টেলিভিছন বা দূৰদৰ্শন অসমীয়া ৰচনা Television Essay in Assamese

টেলিভিছন বা দূৰদৰ্শন অসমীয়া ৰচনা - টেলিভিছন অৰ্থাৎ দূৰদৰ্শনৰ ভাল আৰু বেয়া প্ৰভাৱ Television Essay in Assamese for HSLC, HS students

টেলিভিছন বা দূৰদৰ্শন অসমীয়া ৰচনা - টেলিভিছন অৰ্থাৎ দূৰদৰ্শনৰ ভাল আৰু বেয়া প্ৰভাৱ - Television Essay in Assamese for HSLC, HS students

টেলিভিছন বা দূৰদৰ্শন - আৰম্ভণি

টেলিভিছন বা দূৰদৰ্শন - আৱিষ্কাৰৰ ৰহস্য

টেলিভিছন বা দূৰদৰ্শন - আবিষ্কাৰক আৰু সর্বভাৰতীয় অনুষ্ঠানৰ প্ৰচাৰ 

টেলিভিছন বা দূৰদৰ্শন - উপকাৰিতা 

টেলিভিছনৰ বা দূৰদৰ্শন - অপকাৰিতা 

টেলিভিছন বা দূৰদৰ্শন - সামৰণি 

টেলিভিছন বা দূৰদৰ্শন অসমীয়া ৰচনা - টেলিভিছন অৰ্থাৎ দূৰদৰ্শনৰ ভাল আৰু বেয়া প্ৰভাৱ - Television Essay in Assamese for HSLC, HS students


টেলিভিছন বা দূৰদৰ্শন - আৰম্ভণি


ৰহস্যময় প্রকৃতিক হাতৰ মুঠিলৈ আনি বিজ্ঞানে সৃষ্টি কৰিছে ইটোৰ পিছত সিটো সামগ্রী। যি প্রকৃতি মানুহৰ বাবে অতি দুৰূহ আছিল যাক ভেদ কৰাটো অতি টান কাম আছিল, বিজ্ঞানৰ প্ৰভাৱত সি হৈ পৰিছে সহজলভ্য। জল, স্থল আৰু আকাশ সকলােতে চলিছে বিজ্ঞানৰ জয় যাত্রা। বিজ্ঞানৰ এই জয় যাত্ৰাৰ অন্যতম অৱদান টেলিভিছন। 

টেলিভিছন বা দূৰদৰ্শন অসমীয়া ৰচনা - টেলিভিছন অৰ্থাৎ দূৰদৰ্শনৰ ভাল আৰু বেয়া প্ৰভাৱ - Television Essay in Assamese for HSLC, HS students


টেলিভিছন বা দূৰদৰ্শন - আৱিষ্কাৰৰ ৰহস্য


টেলিগ্রাফ আৰু টেলিফোন আৱিষ্কাৰ কৰি বিজ্ঞানী ক্ষান্ত নহ'ল। বিদ্যুৎ শক্তি আৱিষ্কাৰ লগে লগে ইলেকট্রন আৰু ইলেকট্রনৰ গােপন ৰহস্য বিজ্ঞানীৰ ওচৰত পৰিচিত হােৱাৰ লগে লগে নতুন যুগৰ সৃষ্টি হয়। আবিষ্কৃত হয় ৰেডিঅ' বার্তা যদিও কণ্ঠস্বৰ শুনিয়েই সন্তুষ্ট নহ'ল বিজ্ঞানী। ছবিৰ সৈতে শব্দকো শুনাৰ বাবেই সৃষ্টি হ’ল টেলিভিছনৰ। চলচ্চিত্র আৰু বাৰ্তাৰ যােগফল হ’ল টেলিভিছন, সংক্ষেপে যাক টিভি বুলি কোৱা হয়। উচ্চশক্তিসম্পন্ন ট্রেন্সমিটাৰৰ মাধ্যমত পৃথিৱীৰ কোনাে উচ্চশক্তিসম্পন্ন শব্দ মহাশুন্যত ইথাৰ সমুদ্রত প্ৰেৰণ কৰা হয়। একে লগতে উচ্চ শক্তিসম্পন্ন কেমেৰাৰ সহায়ত অত্যন্ত দ্রুতগতিত ইথাৰ সমুদ্ৰত অসংখ্য আলােকচিত্র পঠিওৱা হয়। আমাৰ ঘৰৰ টিভিৰ যন্ত্ৰত ছবি আৰু শব্দ মুহূৰ্তৰ ভিতৰতে দৃশ্যমান হৈ উঠে। 


টেলিভিছন বা দূৰদৰ্শন অসমীয়া ৰচনা - টেলিভিছন অৰ্থাৎ দূৰদৰ্শনৰ ভাল আৰু বেয়া প্ৰভাৱ - Television Essay in Assamese for HSLC, HS students

টেলিভিছন বা দূৰদৰ্শন - আবিষ্কাৰক আৰু সর্বভাৰতীয় অনুষ্ঠানৰ প্ৰচাৰ 


ইংলেণ্ডৰ জে এল বোর্ডে ১৯২৫ চনত টেলিভিছন যন্ত্র আৱিষ্কাৰ কৰে। ভাৰতত ১৯৫১ চনত প্ৰথম ই আৰম্ভ হয়। ১৯৮২ চনত দিল্লী কেন্দ্র হােৱাৰ পাছ সৰ্বভাৰতীয় অনুষ্ঠানৰ প্ৰচাৰ আৰম্ভ হয়। বর্তমান ৰঙীন টিভি সকলােতে সহজলভ্য হৈ পৰিছে। কেবল টিভি আৰু বৰ্তমানৰ ছেট টপ বক্সৰ উদ্ভাৱনে নতুন বিপ্লৱৰ সূচনা কৰিছে টেলিভিছনৰ জগতত। 

টেলিভিছন বা দূৰদৰ্শন অসমীয়া ৰচনা - টেলিভিছন অৰ্থাৎ দূৰদৰ্শনৰ ভাল আৰু বেয়া প্ৰভাৱ - Television Essay in Assamese for HSLC, HS students


টেলিভিছন বা দূৰদৰ্শন - উপকাৰিতা 


সাম্প্রতিক সময়ৰ মানৱ জীৱনত টেলিভিছনৰ প্ৰভাৱ অপৰিসীম। শিক্ষা, ক্রীড়া, তথ্য, বাতৰি সকলােতে মানুহে সহায় ল'বলগীয়া হয় টেলিভিছনৰ। টেলিভিছনৰ বাবেই আমি বিশ্বৰ যিকোনাে প্রান্তত সংঘটিত কোনাে ঘটনাৰ খবৰ মুহূর্ততে আৰু সবিশেষ পাব পাৰাে। বিশ্বক গােলকীয় গাঁৱত পৰিণত কৰাৰ ক্ষেত্ৰত টেলিভিছনৰ ভূমিকা অন্যতম। দেশ-বিদেশৰ সংবাদ, ৰাষ্ট্রপ্রধানসকলৰ বক্তৃতা, মানুহৰ সংগ্ৰামৰ কাহিনী আদিয়ে আমাৰ জ্ঞানৰ পৰিধি বৃদ্ধি কৰিছে। আধুনিক ব্যস্ত জীৱনত টেলিভিছ বিনােদনৰ অন্যতম আহিলা। টেলিভিছনৰ যােগেদি যিকোনাে বার্তা জনসাধাৰণলৈ প্ৰেৰণ কৰি জনজাগৰণা সৃষ্টি কৰিব পাৰি। 

টেলিভিছন বা দূৰদৰ্শন অসমীয়া ৰচনা - টেলিভিছন অৰ্থাৎ দূৰদৰ্শনৰ ভাল আৰু বেয়া প্ৰভাৱ - Television Essay in Assamese for HSLC, HS students


টেলিভিছন বা দূৰদৰ্শন - অপকাৰিতা 


টেলিভিছনৰ কিছুমান নেতিবাচক দিশে সমাজৰ অপকাৰ নকৰাকৈ থকা নাই। টেলিভিছত অত্যন্ত অশ্লীল আৰু সমাজৰ ক্ষতিকাৰক কাৰ্যসূচীও প্ৰচাৰ হয় যিবােৰে সামাজিক অৱক্ষয় মাতি আনিব পাৰে। বিজ্ঞানৰ মাধ্যমত নগ্নতা টেলিভিছন সহজলভ্য হৈ পৰিছে। সুবিধাবাদী ব্যৱসায়ীযে টেলিভিছক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। টেলিভিছনৰ হিংসাত্মক, কুৰুচিপূর্ণ কাৰ্যসূচীয়ে শিশুমনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলােৱা পৰিলক্ষিত হৈছে। সেইদৰে বেছি সময় টেলিভিছন চাই থকা মানুহৰ দৃষ্টিশক্তি কমি যায়। সম্প্রতি কেবল টিভিৰ বহুল প্রচাৰেও মানুহৰ সময়ৰ অপচয়ৰ বাট। মুকলি কৰিছে। 

টেলিভিছন বা দূৰদৰ্শন অসমীয়া ৰচনা - টেলিভিছন অৰ্থাৎ দূৰদৰ্শনৰ ভাল আৰু বেয়া প্ৰভাৱ - Television Essay in Assamese for HSLC, HS students


টেলিভিছন বা দূৰদৰ্শন - সামৰণি 


টেলিভিছনৰ কিছুমান বেয়া দিশ আছে যদিও ইয়াৰ উপকাৰিতা অপৰিসীম। টেলিভিছনৰ কাৰ্যসূচী যাতে সকলােৰে বাবে উপকাৰী হয় তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে চিন্তা-ভাৱনা কৰিব পাৰে। টেলিভিছনক শিক্ষা আৰু সংস্কৃতিৰ উপযােগী কৰি তােলাটো জৰুৰী কথা। টেলিভিছনে বিশাল জনগণক সামৰি লয় আৰু সেয়েহে জনজাগৰণ সৃষ্টিৰ বাবেও ব্যৱহাৰ কৰিব পাৰি টেলিভিছক। আচলতে প্ৰতিটো বস্তু ব্যৱহাৰ কৰাৰ ওপৰতে সকলাে নির্ভৰ কৰিছে। টেলিভিছনকো সীমাৰ ভিতৰত চাব জানিসে ইয়াৰ পৰা উপকাৰৰ অন্ত নাই। 


*****

টেলিভিছন বা দূৰদৰ্শন অসমীয়া ৰচনা - টেলিভিছন অৰ্থাৎ দূৰদৰ্শনৰ ভাল আৰু বেয়া প্ৰভাৱ - Television Essay in Assamese for HSLC, HS students

Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

অসমীয়া যুক্তাক্ষৰ | যুক্তাক্ষৰ যুক্ত শব্দ গঠন কৰা | অসমীয়া ব্যাকৰণ |Assamese Medium

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium