All About Jatindra Nath Duwara And Jatindra Nath Duwara All Poems Collection || Assamese Medium

All About Jatindra Nath Duwara And Jatindra Nath Duwara All Poems Collection


যতীন্দ্ৰনাথ দুৱৰা


Jatindra Nath Duwara All Poems List:

  • অতীতক নেযাবা পাহৰি
  • আশা
  • বিশ্বাসৰ সমূলি বিনাশ
  • আনন্দ 
  • জীৱনৰ দান 
  • কোনে মােক দিহি বুজাই 
  • ওমৰৰ আক্ষেপ 



Jatindra Nath Duwara All Poems 

অতীতক নেযাবা পাহৰি

                                       -যতীন্দ্ৰনাথ দুৱৰা

চেনেহৰ সখা মােৰ            শেষ অনুৰােধ 

              অতীতক নেযাবা পাহৰি

সমাপি জীৱন খেলা           বসুধা বুকুত 

               যাম  গৈ যিদিনা আঁতৰি

              অতীতক নেযাবা পাহৰি ৷৷ 

 

সুখে দুখে জীৱনৰ             ফুৰে পাছে পাছে 

               অতীতৰ মধুৰ সপোন

নিমিষতে বিষাদত              ধৰিছে আগত 

              এৰি অহা প্ৰেমৰ দাপােণ

               অতীতৰ মধুৰ সপােন ৷৷

 

কঁপি থকা ওঁঠ দুটি              নােৱাৰে ফুটাব 

              যাওঁ বােলা বিদায়ৰ বাণী

দুগালে বাগৰি যায়               চকুলাে দুধাৰি 

              মাগাে মাথোঁ শেষৰ মেলানি

               যাওঁ বােলা বিদায়ৰ বাণী ৷৷

 

বিষাদ-ডাৱৰে ঢাকে            জীৱন-আকাশ 

               পােহৰৰ লেশ মাথোঁ নাই

এখুজি দুখুজি কৰি              ধীৰে ধীৰে দেহি 

                বাটৰুৱা যায় আগুৱাই 

              পােহৰৰ লেশ মাথোঁ নাই ৷৷

 

আন্ধাৰ-মুন্ধাৰ বাট               নমনি একোকে 

                সন্মুখত স্মৃতিৰ শ্মশান

কতনাে প্ৰেমৰ ছবি              লই গই তাতে 

               তােলে এটি কৰুণ তান

               সমুখত স্মৃতিৰ শ্মশান ৷৷ 


তাৰ মাজেদিয়ে যায়            বাটৰুৱা মােৰ

               সুখ দুখৰ গান শুনি

আশা নিৰাশাৰ ৰেখ              বুকুৰ মাজত 

               আঁকি লই অকলে আপুনি

                সুখৰ দুখৰ গান শুনি ৷৷ 

 

শুকুলা পাখিৰে সৌ               নাওখনি বাই 

                নাৱৰীয়া আছে বাট চাই

উঠিম যেতিয়া মই                 নাৱৰ বুকুত 

                নাও মেলি যাব ভটীয়াই 

                নাৱৰীয়া আছে বাট চাই ৷৷

 

দূৰত গৰজে শুনা                 অনন্ত সাগৰ 

                পর্বত সমান ঢৌ তুলি

বাহু তোলা মৰণৰ                শেষ আলিঙ্গনে 

                চিন-চাব নেৰাখে সমূলি

                পর্বত সমান ঢৌ তুলি ৷৷ 

 

অনাদৰ-অবহেলা                 যত জগতৰ 

               সুখ-দুখ সকলাে পাহৰি

সকলােকে অন্তৰৰ               প্রণাম জনাই 

              নাও মেলি আহিলাে আঁতৰি

              সুখ-দুখ সকলাে পাহৰি ৷৷ 

 

সন্ধিয়াৰ আকাশৰ                সৰু তৰাটিৰ 

              সাদৰৰ শেষ আৱাহন

সেউজীয়া প্ৰকৃতিৰ               কোমল কোলাত 

              খেলা মােৰ সমাপন

               সাদৰৰ শেষ আৱাহন ৷৷ 

 

              নাও মেলি আহিলোঁ আঁতৰি

              অতীতক নেয়াবা পাহৰি ৷৷









Jatindra Nath Duwara All Poems
Aaxha

আশা

                                -যতীন্দ্ৰনাথ দুৱৰা

মােৰ চিৰ জনমৰ              চিৰ চেনেহৰ

                যত অপূৰণ আশা 

হয়তাে কাৰােবাৰ               মধু পৰশত

               পাব কেতিয়াবা ভাষা

দেৱৰ আশিষ                হয়তাে নামিব                   

              ফুলাব শুকোৱা কলি

মাথোঁ মই যাম                কেনিবা আঁতৰি

                 হম ধৰণীৰ ধূলি


    


Jatindra Nath Duwara All Poems
Bishakhor Homuli Binakh

বিশ্বাসৰ সমূলি বিনাশ

                             -যতীন্দ্ৰনাথ দুৱৰা

                       ()

শূন্য মন শূন্য প্রাণ হায় কি কঠোৰ

       এয়েনে কি শ্রেষ্ঠ উপহাৰ?

নেলাগে কিৰণকণা থক নিলগতে

অভাগাৰ জীৱন আন্ধাৰ

ভাবিছিলাে সেইদিনা নতুন পুৱাত

     বসন্তৰ মধুৰ কিৰণ

কুসুম সুবাসে ' প্রাণ ভৰপূৰ

             ধীৰে মৃদু সমীৰণ

কোনে ভাবিছিল হায় লুকাব পােহৰ

ছিগি ' মায়া-মােহ পাশ

অন্তস্থল ভেদি উঠে কৰুণ সুৰেৰে

         বিশ্বাসৰ সমূলি বিনাশ

 

                     ()

চাইছিলাে সেইদিনা পূৰ্ণিমা ৰজনী

             উলাহেৰে আপােন পাহৰি

জোনাক জেউতি যেন নামি ধীৰে ধীৰে

            চেনেহেৰে ললেহি সাদৰি

ভােল 'লাে অভাগাই প্রেম পৰশত

মেলি দিলাে হিয়াৰ দাপােণ

নিজকে বিলাই নিজে লভিলাে তৃপিতি

-জীৱনত প্ৰেমৰ সপােন

সুৰতে মিলাই সুৰ প্রকৃতি দেৱীয়ে

          দিলে আহি মধুৰ আশ্বাস

দিঠকত সপােনৰ ছয়া ময়া খেলা

            বিশ্বাসৰ সমূলি বিনাশ

 

                     ()

তেন্তে কিয় মিছাকৈয়ে মালাধাৰি লই

                 বহি বহি গাঁঠিছো দুনাই?

হেঁপাহেৰে চৰণত যাচোঁতে যেতিয়া

       দেৱতাই দিলে ওভােতাই

ধূপ-ধূনা, ফুল-পাত লেৰেলি শুকাল

              শূন্য মাথোঁ পূজা আয়ােজন

মিছাটে প্রদীপ কিয় মন্দিৰ মাজত

       থক পৰি শূন্য সিংহাসন

এতিয়াও ভাবি আছা পৰাণ মাজত

কোনে যেন তুলিব উচ্ছাস

মিছা আশা হাঁয় কিয় বুজিও নুবুজা

             বিশ্বাসৰ সমূলি বিনাশ

 

                       ()

হেঁপাহেৰে যাক তুমি ধৰিলা সাবটি

কেনিবাদি আঁতৰি লুকাল

চেনেহ সঁজাটি ভাঙি অনন্ত বুকুত

 নতুনৰ উদ্দেশ্য ওলাল

নতুন বতাহ পাই নতুন ৰাজ্যত

পাহৰিলে অতীতৰ কথা

নুদূষিবা কাকো তুমি প্রবােধি মনক

ধৰা এই বাক্যহীন বেথা

শান্ত তাপসৰ দৰে থাঁকিবা এচুকে

          এৰি দিয়া বাসনা বিলাস

ঘৰে ঘৰে কান্দি কান্দি নক'বা দুনাই

           বিশ্বাসৰ সমূলি বিনাশ

 

                    ()

হব পাৰে দুটি এটি নতুন জীৱনে

      পূর্ণ প্রাণ সৰল অন্তৰ

সৌন্দৰ্যৰ ৰূপ-ৰাশি মায়া মৰীচিকা

         দেখি ভাবে সংসাৰ সুন্দৰ

ক্ষন্তেকীয়া ছায়াবাজী তধা লাগি চাই

                লক দেহি ক্ষন্তকীয়া সুখ

তাত তুমি নবজাবা বিষাদৰ সুৰ

                নিদিবা মনত আৰু দুখ

আঁতৰিলে আবৰণ শূন্য লীলা খেলা

               দেখি হব পৰাণ উদাস

আপুনি উঠিব বাজি অন্তৰ মাজত

               বিশ্বাসৰ সমূলি বিনাশ






Jatindra Nath Duwara All Poems
Ananda

আনন্দ

                             -যতীন্দ্ৰনাথ দুৱৰা

গােটেই ৰাতিটো বৰষুণ হৈ 'ল। পুৱা যেতিয়া শুই উঠি গাঁৱৰ মাজেদি ফুৰিবলৈ আহিলাে, তেতিয়া কাৰাে টোপনি ভগা নাছিল

 

গছবোৰ গােটেই ৰাতিটো তিতি এতিয়া লৰচৰ নােহােৱা কৰি থিয় হৈ আছে। পুখুৰীটোৰ পুণিবােৰ এদতীয়া হৈ আঁতৰি যােৱাত মাজত পানীবােৰ ফটফটীয়াকৈ ওলাই পৰিছিল। নতুন পানী পাই মাছবােৰে উলাহতে খলখলাই ফুৰিছিল

 

আকাশৰপৰা ডাৱৰ আঁতৰা নাই, লাহে লাহে বতাহত ধোঁৱাৰ দৰে উৰি উৰি এখন 'লা ঢাকনিৰে আকাশখন ঢাকি পেলালে, চাৰিওফালে নিমাত, নীৰৱ। এতিয়ালৈকে কোনােৱে সাৰ পােৱা নাই। মই মাথোঁ অকলে অকলে ভূতৰ দৰে গৈ আছোঁ


অলপমান দূৰত এজোপা শিমলু গছ নিতাল মাৰি গহীন ভাৱেৰে থিয় হৈ আছে। তলতে এখন মৰিশালি- কিছুমান ভগা কলহ, পােৰা কাঠ, দুডােখৰ এডােখৰ ফটাকানি মাথােন তাত পৰি আছে। সেই মৰিশালিখনৰ এচুকত অলপমান পানী বন্ধ হৈ আছে। তাতে দুটামান ভেকুলীয়ে মনৰ আনন্দেৰে ডিঙি মেলি মাতিবলৈ ধৰিছে। ওচৰৰ বিৰিণা জোপাবিলাকৰ পৰা কিছুমান ফৰিং আৰু কুমটি ইত্যাদিয়ে সুৰ মিলাই সেই গানতে যােগদান দিছেহি

 

চাৰিওফালে বিষাদৰ দিন, বতাহেও যেন বেজাৰতে হুমুনিয়াহ কাঢ়িছেহি, কিন্তু সেই ভেকুলী আৰু পােকবিলাকে এই বিষন্নতাৰ মাজতে কি আনন্দৰ ৰাজ্য পাতিছেহি! সিহঁতৰ কি উলাহ! পৃথিৱীত যেন সিহঁতেই মাথোঁ ৰজা


কথাটো দেখি মােৰা মনত খেলালে, যে আমিও ঠিক তেনেকৈয়ে টোপনিত অৱসন্ন বিষাদময় দুদিনীয়া পৃথিৱীৰ এচুকত সাৰ পাই উঠি মনৰ আনন্দেৰে দুদিনৰ কাৰণে জগতত কোঢ়াল লগাই দিছোঁ- যেন সংসাৰ গােটেইখন আমাৰেই গােটেই পৃথিৱীখনেই যেন আমাৰ ৰাজত্ব আৰু আমি যেন গােটেই পৃথিৱীখনৰে ৰজা








Jatindra Nath Duwara All Poems
Jibon Dan

জীৱনৰ দান 

                         -যতীন্দ্ৰনাথ দুৱৰা

জীৱনে মােৰ কাষলৈ আহি মােক এপাহি ফুল দি 'ল। মই সেই ফুলপাহি সাবটি বুকত থলাে। জীৱনে আকৌ এবাৰ আহি মােক এটি ধুনীয়া মুকুতা দিলেহি! মই তাক সােণেৰে বন্ধাই বুকুত আঁৰি ললোঁ। মােৰ বৰ পিয়াহ লাগিল__ প্রাণ যায় যায় যেন __, জীৱনে মােৰ কাষলৈ আহি এপিয়লা পানী দি '__, তাক মই বৰ হেঁপাহেৰে খাই শেষ কৰিলাে। এইবাৰ জীৱন আহি মােলৈ এটি ধুনীয়া উজ্জ্বল পোহৰ পেলালে! মই এই পােহৰ ধৰিবলৈ যত্ন নকৰি মাথােন কলাে "ধুনীয়া পােহৰ! আৰু ধুনীয়া হৈ দূৰদূৰণিৰ বাট উজলাই দিয়া। তুমি হাতৰ মুঠিৰ মাজত থকা বস্তু নহয়। তােমাৰ কাম দূৰ-সুদূৰৰ বাট উজলাই আগুৱাই লৈ যােৱা__ আগলৈ__ আৰু আগলৈ__জীৱনে মােৰ কাষলৈ আহি মােক এপাহি ফুল দি 'ল। মই সেই ফুলপাহি সাবটি বুকত থলাে। জীৱনে আকৌ এবাৰ আহি মােক এটি ধুনীয়া মুকুতা দিলেহি! মই তাক সােণেৰে বন্ধাই বুকুত আঁৰি ললোঁ। মােৰ বৰ পিয়াহ লাগিল__ প্রাণ যায় যায় যেন __, জীৱনে মােৰ কাষলৈ আহি এপিয়লা পানী দি '__, তাক মই বৰ হেঁপাহেৰে খাই শেষ কৰিলাে। এইবাৰ জীৱন আহি মােলৈ এটি ধুনীয়া উজ্জ্বল পোহৰ পেলালে! মই এই পােহৰ ধৰিবলৈ যত্ন নকৰি মাথােন কলাে "ধুনীয়া পােহৰ! আৰু ধুনীয়া হৈ দূৰদূৰণিৰ বাট উজলাই দিয়া। তুমি হাতৰ মুঠিৰ মাজত থকা বস্তু নহয়। তােমাৰ কাম দূৰ-সুদূৰৰ বাট উজলাই আগুৱাই লৈ যােৱা__ আগলৈ__ আৰু আগলৈ__









Jatindra Nath Duwara All Poems
Kune muk Dihi bujai

কোনে মােক দিহি বুজাই 

                                -যতীন্দ্ৰনাথ দুৱৰা

                         ()

সাগৰৰ সিপাৰৰ সােণােৱালী ৰেখা

                   লাহে লাহে জিলিকি পৰিছে;

অলেখ বাসনা কত প্ৰাণৰ মাজত

                    ধীৰে ধীৰে ভূমুকি মাৰিছে 

 

                          ()

অথিৰ অধীৰ হিয়া চাই হেঁপাহেৰে

                   কিনাে আছে ভবিষ্যৎ পটত

আশাৰ প্ৰতিমাখনি অন্ধ আবৰণে

                    কিয় হায় ৰাখে গুপূতত?

 

                           ()

আঁঠু কাঢ়ি সৰগক সুধিলোঁ কাতৰ

                     কিয় প্রভু এনুৱা বিধান?

অসীম ৰহস্যময় সৃষ্টিৰ কৌশল

                   --পালাে মাথোঁ এয়ে সমিধান

 

                              ()

তেন্তে কিয় ভবিষ্যত আশা কৰি নৰে

                       সুখে-দুখে পাতিছে সংসাৰ?

নতুন উছাহে কিয় ধীৰে আগুৱাই

                        সমুখত দেখিও আন্ধাৰ?

 

                           ()

বুজিও নুবুজি কিয় অবুজ মানৱে

                        আশাতেই আছে ভােল গৈ?

নুপূৰিলে আশা আজি ভাবিছে দুনাই

                         কালিলই পূৰিব নিশ্চয়

 

                          ()

এইদৰে কত কালি আজিও পৰিছে

                         সহে কত আশাৰ ছলনা;

তথাপি উঠিছে কিয় জগত মাজত

                         নিতে নিতে নতুন কল্পনা?

 

                         ()

সকলাে ৰহস্যময় আন্ধাৰ বুকুত,

                         জানিবৰ নেদেখাে উপায়

অদ্ভুত বিধিৰ লীলা নােৱাৰি ধৰিব

                       -কোনে মােক দিবহি বুজাই?







Jatindra Nath Duwara All Poems
Omoror Aakhep

ওমৰৰ আক্ষেপ 

                        -যতীন্দ্ৰনাথ দুৱৰা

সােণালী বথত আলােকি বিমান

             মাৰিলে সূৰুযে সােণৰ কাঁড়

পলাল আন্ধাৰ- হৰিণীয়ে যেনে

              হয় নিমিষতে চকুৰ আঁৰ

 ৰাজ-কাৰেঙক চুমিছে পােহৰে

              উঠিছে  মংগল প্রভাতী গান,

জীৱন্ত জগত উঠাঁ উঠাঁ হেৰাঁ

              এতিযাও কিয় নির্জীৱ প্রাণ

 

' আজি সেই এৰেম ফুলনি

             হাজাৰ গােলাপ ফুলিলে যত,

জাম্- চৈয়দৰ সাত বৰণীয়া

              ভূৱন বিজয়ী পিয়লা কত?

এতিয়াও আছে আঙুৰৰ বন

              ঢালে এতিয়াও ৰাঙলী ধাৰা,

আছে তটিনীৰ কুলুকুলু গান

              —নাই সেই প্রাণ উলাহ ভৰা

 

আজি বসন্তৰ মধুৰ পৱন

              বইছে ধীৰেৰে জুৰাই প্রাণ,

ঢালা ইয়াতেই অনুতাপ ৰাশি

              জাৰৰ কুঁৱলি বিষাদ গান

পিয়লাটি মােৰ ধৰাহি মুখত

              আহা প্রাণ সখা সময় নাই,

পাখি মেলি সৌ জীৱন-পখীটি

অনন্তৰ পিনে উৰি যে যায়

 

সৌ যে দেখিছা দূৰ দূৰণিৰ

             মৰুৰ দাঁতিত এখনি পাম,

সেউজীয়া গছ লতাই বেৰিছে

             সেয়ে মােৰ চিৰ পৱিত্র ধাম

ৰজা প্রজা তাত সকলাে সমান

               নাই বাদ্চাৰ গজনী পূৰ,

তাতে বহি আমি আকাশ তলত

               নীল অসীমত মিলাম সুৰ

 

সেই নিৰলাত থাকিম নিজানে

               কাষত তােমাৰ মধুৰ গান,

ৰুটি এটুকুৰা সুৰাৰ পিয়লা

               কবিতা কুঁৱৰী আকুল প্রাণ

সি সুৰ পুৰীৰ এয়েই সপােন

               এয়ে হৃদয়ৰ বাসনা মােৰ,

মৰুৰ মাজত নামিব সৰগ

               --জীৱন যাতনা পৰিব ওৰ

 

ধৰা প্রিয়তম প্রাণৰ পিয়লা

                জীৱন মদিৰা ভৰাই দিয়া,

অতীত ভবিষ্য শােক দুখ ভয়

                আজিৰ ভাবনা উটাই নিয়া

আজিয়েই দিয়া কালিলৈ কিয়

                কোনে জানে মােৰ কালি কি ?

হাজাৰ হাজাৰ বছৰ বিয়পা

                হয়তাে অতীতে সামৰি

 

কোনােবা বলিয়া সুখ সুখ কৰি

               এই পৃথিৱীকে সাবটি ধৰি,

কোনােৱে ভাবিছে মৰণৰ পাছে

               পাম সঁচাকৈয়ে সুখৰ পুৰী

তহঁতৰ সুখ নাই তো হে

               নিঠুৰ মৰণে চিয়ৰি কয়,

মূৰ্খ তহঁত অলীক ভাবনা

               ভাবি কৰ কিয় জীৱন ক্ষয়?

 

যুৰি দুই কৰ সৰগ ধিয়াই

              সুধিলোঁ কাতৰে জীৱন-স্বামী,

কোন পােহৰত যাওঁ আগবাঢ়ি

                তিমিৰ পথৰ যাত্ৰী আমি

গজিলে সৰগে গহীন সুৰেৰে

                “নাই নাই তাে আলােক পথ,

অন্ধ নিয়তিৰ অন্ধ বিশ্বসত

                চলে মানৱৰ জীৱন-ৰথ।

 

ফুৰোঁতে সিদিনা সন্ধিয়া পৰত

               গই পালােগৈ কুমাৰ গাঁও,

দুহাতে কুমাৰে সানিলে বােকা

               কেনেকৈ মাটি খচিছে চাওঁ

নিকৰুণভাৱে খচোঁতে খচোঁতে

               মাটিৰ মুখত ওলাল মাত,

কয় কাতৰেৰে লাহে লাহে হেৰা,

               আৰু কত দিয়া আঘাত গাত

 

যুগে যুগে এই একেটি কাহিনী

               ঠিক এনেদৰে আহিছে বই,

যিদিনা সৃষ্টিৰ প্রথম পুৱাতে

               বিধাতাই মাটি হাতেৰে লই

 

পেলালে চাকত গঢ়িলে মানুহ

               কত ৰকমৰ যতন কৰি,

উঠিলে সিদিনা প্রকৃতি বুকুত

               বিষাদৰ সুৰ বসুধা জুৰি

 




Comments

Popular posts from this blog

অসমীয়া জতুৱা ঠাচ আৰু খণ্ডবাক্যৰে বাক্য ৰচনা কৰা |অসমীয়া ব্যাকৰণ | Make sentence Assamese proverbs

700+ এটা শব্দত প্ৰকাশ কৰা | অসমীয়া ব্যাকৰণ | one-word substitutions in Assamese

ইংৰাজী ব্যাকৰণৰ "Preposition" কি আৰু "Preposition"ৰ বিভিন্ন প্ৰকাৰসমূহ অসমীয়াত