All About Mahim Bora And Mahim Bora All Poems Collection || Assamese Medium

All About Mahim Bora And Mahim Bora All Poems Collection

 

মহিম বৰা

 

Mahim Bora All Poems List:

  • পুখুৰী

 

 

All About Mahim Bora And Mahim Bora All Poems Collection
Pukhuri

পুখুৰী

                        -মহিম বৰা

শেষ জাক বৰষুণ এইমাত্র শেষ হৈ ',

এতিয়া আবেলি,

স্নিগ্ধ দেহ বননিত ছিটিকি জ্বলিল 

নীলা, সেউজীয়া ফুল-জাৰিঃ উজ্জ্বল, শ্যামল!

                  (বন্ধ মাদলৰ হাত,

                   চাওঁতালী নাচোনৰ জাক

                   হাঁহি হাঁহি ছিটিকি পৰিল

                   পুখুৰীৰ চাৰিও পাৰত;

                               শ্যামল, উজ্জ্বল!!) 

 

মুগ্ধ মােৰ ভৰি

বিস্তীর্ণ সন্মুখ জুৰি পাৰে পাৰে ভৰি '

চপচপ এটি পুখুৰী। 

 

পলৰীয়া এচেৰেঙা 'দৰ ভৰত 

দেহা টলবল

স্থিতিৰ- মুক্তিৰ সীমা টলমল 

চপচপ পাৰ-ভৰা এটি পুখুৰী

অলস মন্থৰ দেহ, অশান্ত উদ্বেল

প্রাণ প্রতীক্ষা-বিহ্বল

জীৱনৰ স্তৰে স্তৰে পােৰা কয়লাৰ খাদ 

নতুন মৃত্যুৰ গােন্ধ প্রতি উশাহত

কোনাে এক 

অভিশপ্ত শাম্বব গর্ভেৰে 

গৰ্ভৱতী পৃথিৱী আমাৰ!

 

সেয়েহে ব্যাকুল আমি 

বাট চাই তােমাৰ উত্তৰ 

চিকোণ শ্যামল এটি তােমাৰ উত্তৰ 




Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

100+ অসমীয়া বিপৰীত শব্দ/বিপৰীতাৰ্থক শব্দ (Antyonms/Opposite Words In Assamese) || Assamese Medium

700+ এটা শব্দত প্ৰকাশ কৰা | অসমীয়া ব্যাকৰণ | one-word substitutions in Assamese