ৰঘুনাথ চৌধাৰীৰ কবিতা All Assamese Poems of Raghunath Choudhary
ৰঘুনাথ চৌধাৰীৰ কবিতা - অসমীয়া কবিতা - All Assamese Poems of Raghunath Choudhary - Assamese literature
Assamese Poems of Raghunath Choudhary - Bikhad - বিষাদ - ৰঘুনাথ চৌধাৰীৰ কবিতা - অসমীয়া কবিতা
ৰঘুনাথ চৌধাৰীৰ কবিতা
বিষাদ
পুষ্প-কাননত আছিল এজুপি
ধুনীয়া শেৱালি ফুল,
ধীৰ বতাহত হইছিল ধৰা
গােন্ধতে আমােলমােল।
আকাশী নর্তকী খঞ্জনী অপ্সৰা
বিচিত্র কাচোনে কাচি,
বিহৰ-বিধুৰা প্ৰকৃতিবালাক
দিছিল অমিয়া যাচি।
নিষ্ঠুৰ নিদাঘ আহিল যিদিনা
সকলাে পৰিল জয়,
সৰি গ'ল ফুল উৰি গ'ল পখী
জগত বিষাদময়।
আকৌ এদিন আহিব শৰৎ
হাঁহিব শেৱালি পাহি,
ঠেও ধৰি ধৰি কৰিব নর্তন
খঞ্জনী পখীটি আহি।
হ’ব কুসুমিত কুসুমাভৰণা
কুসুম কাননখনি,
ধীৰ সমীৰণে কুসুমে কুসুমে
দিব পৰিমল সানি,
কিন্তু মােৰ সেই মানস কুসুম
গইছে যিদিনা সৰি,
সৌন্দর্য-পৰাগশূন্য হিয়াখনি
নুঠে আৰু ঠন ধৰি।
*****
Assamese Poems of Raghunath choudhary - Phul Sojjya - ফুল শয্যা - ৰঘুনাথ চৌধাৰীৰ কবিতা - অসমীয়া কবিতা
ৰঘুনাথ চৌধাৰীৰ কবিতা
ফুল শয্যা
আৰুনো কিমন দিয়া বেদনাৰ বোজা,
হে মোৰ হৃদয় দেৱতা ?
কৰুণ ৰোদন তুমি ভাঙি দিলা কিয়
প্ৰাণৰ নিবিড়- নীৰৱতা ?
জীৱনৰ সন্ধিক্ষণ বিয়লি বেলাত
হিয়া ধুনি উঠে কোলাহল,
আৰু কিয় তিক্ত ব্যথা ৰিক্ত হৃদয়ত
ঢালি দিলাঁ তীব্ৰ হলাহল ?
কোন কাহানিয়ে তুমি হৰি নিছা মোৰ
প্ৰীতিভৰা প্ৰণয়ৰ লাৰু,
অন্তৰ্দাহী ৰাৱনৰ চিতা-জুইকুৰা
কোনদিনা নুমবনো আৰু ?
আনন্দৰ পূৰ্ণপাত্ৰ শূন্য আজি মোৰ
কেউপিনে দেখোঁ হাহাকাৰ -
দাৱাগ্নিৰ দহনত দেৱদাৰু তৰু
পুৰি-দেই হ'ল ছাৰখাৰ !
মাৰিছিলা শক্তি-শেল তাহানি যিপাট
যোৱা নাই সি বিষ জামৰি,
বেদনাৰ যত অস্ত্ৰ কৰিছোঁ প্ৰয়োগ
বুকু পাতি লইছোঁ সামৰি ।
হিয়া ভগা বিষাদৰ তিতি অশ্ৰু-জলে
পাহৰিছোঁ সংসাৰ - মৰম ;
ভাৰাক্ৰান্ত চিত্ত আজি উদ্বেলিত কৰি
কিবা সুখ পালাঁ প্ৰিয়তম ?
মৰহিছে জীৱনৰ দুৰ্লভ মাধুৰী
নোৱাৰিলোঁ আকাঙ্খা পুৰাব;
আহিছে প্ৰাণত আজি ক্লান্তি-আৱসাদ
দিয়া মোক শান্তিৰে জুৰাব ।
যাতনাৰ নিপীড়িত ওৰে জীৱনত
কড়িয়ালোঁ যত আবৰ্জনা,
তোমাৰেই অৱদান বুকুত সাবটি
অন্তিমত লভিম সান্তনা ।
জ্বলিছে দূৰত সউ প্ৰলয়ৰ শিখা,
ধৰিছে কি ৰূপ বিতোপন,
সেয়ে মোৰ ফুল-শয্যা ৰক্ত কমলৰ,
ল'ম তাত অনন্ত শয়ন ।
*****
Assamese Poems of Raghunath Choudhary - Golap - গোলাপ - ৰঘুনাথ চৌধাৰীৰ কবিতা - অসমীয়া কবিতা
ৰঘুনাথ চৌধাৰীৰ কবিতা
গোলাপ
কাৰ পৰশত ফুলিলি বান্ধৈ
অ' মোৰ সাদৰী ফুলাম পাহি ?
শ্যামলী পাতৰ ওৰণি গুচাই
কাৰ ফালে চাই মাৰিলি হাঁহি ?
কোন নন্দনত লগালি চমক,
নাচিছে য'ত পৰী বুলবুল,
অভিশপ্ত হৈ বিলাস-কুঞ্জত
প্ৰেম-মদিৰাত যেন মচ্গুল ?
হাছ্নাহানাৰ তীব্ৰ গন্ধত
সপোন-বিভোৰ মাধৱী নিশা,
তোৰ পৰশত বিৰহী জোনৰ
পলালনে প্ৰিয়ে প্ৰাণৰ তৃষা ?
আৰব-পিয়াৰী বছৰা বাণীৰ
গুল-বদন পেলালি জুৰ;
ভাহি ফুৰে তোৰ ৰূপ-তৰঙ্গত
পাপিয়াৰ স্নিগ্ধ কৰুণ সুৰ ?
ফুলিলি যিদিনা মৰু-উদ্যানত
উৰিল সৌৰভ জগত জুৰি;
গগনচুম্বী কলোছাছে তোৰ
পান কৰিলে ৰূপ-মাধুৰী !
আছিলিনে প্ৰিয়ে বেবিলনৰ
গুল-বাগানত ফুলৰ ৰাণী ?
স্বৰ্গৰ নন্দন সাজিলি শূন্যত,
কবিৰ মূখত অমৰ বাণী ।
ৰূপ ৰস গন্ধ পৰশ প্ৰেমত
জিনিলি পিয়াৰা হিন্দুস্তান;
বাদ্ছা হেৰেম কৰি গুলজাৰ
দিল-দৰিয়াত তুলিলি বান ।
তোৰ এ ৰূপ জগৎ বিভোল
ঢালিলি প্ৰেমৰ বিমল ধাৰা;
দিল্লী-বেগম নূৰজাহানৰ
আছিলিনে তয়ে দিলবাহাৰা ?
কোন সুন্দৰীৰ নিমজ গালত
ফুটাই তুলিলি চিকণ কাজ ?
উঠিল প্ৰেমিক ছাহজাহানৰ
ভুৱনবিজয়ী মৰ্ম্মৰ তাজ !
কত কাব্য - গাথা, অতীতৰ স্মৃতি,
উদাস প্ৰেমৰ মুৰ্ত্ত বিকাশ;
বিজড়িত তোৰ কোমল বুকুত
কত বিৰহীৰ হ-হুতাশ !
ফুলিবিনে মোৰ মানস-কুঞ্জত
অ' মোৰ দৰদী ফুলাম পাহি ?
উঠিবনে বাজি প্ৰিয়া পাপিয়াৰ
পুলক-ভৰা মিলন বাঁহী ?
*****
Assamese Poems of Raghunath Choudhury - Giri Mallika - গিৰি-মল্লিকা - ৰঘুনাথ চৌধাৰীৰ কবিতা - অসমীয়া কবিতা
ৰঘুনাথ চৌধাৰীৰ কবিতা
গিৰি-মল্লিকা
অয়ি অৱগুণ্ঠিতা ফুল্ল শিখৰিণী
ৰঞ্জি মণিকৰ্ণিকাৰ হৰিত মেখেলা
আছাঁ শোভি শুভ্ৰবেশে । কৰি সুৰভিত
লৌহিত্যৰ তীৰভূমি শ্যামল বননি
নন্দনৰ ৰূপ-জ্যোতি পৰিমল সুধা,
কৰি আহৰণ বিশ্ব-বিজয়িনী ৰূপে
মোহিলাঁ নিতম্ব-দেশ বিজন প্ৰান্তৰ ।
বনস্পতি দ্ৰুমদলে নৱ পল্লৱেৰে
জনাইছে হৃদয়ৰ গুপ্ত সম্ভাষণ !
স্তোকনম্ৰা লতিকাৰ কুঞ্জ পল্লৱত
উঠিছে উঠলি যেন প্ৰেমৰ তৰঙ্গ ।
প্ৰিয়া, তুমি ঢালিলাঁ কি মোহন মদিৰা
হাঁহি কটাক্ষৰ ! যি হাঁহিত বনে বনে,
হৰিৎ ক্ষেত্ৰত, তৰু তৃণ লতিকাৰো
ভাগিল চমক । ঠায়ে ঠায়ে বিধে বিধে
ফুলিল ৰঙেৰে কূটজ-কূটমল-ৰাজি ।
দ্ৰোণিজত শুভ্ৰকান্তি ফুল্ল দ্ৰোণীদলে
প্ৰীতিভৰা লাজাঞ্জলি যাচিছে সাদৰে ।
দেৱ-তৰুসকলৰ মুকুল পৰাগ,
উৰি আহি পৱনৰ মৃদুল গতিত,
সুকোমল গৌৰ তনু পেলাইছে জুৰ ।
ৰঞ্জিত তুষাৰ-শুভ্ৰ নিমজ গালত
সুৰভি কুঙ্কুম ৰাগ ৰক্ত চন্দনৰ ।
শেষাদ্ৰি শিখৰ যেৱে ৰঞ্জি সন্ধ্যা ৰাগে
সুখেৰে বিশ্ৰাম লভে সান্ধ্য নভোমণি ।
বিবুধ-বনিতাসবে সিঞ্চি নভো-ৰেণু
দিছেহি পিন্ধাই মুক্তাহাৰ আভৰণ
কৌমুদী - প্লাৱিত তৱ কোমল বুকুত;
যেতিয়া জোনালী নিশা মধূ পূৰ্ণিমাৰ
হয় সুধা-ধৱলিত নীলিম আকাশ,
সপ্তস্বৰে সমকণ্ঠে কেতেকী অপ্সৰী
ঢালি দিয়ে ক্ষীৰধাৰা । ৰস-ভঙ্গিমাত
ভৰি উঠে যেন তৱ পল্লৱিত বুকু;
নন্দন - নন্দিতা তুমি দেৱ পাৰিজাত
যাৰ গন্ধ মদিৰাত মুগ্ধ দেৱপুৰী ।
নেজানো অপ্সৰী বেশে কোন দেৱতাৰ
আছিলাঁ হৃদয়-বাণী আলাসৰ লাৰু !
মদনৰ কামশৰ আছিলানে প্ৰিয়া,
গিৰি কৈলাসত ঃ যিদিনা মোহিনীৰূপ
ধৰিছিলা ধুৰ্জ্জটিৰ ধ্যান্ভঙ্গ হেতু !
কোপ-অনলত পৰি শাপভ্ৰষ্টা হই
ভ্ৰমিছাঁনে কি দেৱী শৈল শিখৰত?
দেৱভোগ্য উপভোগ তিয়াগি সকলো
হ'লাঁ চিৰ-নিৰ্ব্বাসিত চিৰদিনলই ।
আছিলাঁ তুমিয়ে প্ৰিয়া ঋষি আশ্ৰমত
ফুলৰ কুঁৱৰী সাজি পুষ্প-উপবন
কৰি জাতিষ্কাৰ । প্ৰভাতৰ সমীৰণে
কত খেলা খেলি থাকে তোমৰ লগত;
যেতিয়া পিছলি পৰে মৃদু হিল্লোলত
বুকুৰ আঁচল । লাজতেই কুঁচি মুচি
তলমূৰ কৰি কোন ঋষি-তনয়ক
যাচিছিলাঁ যৌৱনৰ সৌন্দৰ্য্য-মাধুৰী ।
নিদাঘৰ দহনত দুখ পোৱা বুলি
আল ধৰিছিল কোন তাপস-কুমাৰী !
মলচি দিছিল গাৱ কোমল হাতেৰে !
পূণ্যতোয়া মালিনীৰ শীতল জলেৰে ।
প্ৰাণপ্ৰিয়, আজি মোৰ বিজন কুঞ্জত
তুলিবানে লয়লাসে হাঁহিৰ তৰঙ্গ ?
ব্যথাৰে উপচি পৰা আকুল প্ৰাণত
দিয়াঁ প্ৰেম-মকৰন্দ অমৃত পৰশ;
অকৃত্ৰিম প্ৰণয়ৰ স্নেহ আলিঙ্গন
নিষ্প্ৰভ ফুলনি মোৰ হ'ক জ্যোতিৰ্ম্ময় ।
*****
Assamese Poems of Raghunath Choudhury - Antim Jyoti- অন্তিম জ্যোতি - ৰঘুনাথ চৌধাৰীৰ কবিতা - অসমীয়া কবিতা
ৰঘুনাথ চৌধাৰীৰ কবিতা
অন্তিম জ্যোতি
মৰম ভিখাৰী মই বিশ্ব ভাণ্ডাৰত
খুজিছিলো অন্তৰৰ দান
গৰল উদ্ভৱ হ’ল সিন্ধু মন্থনত
অমৃতৰ নাপালো সন্ধান
উদ্দাম বাসনা ল’ই স্বৰ্ণমৃগ খেদি
সংসাৰত ভ্রমিলো কিমান
দুৰ্জয় লালসা তেও নুগুছিল মোৰ
ব্যৰ্থ হ’ল লক্ষ্যভেদী বাণ
মৰ্মাহত ব্যথাহত দুৰ্বহ জীৱন
আছে মোৰ আৱৰ্তত ঘূৰি
স্পন্দনত তন্দ্রাতুৰ দুৰ্বল চিত্তৰ
জড়তাই নিছে সংজ্ঞা হৰি
ব্যথাৰ সহস্র জ্বালা ব্যৰ্থতাৰ গ্লানি
বুকু পোৰা তপত উচ্ছাস
কোনেবা গুচাব মোৰ কোনেবা শুনিব
আৰব্যৰ স্বপ্ন উপন্যাস
জীৱনৰ ধ্রুবতৰা মাৰ যাওঁ যাওঁ
অনন্তৰ অন্তিম বুকুত
পৰম আনন্দ ৰূপ ধ্ৰুৱ জ্যোতিকণা
নাপাম নে আৰু সি লোকত?
*****
Comments
Post a Comment