All About Mitradev Mahanta And Mitradev Mahanta All Poems Collection || Assamese Medium
All About Mitradev Mahanta And Mitradev Mahanta All Poems Collection
মিত্রদেৱ মহন্ত
Mitradev Mahanta All Poems List:
- আমি অসমীয়া ল'ৰা
- শিশু আৰু বসন্ত
- শুলে ভনী শুলে
![]() |
Ami Akhomiya Lora |
আমি অসমীয়া ল'ৰা
-মিত্রদেৱ মহন্ত
আমি অসমীয়া ল'ৰা,
হালো বাওঁ, কোৰো মাৰোঁ
কৰোঁ লেখা পঢ়া॥
আমি অসমীয়া ল'ৰা,
সূতাও কাটো, তাতো বওঁ
জানো সজা পৰা॥
আমি অসমীয়া ল'ৰা,
ভয়ো নাই, ভ্ৰান্তিও নাই
নহওঁ পৰি মৰা
আমি অসমীয়া ল'ৰা।
ন্যায়ো ৰাখোঁ, দেশো ৰাখোঁ
সাহে বুকু ভৰা॥
![]() |
Hikhu Aru Basanta |
শিশু আৰু বসন্ত
অ' বসন্ত, অ' বসন্ত
কোঁচত সেয়া কি?
ৰঙা নীলা ফুলৰ মাল
লৈ আহিছোঁ সী।
পিন্ধাই দেচোন লতাৰ খোপাত,
কুঁহিপাতৰ কোমল থোপাত
চাওঁ আমি চকু ভৰি ৰূপহ ছবিটি॥
অ' বসন্ত, অ' বসন্ত
সজাত সেয়া কি?
মিঠা মাতৰ মৌ সৰোৱা
কুলি কেতেকী।
এৰি দেচোন গছৰ ডালত
ঠেও ধৰি নাচক তালত
আমিও নাচোঁ ছেৱে ছেৱে হাত চাপৰি দি॥
![]() |
Hule Bhoni Hule |
শুলে ভনী শুলে
আমাৰ ভনী শুলে শুলে
জগত নিজান জান।
ৰুণ নিদিবি বাহৰ পাৰৈ
মৌ, নেগাবি গান॥
অ' মাখি তই পাখি জপা
ভনীয়ে পাব সাৰ।
ডেও নিদিবি ঘনচিৰিকা
নেপাই ৰঙৰ পাৰ॥
শুন ভোমোৰা গুণগুণনি
ওঁঠৰ তলত থৈ।
গা মাৰি যা ভনীৰ কাষে
পকা ধান যেন হৈ॥
অ' পখিলী কাচনমতী
সাজ সামৰি যা।
ন সিংখাপৰ তোৰ মেখেলি
খম্ খমাব না॥
পুলি তামোলৰ মাণিক নসৰ
টুপুৰ্ টুপুৰ্ কৈ।
টিক্ টিক্ টিক্ নেমাত জেঠী
কথাত শলাগ লৈ॥
হাতত নিজম পদুম কলি
ভাগৰত জঞ্জৰিত।
মুখত নিজম ভনীৰ বীণৰ
মৌ নমোৱা গীত॥
ভৰিত নিজম ভৰিৰ নাচন
চিতত নিজম মন।
ধাই আহে যায় চায় হঁহুৱাই
সোণ পুতলীকণ॥
Comments
Post a Comment