ইংৰাজী ব্যাকৰণৰ "Noun (বিশেষ্য)" কি আৰু "Noun (বিশেষ্য)"ৰ বিভিন্ন প্ৰকাৰসমূহ অসমীয়াত
English Grammar Noun and Different Types of Noun In Assamese
![]() |
Noun |
What Is Noun ? What Is the Defination of Noun?
যি word ৰ দ্বাৰা কোনো বস্তুৰ নাম প্ৰকাশ কৰা হয় তাক noun (বিশেষ্য) বোলে।আমাৰ চাৰিওফালে দেখিবলৈ পোৱা সকলো বস্তুৰ নামকেই noun বোলে।Noun ৰ দ্বাৰা কোনো ব্যক্তি, বস্তু, প্রাণী, স্থান, ঘটনা ইত্যাদিৰ নাম বুজায়।
(Noun refers to any kind of name. Means, whatever we are seeing and watching around us is noun. Nouns are used to name persons, things, animals, events, places, ideas etc.)
উদাহৰণ (Example):
- Raju does not like to go to school.
এই বাক্যত Raju এজন ব্যক্তিৰ নাম।
- India is a democratic country.
- ইয়াত India এখন দেশৰ নাম।
- Diamond is very valuable.
- Diamond এট বস্তুৰ নাম।
একেদৰেঃ
- Akbar was a great king.
এই বাক্যত Akbar, king হৈছে একোটা নাম। গতিকে ইহঁত হৈছে একোটা Noun.
- Tezpur is a beautiful town.
এই বাক্যত Tezpur, town হৈছে একোটা নাম। গতিকে ইহঁত হৈছে একোটা Noun.
- The cow gives us milk.
এই বাক্যত Cow, milk হৈছে একোটা নাম। গতিকে ইহঁত হৈছে একোটা Noun.
Noun এনে ধৰণৰ হ'ব পাৰেঃ (Noun can be a/an- )
ব্যক্তি (এগৰাকী ব্যক্তিৰ নাম): ৰাম, ৰহিম, মণি, আইমণি, জন, ইত্যাদি।
Person: a name for a person: Ram, Rahim, Moni, Aymoni, John, etc.
জন্তু (এটা জন্তুৰ নাম): কুকুৰ, মেকুৰী, গৰু, কেংগাৰু, ইত্যাদি।
Animal: a name for an animal: dog, cat, cow, kangaroo, etc.
ঠাই (এখন ঠাইৰ নাম): মঙ্গলদৈ, গুৱাহাটী, ওদালগুৰি, দিল্লী, লণ্ডন, ইত্যাদি।
Place: a name for a place: Mangaldai, Guwahati, Udalguri, Delhi, London, etc
বস্তু (এটা বস্তুৰ নাম): বেট, বল, চকী, দোৱাৰ, ঘৰ, কম্পিউটাৰ, ইত্যাদি।
Thing: a name for a thing: bat, ball, chair, door, house, computer, etc.
ধাৰণা, ভাব, কল্পনা (এটা ধাৰণা): ভক্তি, কু-সংস্কাৰ, সুখ, উত্তেজনা, ইত্যাদি ।
Idea: A name for an idea: - devotion, superstition, happiness, excitement, etc.
Noun ক পাঁচটা শ্ৰেণীত শ্রেণীবদ্ধ কৰা হয়। সেইবোৰ হৈছেঃ (Nouns are classified into five types. These are:)
- Proper Noun (নাম বাচক বিশেষ্য)
- Common Noun (জাতিবাচক বিশেষ্য)
- Collective Noun (সমষ্টিবাচক বিশেষ্য)
- Material Noun (বস্তুবাচক বিশেষ্য)
- Abstract Noun (গুণবাচক বিশেষ্য)
Proper Noun (নাম বাচক বিশেষ্য):
যি Noun ৰ দ্বাৰা কোনো নির্দিষ্ট ব্যক্তি, বস্তু বা স্থানৰ নাম বুজায় তাকে Proper Noun বোলে।
যেনেঃ Rajib, Guwahati, Aymoni ইত্যাদি।
(A proper noun refers to specific names of persons, things, places, etc. and always start with a capital letter.)
তলৰ বাক্যকেইটা লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে,
• Asoka was a wise king.
(Asoka নির্দিষ্ট এজন ব্যক্তিৰ নাম বুজাইছে।)
• We planned to visit Guwahati.
(Guwahati নির্দিষ্ট এখন ঠাইৰ নাম বুজাইছে।)
• Taj Mahal is one of the famous historical monuments in India.
(Tajmahal এটি স্থাপনাৰ নাম বুজাইছে।)
Common Noun (জাতিবাচক বিশেষ্য):
যি Noun ৰ দ্বাৰা একেধৰণৰ জাতীয় কোনো ব্যক্তি, বস্তু বা প্ৰাণীক নিৰ্দিষ্ট কৈ বুজোৱাৰ সলনি সেই জাতীৰ সকলোকে একেলগে বুজায় তাকেই Common Noun বোলে।
যেনেঃ Student, Book, Dog Flower etc.
(A common noun refers to specific generic names of persons, places, things, etc. It is the opposite of Proper Noun.)
তলৰ বাক্যকেইটা লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে,
• Amrit is a student.
(বাক্যটোত Student ৰ দ্বাৰা সকলো ছাত্র-ছাত্রীকেই বুজোৱা হৈছে। নির্দিষ্ট কোনো ছাত্র নাইবা ছাত্রীক পৃথকে কচ বুজোৱা হোৱা নাই।)
•Trees are good for the environment
(বাক্যটোত Trees ৰ দ্বাৰা সকলো জাতীয় গছক বুজোৱা হৈছে। সেইটো যিকোনো জাতিৰ নাইবা ধৰণৰ বা ৰঙৰ হ'ব পাৰে। সি যিকোনো দেশৰ যিকোনো গছ হ'ব পাৰে।)
•I love flower.
(বাক্যটোত flower ৰ দ্বাৰা সকলো ধৰণৰ ফুলকেই বুজোৱা হৈছে। এইটো যি কোনো জাতিৰ বা ধৰণৰ ফুল হ'ব পাৰে। হ'ব পাৰে সেইটো গোলাপ নাইবা জবা, কপৌ নাইবা ৰজনীগন্ধা। ই যিকোনো ফুল হ'ব পাৰে।)
Collective Noun (সমষ্টিবাচক বিশেষ্য):
Collective Noun ৰ দ্বাৰা কোনো ব্যক্তি, বস্তু বা প্ৰাণীৰ সমষ্টিক বুজায়।
যেনেঃ Club, Army, Class, Family, etc.
(Collective Noun, in English Grammar, refers to a group of things, persons or animals.)
তলৰ বাক্যকেইটা লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে,
• Our class took a trip to Kaziranga.
(বাক্যটোত class ৰ দ্বাৰা মানুহৰ সমষ্টি বুজাইছে।
• Indian Army is doing a great job in UN mission.
(বাক্যটোত Army ৰ দ্বাৰা মানুহৰ সমষ্টি বুজাইছে।
• Each team contains eleven players.
(বাক্যটোত team ৰ দ্বাৰা ব্যক্তিৰ সমষ্টি বুজাইছে।
Material Noun (বস্তুবাচক বিশেষ্য):
যি Noun ৰ দ্বাৰা ওজন আছে কিন্তু গণনা কৰিব পৰা নাযায় এনেকুৱা কিবা বস্তুৰ নাম বুজায় তাকেই Material Noun বোলে।
যেনেঃ Gold, Glass, Salt, Iron, Silver, Cloth, Clay, Wool, Milk, Air, Oil etc.
(Material Noun is an uncountable noun. It's substance or material that we can see and touch but can't count.)
তলৰ বাক্যকেইটা লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে,
- This bottle is made of glass.
- I drink milk daily in the night.
- Cotton dresses are very cheap and comfortable.
- We may attain salt from sea-water.
- My mom purchased a gold ring for me.
ওপৰত উল্লেখ কৰা শব্দবোৰ হৈছে uncountable, গতিকে ই Material Noun বুজাইছে।
Abstract Noun (গুণবাচক বিশেষ্য):
যি Noun ৰ দ্বাৰা কোও ব্যক্তি নাইবা বস্তুৰ গুণ, কামৰ নাম বা অৱস্থা প্ৰকাশ কৰা হয় তাকে Abstract Noun বোলে।
যেনেঃ Liberty, Goodness, Kindness, Anger, Freedom, Faith, Love, Happiness, Beauty,
(Abstract nouns express ideas, feelings, realizations, and qualities that we can't see, touch, hear, taste or smell. We can understand and imagine it but can't even see. It's a feeling, not a physical thing.)
তলৰ বাক্যকেইটা লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে,
- I have great faith in you.
- My love for you cannot be measured.
- His kindness is his real beauty.
- I have no belief in magic.
- Her beauty makes me crazy.
- Do we have some freedom of choice?
Comments
Post a Comment