰ লগত থকা বীণ আৰু কিতাপে সংগীত আৰু বিদ্যা শিক্ষাৰ মাজত থকা যােগসূত্র বুজাইছে। প্রকৃততে সুকুমাৰ কলাৰ প্ৰতিটো ক্ষেত্ৰতে সৰস্বতী দেৱী আৰাধ্য গােসানী। সৰস্বতী পূজা বিশেষকৈ শিক্ষানুষ্ঠানসমূহত পালন কৰা হয়। সৰস্বতী পূজাৰ দিনটো ছাত্র-ছাত্রীসকলৰ বাবে অতি আকাংক্ষিত দিন। পূজাৰ আগদিনাৰ পৰা সকলাে ব্যস্ত হৈ পৰে। মণ্ডপ সজাই তাত দেৱী প্রতিমাক প্রতিষ্ঠা কৰে।
বাগদেৱী সৰস্বতী - সৰস্বতী পূজা - অসমীয়া ৰচনা - বাগদেৱী সৰস্বতীৰ বিষয়ে - About Saraswati Puja - Essay on Saraswati Puja
পূজাৰ দিনা উপাবাসেৰে নিয়ম-নীতিৰ মাজেৰে শিক্ষা গ্রহণকাৰীসকলে দেৱীৰ চৰণত আৰাধনা কৰে। ফুল- তুলসী-বেলপাতেৰে শুদ্ধি কৰি মন্ত্র পাঠেৰে পুষ্পাঞ্জলি অর্পণ কৰে। বিদ্যার্থীসকলে স- ভক্তিৰে জ্ঞান বৃদ্ধিৰ বাবে সৰস্বতী মাতৃৰ আশীর্বাদ কামনা কৰে। মাহ-প্ৰসাদ-ভােগ খাই উপবাসৰ অন্ত পেলায়। সুন্দৰ সাজপাৰ পৰিধান কৰাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সেই দিনটো বিশেষ গুৰুত্বপূর্ণ। পৰিষ্কাৰভাৱে নিজকে সুন্দৰ ৰূপত সজাই মনৰ আনন্দেৰে দিনটো পাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলে ভাল পায়। বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে আন আন অনুষ্ঠানৰ পূজা থলী দর্শন কৰি আন্তৰিকতাৰ ভাব বৃদ্ধি কৰে। প্রীতিভােজনৰ দৰে কাৰ্যসূচীৰাে আয়ােজন কৰি আতিথ্য প্রদান কৰা হয়। পূজাৰ দিনটোৰ কাৰ্যসূচীৰ অন্তত বহুতে সন্ধ্যা দেৱীৰ আৰতি, সাংস্কৃতিক অনুষ্ঠান আদিৰৰ আযােজন কৰে। পাছৰ দিনটো দেৱীৰ বিসর্জন দিন। প্রতিমা লৈ শশাভাযাত্রা কৰি নদ-নদী বা জলাশযত প্রতিমা বিসর্জন দিয়া হয়। অৱশ্যে কিছুসংখ্যকে বিদ্যাৰ অধিষ্ঠাত্রী দেৱীক বিসর্জন নিদি সযতনে শিক্ষানুষ্ঠানত ৰাখি থয়। বহুতে আকৌ ডাঙৰ গছৰ তল বা নদীৰ পাৰ আদিত থৈ অহাও দেখা যায়। ই পৰিৱেশতাে বেয়া প্রভাব পেলায়।
বাগদেৱী সৰস্বতী - সৰস্বতী পূজা - অসমীয়া ৰচনা - বাগদেৱী সৰস্বতীৰ বিষয়ে - About Saraswati Puja - Essay on Saraswati Puja
অনুষ্টুপীয়াকৈ পালন কৰা হয় যদিও সৰস্বতী পূজাৰ মাজত এক অনাবিল আনন্দ আছে। শিক্ষাৰ প্ৰতি ধাউতি বঢ়াই ছাত্ৰ-ছাত্ৰীসকলক ছাত্ৰা নং অধ্যয়নং তপঃ মন্ত্ৰৰে দীক্ষিত কৰােৱাই সৰস্বতী পূজাৰ উদ্দেশ্য। বিভিন্ন কাৰিকৰী শিক্ষানুষ্ঠান, বেংক, বাতৰিকাকতৰ কার্যালয় আদিতে সৰস্বতী পূজা পালন কৰা দেখা যায়। বর্তমান ইলেকট্রনিক মাধ্যমৰ যুগতে আমাৰ দেশত সৰস্বতী পূজাৰ প্ৰতি থকা ধাউতিৰ বিষয়টোত যে বিতর্কৰ সূত্রপাত হােৱা নাই এনে নহয়। অন্যহাতে ধর্মনিৰপেক্ষতাক সংবিধানে স্বীকৃতি দিয়াৰ পাছতাে আমাৰ শিক্ষানুষ্ঠানসমূহত বিনা বাধাই সৰস্বতী পূজা পালন কৰা হয়। ধর্মৰ ভিন্নতা পাহৰি সকলাে ছাত্র-ছাত্রী এক ধৰ্মৰ হৈ এনে উৎসৱ পালন কৰা কাৰ্যক মহানুভাৱতাৰ পৰিচয় পােৱা যায়। সৰস্বতী পূজাত সকলাে ছাত্র-ছাত্রী এক ছত্র ছায়াৰ তললৈ আহি জ্ঞান আহৰণৰ পথ প্রশস্ত হােৱা কামনা কৰে। ছাত্ৰ-ছাত্ৰীসকলে মনত লাভ কৰা প্ৰশাস্তিয়ে সৰস্বতী পূজাৰ তাৎপর্য বৃদ্ধি কৰিছে।
*****
বাগদেৱী সৰস্বতী - সৰস্বতী পূজা - অসমীয়া ৰচনা - বাগদেৱী সৰস্বতীৰ বিষয়ে - About Saraswati Puja - Essay on Saraswati Puja
Comments
Post a Comment