All About Hem Barua and Hem Barua All Poems ||Assamese Medium
All About Hem Barua and Hem Barua All Poems
Hem Barua All Poems List:
- মমতাৰ চিঠি
- যাত্ৰাৰ শেষ নাই
- পোহৰতকৈ এন্ধাৰ ভাল
- এটা সাপ
- মমতাৰ চিঠি
- যাত্ৰাৰ শেষ নাই
- পোহৰতকৈ এন্ধাৰ ভাল
- এটা সাপ
মমতাৰ চিঠি
-হেম বৰুৱা
মৰমৰ,
এয়া মম এডাল জ্বলাই লৈছো
আজি বহুদিনৰ মুৰত তোমালৈ চিঠি লিখো বুলি
বাহিৰৰ উৰুঙা বতাহ জাক আহি মমডাল কোবাইছে
চাওঁ খিৰিকীখন জপাই দিওঁ
সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে?
আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো
মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল
সিদিনা আছিল কাতিৰ কুঁৱলীসনা কোমল পুৱা
পদুলিত তল সৰা শেৱালীবোৰ উপচি আছিল
আৰু সন্ধিয়া মই তোমালকৰ ঘৰলৈ ন’ কৈ আহিবৰ দিনা
আকাশৰ মেঘৰ মোহনাত
হালধীয়া জোনটো নাওখন লৈ
আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ
মই লোৱা কঁকালৰ ৰিহা খনলৈ
তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা
মোৰ কেনে লাগিছিল জানা?
তুমি যেন কোনোবা দূৰ বিদেশৰ
স্বপ্নাতুৰ আলোকৰ মানুহ
আৰু মই?
মই যেন তলসৰা এপাহ শেৱালী
সেইদিনা মন সাগৰত মোৰ
এৰি অহা আৰু আহি পোৱা
অলেখ ঢৌৰ কঁপনি জাগিছিল
তোমাৰ জানো এইবোৰ কথা মনত নাই?
আমাৰ দেউতাই যে চিঠি লিখিছিলে
“আই, তই নতুন ঘৰত হাঁহি মাতি থাকিবি”
এইবোৰ সাত বছৰৰ আগৰ কথা:
মোৰ যে সকলোবোৰ পূৰাণৰ সাধু যেন লাগে।
জেঠমহীয়া দেউতাৰ বছেৰেকীয়া হৈ গ’ল।
তোমাৰ বাবুল এতিয়া বৰটো হৈছে,
তাৰ ওপৰপাৰিত এধানিমান ডালিমগুটি
যেন দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে।
(কেতিয়াবা মোৰ যে ইমান খং উঠে
তুমি নাই নহয়, সেইকাৰণে!)
সি বাৰু মোৰ বগা সাজযোৰলে এনেদৰে
তধা লাগি চাই থাকে কিয় ?
তাৰ ওপজাৰে পৰা এইযোৰ কাপোৰ
চিনাকি,সেইকাৰণে নহয়?
বাবুল এতিয়া বৰটো হৈছে বুজিছা?
(আৰু ডাঙৰ হ’লে স্কুলত তাক নাম লগাই দিম
সি আতঁৰি থকা সময়খিনি মোৰ যে বুকুখন
তেনেই উদং হৈ থাকিব,ভাই।)
আৰু কি লিখিম বিশেষ একো নাই।
মোৰে শপত,তুমি যিদিনা উলটি আহিবা,
মোক আগতিয়াকৈ জনাবা দেই। মই ভোগদৈয়েদি ভটিয়াই গৈ
বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম,তুমি যিদিনা উলটি আহিবা,
মোক আগতিয়াকৈ জনাবলৈ নাপাহৰিবা দেই।
মৰম ল’বা।
ইতি,
তোমাৰ মমতা
পুনঃ এইবাৰ বুজিছা,মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনীৰ দুটা পোৱালি জগিছে এটা শুধ বগা আৰু আনটো পখৰা।
![]() |
Jatrar Hekh Nai |
বুৰঞ্জীৰ সেতুৰ বন্ধন। আমি আহি আছোঁ।
আলোক-যাত্ৰীৰ দল। মৰাঘুলিত সাঁতুৰি..
চহৰতলিৰ নিষ্প্ৰভ চাকি। এন্দুৰৰ শোভাদল।
আমাৰ মৃত্যু ক’ত?
(তলুৱাত মৰণৰ ৰেখা, অস্পষ্ট মধুৰ)… অৰ্থাৎ
আমাৰ মৃত্যু ক’ত? শলমাৰি ভাঙোতাৰ দল (মৰণ ৰে তুহুঁ
মম দোচৰ, তুহুঁ মম বান্ধৱ)।…
মহাকাব্যৰ তেজেৰে ৰঙা আমাৰ নিচান। খেয়ালৰ দ্ৰুতলয়।
তোমাৰ আৰু মোৰ হেজাৰ জনৰ কেঁচা
জেতুকাৰ বোল। (একঃৰসঃ কৰুণ এব।)
আঁউসীৰ আকাশত জোনটোৰ জীৱন-সংগ্ৰাম।
(মৃত্য, মৃত্যুৱে জীৱনৰ চিৰসখা) বন্ধু, তোমাৰ
মেখেলাৰ পাতলিত হেজাৰ কাৰ্শলাবন।
ভয় নাই। আমাৰ নাঙলৰ সীৰলুত অশকবনৰ
অৱৰুদ্ধা সীতা। (চকুৰ আগত স্বৰ্ণমৃগ। মুখত দুৰ্বাদল।)
শকুন্তলা, তোমাৰ দেহৰ কেঁচা হালধি বৰণ? মই পুৰি
ছাই হৈ যাওঁ..।
কোৰিয়াত বগা কাউৰী আৰু ক’লা ভাত। মাজুলীৰ
সৰিয়হ ফুলত নীলা জুই। (ভোৰতালে খাওঁ খাওঁ
কৰে)। পোহনীয়া শালিকাৰ কণ্ঠত মহাকাব্যৰ গান।
নামঘোষা। ৰামায়ণ। আৰু ক’ত কি? …
শকুন্তলা, আমাৰ পথাৰ ৰমক-জমক। ভৰ-দুপৰীয়া ভদাইৰ
আগ-চোতালত দোৰপতি থৰক্-বৰক্ মাকো সৰি সৰি পৰে।
…(তোমালৈ চাওঁতে, জপনা ডেওঁতে…)।
বুৰঞ্জীৰ চোঁ-ঘৰত নতুন সূৰুযে উম লয়। যুগৰ নিমাতী চাপৰিত
প্ৰতিধ্বনি। কাৰ শোভাদল? কিহৰ শ্ল’গান্?
(নপুংসক বৃ্হন্নলা, তুমি ক’ত?)… তোমাৰ গাণ্ডীৱ অচল।
তুমি আৰু মই। আৰু লাখ জন। পেটত যুগৰ তয়াময়া ভোক।
(আকৌ এবাৰ বগা কৰোঁ লুইতৰ বগা পানী) জীয়াই থকাৰ
আহ্বান। কাৰ? তোমাৰ? মোৰ? আৰু?…
আহাঁ, মোৰ কাষৰতে বহাঁ। নাহৰফুটুকীৰ চকুতকৈয়ো চোকা
তোমাৰ চকুৰ জুইত মৰ-আঁউসীৰ জোন পুৰি
ভস্ম হয়। আমাৰ যাত্ৰা-পথ সমুজ্জ্বল। জনমৰ যুগমীয়া।
পদূলিত আলকাতৰাৰ বান্ধ (হেৰা শকুন্তলা, পৃথিৱীত
কবিতাৰ শেষ নাই)…
![]() |
Puhorotkoi Andhar Bhal |
পোহৰতকৈ এন্ধাৰ ভাল
-হেম বৰুৱা
সময়ৰ বলুকাৰাশিত পদচিহ্ন ৰখা
উন্মাদ বাসনা আমাৰ নাই ৷ আমি
বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফছিল
হেৰা শকুন্তলা,তোমাৰ চকুৰ শেৱালি পাহিত
দুষ্মন্তৰ চুমাৰ চেকা ৷ কোৰিয়াত জৰাসন্ধৰ কংকাল
এছিয়াৰ আকাশত আগুৰি শগুণৰ জাক ৷
আমি জীয়াই আছো যুগৰ সীমান্তত
প্ৰাচীন নাবিকৰ জঁকা ৷ কালিদাস তুমি কোন
অলকাৰ পলাতক কবি? ডাৱৰ দেখি উন্মাদ?
তোমাৰ কাব্য-বেদীত আমাৰ জীৱন অৰ্চনা
সৰি পৰা মদাৰৰ ফুল? (গুৰুতো নেলাগে,
গোসাঁইতো নেলাগে, থাকে তলে ভৰি সৰি)
ৰজাই ৰজাই ৰণ-বিগ্ৰহ,তীখাৰ আম্ফালন৷
আমি খাণ্ডৱ-দাহ৷
অগ্নি-শিখাৰ পুৰি ছাই হোৱা বিৰিঙাৰ ফুল; আমাৰ
পিৰামিড হিৰোছিমা নাগাছাকি৷
হেৰা শকুন্তলা তোমাৰ আঙুলিৰ অগ্নিকণাৰে নুমাই দিয়া
ৰাজ কাৰেঙৰ শলিতাৰ জুই৷ দুষ্মন্তৰ ভাগক স্বপ্ন
পোহৰতকৈ এন্ধাৰ ভাল৷
জীৱনৰ অগ্ৰগতিত ৰামেশ্বৰৰ সেতু বান্ধ ৷
শংকা কিহৰ?
নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ জুই ৷
আমাৰ চকুত তীখাৰ শান |
![]() |
Ata Hap |
এটা সাপ
জেঠ মাহৰ এটা উত্তপ্ত দুপৰীয়া,
এক স্তব্ধ, সাৰসুৰহীন মুহূর্তত,
স্বর্ণ-দীপ্ত সাপ এটা অপ্রত্যাশিতভাৱে
মই লগ পাইছিলোঁ।
তাৰ শনখেৰ-চোকা জিভাখন
তেজাল লিপ্সাত মােৰ দৃষ্টি চুই
নাচিছিল।
মােৰ ফালে আকস্মিকভাৱে
সি মূৰ তুলি চাইছিল।
সেয়া জ্ঞান-গধুৰ তথ্যৰ চাৱনি।
তাত ধ্যান-ভগ্ন শিৱৰ উত্তাপ জ্বলিছিল।
তাৰ সােণালী গাটো আলফুলীয়াকৈ,
আঁকাই পকাই সাপটো মােৰ কাষ চাপিছিল।
সি যেন বহু দিনৰ, কোনােবা অস্পষ্ট মধুৰ
এক অতীতৰ, চিনাকি অচিনাকিৰ দোমােজাৰ বন্ধু।
বাকীবােৰ এলান্ধু-কলীয়া মকৰা জাল।
সি মােক অভিজ্ঞৰ দৰে সুধিছিল?
“তুমি গান জানা? সাপ বাজীকৰৰ গান?”
মই গান নজনা বুলি জানি তাৰ অন্তৰ
মােৰ প্রতি ঘৃণা আৰু তিক্ততাৰে উপচি পৰিছিল।
“গান যদি নেজানা তেন্তে জানিলা কিটো?
ভেকুলীবােৰেও গান জানে। তুমি নেজানা?
তুমি সিহঁততকৈয়াে বহুত নিম্ন খাপৰ।”
আকৌ এবাৰ সি
মােৰ অকর্মণ্য, অভং মুখখনলৈ
মূৰ তুলি চাইছিল। তাৰ চেঁচা চকু দুটাত
অগণন প্রশ্নবােধকৰ কাঁড়।
“তুমি কিতাপ পঢ়িছা? বহুত কিতাপ?
নহয় জানাে? কি কি কিতাপ বাৰু?
কিছুমান সােণ বৰণীয়া, কিছুমান ভাল ভাল ছবি
থকা নহয় জানাে?”
মােৰ ভীতি-বিহ্বল অন্তৰে তাৰ
প্রশ্নৰ উত্তৰ বিচাৰি নেপালে।
অৱশেষত কিয় কব নােৱাৰোঁ,
সি মাথােন ফোঁচফোঁচাই কৈ গুচি গ'ল:
“তুমি অজ্ঞ। তােমাৰ জ্ঞানৰ বন্তি
জ্বলিবলৈ এতিয়াও বহুত বাকী।”
There is no any essay about hem Baruah only his poet are there what I am searching about essay that are not coming and only his poem and lessons r given in the up side
ReplyDelete